নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মানকাচৰত দুই ফৈদৰ সংঘর্ষত নিহত যুৱক, গ্রেপ্তাৰ ২

নিয়মীয়া বাৰ্তা, ২৩ আগষ্ট: দক্ষিণ শালমাৰা–মানকাচৰ জিলাৰ মানকাচৰ থানা এলেকাৰ অসম–মেঘালয় সীমান্তৱর্তী তেলধালাত শনিবাৰে নিশা এগৰাকী যুৱতীক ফোন কৰাক লৈ দুটা ফৈদৰ মাজত সংঘটিত মাৰপিটৰ ঘটনাত এজন যুৱক নিহত হোৱাৰ লগতে আন কেইবাজনো লোক আহত হয়৷ ঘটনাক কেন্দ্র কৰি দেওবাৰে পুৱাৰ ভাগত অগ্ণিসংযোগ কৰাত আনটো ফৈদৰ তিনিটা ঘৰ সম্পূর্ণৰূপে ভস্মীভূত হয়৷

জানিব পৰা মতে, তেলধালা গাঁৱৰ মতলেব আলীৰ কন্যা এগৰাকীক গাঁওখনৰে মক্রম আলী নামৰ লোকজনৰ জেজাৱায়েক তৈয়ব আলীয়ে ম’বাইলত ফোন কৰাক লৈ দুই ফৈদৰ মাজত কাজিয়াৰ সূত্রপাত ঘটে৷ বিষয়টোক লৈ শনিবাৰে নিশা প্রায় ৮ বজাত স্থানীয় গাঁওবাসীৰ সহযোগত মীমাংসাৰ বাবে গাঁওসভা অনুষ্ঠিত হয়৷ কিন্তু এই গাঁওসভাত দুয়োটা ফৈদৰ মাজত কথাৰ কটাকটি হৈ প্রচণ্ড মাৰপিট আৰম্ভ হ’বলৈ ধৰে৷ পৰিস্থিত নিয়ন্ত্রণহীন হৈ পৰাত গাঁওসভাখন ভাঙি দিয়া হয় যদিও পৰিয়াল দুটাৰ দুই ফৈদৰ মাজত ভয়ংকৰ সংঘর্ষ সংঘটিত হয়৷ এই মাৰপিটৰ ঘটনাৰ ফলত মতলেব আলীৰ পুত্র তথা যুৱতীগৰাকীৰ ভাতৃ আখিৰুল ইছলামক (২১)সহ কেইবাজনো লোক আহত হয়৷ ইয়াৰে আখিৰুল ইছলামৰ অৱস্থা সংকটজনক হোৱা বাবে তেওঁক মানকাচৰ সমূহীয়া স্বাস্থ্যকেন্দ্রত ভর্তি কৰোৱা হয় যদিও চিকিৎসকে উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্রেৰণ কৰে৷

কিন্তু আধা বাটতে আখিৰুল ইছলাম মৃত্যুমুখত পৰে৷ ইতিমধ্যে নিহত যুৱকজনৰ মৃতদেহ মানকাচৰ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰীলৈ প্রেৰণৰ ব্যৱস্থা হাতত লৈছে৷

ইফালে এই ঘটনাক কেন্দ্র কৰি দেওবাৰে পুৱাৰ ভাগত গাঁওখনত পৰিস্থিতি উত্তপ্ত হৈ পৰে৷ ইতিমধ্যে মক্রম আলী, তেওঁৰ জোঁৱায়েক তৈয়ব আলীসহ এই ফৈদৰ সকলো সদস্য ঘৰ–দুৱাৰ এৰি পলায়ন কৰে৷ এই সুযোগ গ্রহণ কৰি দুষ্কৃতিকাৰী দল এটাই মক্রম আলীৰ ঘৰত অগ্নি সংযোগ কৰে৷ মক্রম আলীৰ তিনিটা ঘৰ সম্পূর্ণৰূপে ভস্মীভূত হৈ কেইবালক্ষ টকাৰ বিস্তৰ ক্ষতি হয়৷

মন কৰিবলগীয়া বিষয় এয়া যে এই ঘটনাক লৈ গাঁওখনত বর্তমানে চেপা উত্তেজনাই বিৰাজ কৰিছে৷ দেওবাৰে পুৱা প্রায় ৭.৩০ বজাত মানকাচৰৰ কালাপানী আৰক্ষী চকীৰ দল এটা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ তদন্ত আৰম্ভ কৰে৷ এই সংক্রান্তত আৰক্ষীয়ে এতিয়ালৈ কোনো লোকক কৰায়ত্ত কৰা নাই যদিও এগৰকী যুৱতীক ফোন কৰাক লৈ প্রচণ্ড মাৰপিটৰ ঘটনাত এজন যুৱকে প্রাণ হেৰুওৱা ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পৰিছে৷ এই ভয়ংকৰ কাণ্ড সন্দর্ভত মানকাচৰ আৰক্ষীয়ে এটা ফৈদৰ দুজন লোকক আটক কৰি জেৰাৰ অন্তত গ্রেপ্তাৰ কৰিছে৷ ধৃত লোক দুজনক ইছমাইল শ্বেখৰ পুত্র মকৰম আলী আৰু হাজিপাৰা গাঁৱৰ মাককু শ্বেখৰ পুত্র আব্দুৰ ৰাছিদ বুলি চিনাক্ত কৰা হৈছে৷ মকৰম আলী এই ঘটনাৰ মূল অভিযুক্ত৷ ইতিমধ্যে মানকাচৰ আৰক্ষীয়ে দুয়োকে গ্রেপ্তাৰ কৰি হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতলৈ প্রেৰণ কৰাত আদালতে দুয়োক ধুবুৰী জে’ললৈ প্রেৰণ কৰিছে৷

You might also like