আঞ্চলিক নাওহলীয়াত ২ গাঞ্জা বেপাৰী গ্ৰেপ্তাৰ; ৰঙাঘৰলৈ প্ৰেৰণ By নিয়মীয়া বাৰ্তা On Jun 21, 2020 Share নিয়মীয়া বাৰ্তা, ২১ জুনঃ দুলীয়াজান আৰক্ষী থানাৰ অন্তগৰ্ত নাওহলীয়া আৰক্ষী চকীৰ এলেকাধীন ১ নং বৰপথাৰ গাঁৱৰ দুজন গাঞ্জা ব্যৱসায়ীক আজি নিশা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । জানিব পৰামতে অঞ্চলটোৰ হেম গগৈ নামৰ ব্যক্তিজনে দীৰ্ঘদিন ধৰি নিজ গৃহৰ পৰাই এই নিচাসক্ত দ্ৰব্যৰ ব্যৱসায় চলাই আহিছিল । এই ব্যৱসায়ত তেখেতৰ পুত্ৰ জান গগৈ নামৰ যুৱকজনো জড়িত আছিল বুলি জানিব পৰা গৈছে । ইয়াৰ কাৰণতেই লোকজনৰ ঘৰলৈ কাষৰীয়া বিভিন্ন স্থানৰ কিশোৰ-যুৱকৰ অবাধ আহ-যাহ চলিছিল বুলি অভিযোগ উঠিছে । দীৰ্ঘদিন ধৰি অঞ্চলটোত চলি অহা এনেধৰণৰ নিচাসক্ত দ্ৰব্যৰ ব্যৱসায়ৰ ফলত অঞ্চলটোত সামাজিক তথা শৈক্ষিক পৰিৱেশৰ বিনষ্ট ঘটাত আজি স্হানীয় সচেতন ৰাইজ ক্ষোভিত হৈ আৰক্ষীৰ কাষ চাপে । ৰাইজৰ সহযোগত দুলীয়াজান আৰু নাওহলীয়া আৰক্ষীয়ে যৌথ অভিযান চলাই ঘৰৰ পৰাই হাতে-লোটে আটক কৰে দুই পিতা-পুত্ৰ গাঞ্জা বেপাৰীক আৰু জব্দ কৰিছে প্ৰায় ডেৰ কেজি পৰিমাণৰ গাঞ্জা । Share