নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদুলি-মুদুলি পৰিবেশত বৰহোলা গ্ৰন্থমেলা আৰম্ভঃ গ্ৰন্থপ্ৰেমীৰ ভিৰ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্ৰুৱাৰী : ঠেঙাল কছাৰী পৰিষদৰ নিৰ্বাচন কেন্দ্ৰীক জল্পনা-কল্পনা অব্যাহত থকাৰ মাজতে তিতাবৰ মহকুমাৰ অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চল বৰহোলাত আৰম্ভ হৈছে গ্ৰন্থ বিপ্লৱ। বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ উদ্যোগত আৰু বৰহোলা মহাবিদ্যালয়ৰ পুথিভঁৰালৰ সহযোগত ত্ৰয়োদশ বৰ্ষৰ বাবে আয়োজিত এই গ্ৰন্থমেলাখনে বিগত বাৰ বছৰে অঞ্চলটোত এক গ্ৰন্থ বিপ্লৱৰ সূচনা কৰি আহিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাখনো বিপণী আৰু প্ৰকাশন প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰা গ্ৰন্থমেলাৰ আজি প্ৰথম দিনটোত স্থানীয় যথেষ্ট সংখ্যক গ্ৰন্থপ্ৰেমীৰ অংশগ্ৰহণেৰে উদুলি-মুদুলি পৰিবেশ সৃষ্টি হৈছে।

ক’ভিডৰ ভয়-শংকা বৰ্তমানেও ৰাইজৰ মনত পৰা সম্পূৰ্ণৰূপে আঁতৰি যোৱা নাই যদিও গ্ৰন্থমেলাত গ্ৰন্থপ্ৰেমীৰ ভিৰে উদ্যোগতাসকলক যথেষ্ট উৎসাহিত কৰি তুলিছে বুলি জানিব পৰা গৈছে। ৰাজ্যৰ এনে পৰিস্থিতিত বৰ্তমান অসমীয়া গ্ৰন্থৰ বজাৰ বৰ ভাল বুলিব নোৱাৰি যদিও বৰহোলা গ্ৰন্থমেলাই অঞ্চলটোৰ সকলো শ্ৰেণীৰ লোকৰ মাজত অধ্যয়নৰ প্ৰতি ধাউতি বৃদ্ধি কৰা বুলি সচেতন ৰাইজে মত প্ৰকাশ কৰিছে। গ্ৰন্থমেলাৰ প্ৰথম দিনটোত পুৱা বৃহত্তৰ অসমীয়া যুৱ মঞ্চ বৰহোলা আঞ্চলিকৰ সভাপতি দেৱজিৎ পাঠক আৰু উদযাপন সমিতিৰ সভাপতি বুধীন্দ্ৰ নাথ হাজৰিকাৰ পতাকা উত্তোলন, মঞ্চৰ বৰহোলা আঞ্চলিক সমিতিৰ সচিব প্ৰধান বিকাশ গগৈৰ স্মৃতি তৰ্পন, বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ চক্ৰেন শইকীয়া, বৰহোলা মহাবিদ্যালয়ৰ উপাধ্যক্ষা বৰ্ণালী কলিতা, যুৱ সাংবাদিক অজয় শইকীয়াৰ বৃক্ষ ৰোপনেৰে কাৰ্যসূচী শুভাৰম্ভ হয়।

পুৱাতে ত্ৰয়োদশ বৰ্ষ বৰহোলা গ্ৰন্থমেলাৰ দ্বাৰ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা শিক্ষক বুধীন্দ্ৰ নাথ হাজৰিকাই। দুপৰীয়া বৰহোলা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° বীৰেণ দত্তই গ্ৰন্থমেলাৰ মঞ্চ উদ্বোধন কৰাৰ লগে লগে কেইবাটাও শাখাত লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়। বিভিন্ন প্ৰান্তৰ অৰ্ধশতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা লোকগীত প্ৰতিযোগিতাৰ কাৰ্যসূচীৰেই বৰহোলা গ্ৰন্থমেলাৰ আজি প্ৰথম দিনটো সামৰণি পৰে। উদযাপন সমিতিৰ বিষয়ববীয়া তথা বৰহোলা মহাবিদ্যালয়ৰ প্ৰৱক্তা অমল সোণোৱাল আৰু সচেতন যুৱকৰ্মী বিজয় হাজৰিকাই জানিবলৈ দিয়া মতে ২০ জানুৱাৰীত আছে নেওঁতা গোৱা, সাধু কোৱা, বিয়ানাম প্ৰতিযোগিতা। ২১ জানুৱাৰীত বৰহোলা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ব্যৱস্থাপনাত হাতৰ আখৰ, শ্ৰুতলিপি, ছবিত ৰং কৰা আৰু সদৌ অসম ভিত্তিত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ২২ জানুৱাৰীত আছে সদৌ অসম ভিত্তিত দিহানাম প্ৰতিযোগিতা। ২৩ জানুৱাৰীত আছে বিষ্ণু সংগীত, পাৰ্বতী সংগীত, ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা। ২৪ জানুৱাৰীত বৰহোলা মহাবিদ্যালয়ৰ বিচিত্ৰ সাংস্কৃতিক অনুষ্ঠান আৰু দুপৰীয়া বঁটা বিতৰণী সভা অনুষ্ঠিত হ’ব। সন্ধিয়ালৈ আছে বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান।

উল্লেখ্য যে গ্ৰন্থমেলাৰ লগত সংগতি ৰাখি ‘দলং’ নামৰ এখন স্মৃতিগ্ৰন্থ আৰু বহুকেইজন লেখকৰ কেইবাখনো গ্ৰন্থ উন্মোচন কৰা হ’ব বুলি জানিব পৰা গৈছে। আটাইকেইটা দিনত সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোগতা সকলে।

প্ৰতিবেদক : অজয় শইকীয়া, নগাবাট

You might also like