নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুৰ্গা পূজা : হোলোংহাবি চাহ বাগিচাৰ ২০% বোনাছ ঘোষণা

নিয়মীয়া বাৰ্তা, ৩১ আগষ্টঃ শাৰদীয় দূৰ্গাপূজালৈ এতিয়াও প্ৰায় দুটা মাহে বাকী থকা অৱস্থাত তিনিচুকীয়া জিলাৰ এখন চাহ বাগিচাই শ্ৰমিকৰ বাবে বিশ শতাংশ পূজাৰ বোনাছ ঘোষণা কৰি অসমৰ ভিতৰতে বোনাছ ঘোষণাত প্ৰথম খন চাহ বাগিচা ৰূপে স্থান লাভ কৰে। যোৱা ২৫ আগষ্টত অসম চাহ মজদুৰ সংঘৰ মাৰ্ঘেৰিটা শাখাৰ অন্তৰ্গত ডিগৱৈস্থিত হোলোংহাবি চাহ বাগিচাই সংঘৰ কাৰ্যালয়ত ২০ শতাংশ পূজাৰ বোনাচ দিয়া হ’ব বুলি চুক্তি স্বাক্ষৰ কৰে। সংঘৰ মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হৰিনন্দ গড়ৰ উপস্থিতিত ডিব্ৰুগড় নিৱাসী ৰঞ্জিত বৰুৱা মালিকানাধীন উক্ত চাহ বাগিছা খনে দুটা ভাগত অৰ্থাৎ ১৪ শতাংশ দূৰ্গা পূজাত আৰু বাকী ৬ শতাংশ জানুৱাৰী মাহত দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। পৰৱৰ্তী সময়ত সংঘৰ মাৰ্ঘেৰিটা চাৰ্কোলৰ অন্তৰ্গত আন আন চাহ বাগিচাসমূহকো সময়ত আগবাঢ়ি আহি শ্ৰমিকৰ স্বাৰ্থত শান্তিপূৰ্ণ ভাৱে বোনাছ বিষয়টো মীমাংসা কৰিবলৈ সংঘৰ সম্পাদক হৰিনন্দ গড়ে সকলো বাগিচা কৰ্তৃপক্ষক আহ্বান জনাইছে।

প্ৰেৰক মানসপ্ৰতিম গগৈ

You might also like