আগিয়াত আৰক্ষীৰ জালত মেঘালয়–মণিপুৰৰ ২ কুখ্যাত অপৰাধী
নিয়মীয়া বাৰ্তা, ১৯ জুনঃ গোৱালপাৰাৰ আগিয়াত জালত পৰিল দুই কুখ্যাত স্মাগলাৰ৷ বৃহৎ পৰিকল্পনাৰে যোৱানিশা গোৱালপাৰাৰ লক্ষীপুৰ অভিমুখে গৈ থাকোঁতে গোৱালপাৰা আৰক্ষীৰ জালত পৰিল কুখ্যাত অপৰাধী বিক্রমাদিত্য ৰহন দাস আৰু হামিদ আলী৷
কুখ্যাত অপৰাধী দুজনৰ জিম্মাৰ পৰা অভিযানকাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে এটা ৰিভলভাৰ, সক্রিয় গুলী ২৩জাঁই, চেতনানাশক ঔষধ আৰু নগা দা এখন৷ বিক্রমাদিত্য ৰহন দাসৰ ঘৰ মেঘালয়ৰ শ্বিলঙত আৰু হামিদ আলীৰ ঘৰ মণিপুৰত৷ দুয়ো এম এল–০৫–৩৪৯০ নম্বৰৰ ইয়ন বাহনেৰে আগিয়াৰ পৰা লক্ষীপুৰ অভিমুখে গৈ থাকোঁতে ডেউলীত গোৱালপাৰা আৰক্ষীয়ে অভিযান চলাই নিশা গ্রেপ্তাৰ কৰে৷
উল্লেখ্য, বিক্রমাদিত্য ৰহন দাস ৰাছিয়াত এমবিবিএছ অধ্যয়ন কৰি থাকোঁতে ৰাছিয়ান যুৱতীৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ তেওঁৰ গুৱাহাটীত এটা ফ্লেট থকা বুলিও প্রকাশ৷ এই দুগৰাকী কুখ্যাত অপৰাধীয়ে ডকাইতি, অপহৰণৰ লগতে মাৰণাস্ত্র–ড্রাগছৰ ব্যৱসায় কৰে৷ এই ঘটনা সন্দর্ভত আৰক্ষীয়ে চলাই আছে মাৰাথন জেৰা৷ তেওঁলোকৰ বিৰুদ্ধে আগিয়া থানাত ৬৪/২০২০ নম্বৰৰ ৩৮৪/৫১১/৩৪ আইপিচি ধাৰাত ৰুজু কৰা হৈছে এটা গোচৰ৷