নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তৃতীয় পর্যায়ৰ প্রার্থী তালিকা প্রকাশৰ পাছতে ঘটিব অঘটনঃ নেতৃত্বৰ বিৰুদ্ধে বিদ্রোহৰ সম্ভাৱনা ২০ জ্যেষ্ঠ কংগ্রেছ নেতাৰ

সঘনে মিলিত হৈছে বৈঠকত

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ বদৰুদ্দিন আজমলৰ বোকোচাত উঠি নির্বাচনী বৈতৰণী পাৰ হোৱাৰ সপোন দেখা কংগ্রেছৰ অংকত আউল লগাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ প্রার্থী তালিকা প্রকাশ হোৱাৰ পাছতেই দলত অঘটন ঘটাৰ অশনি সংকেত ইতিমধ্যে বাজি উঠিছে৷ টিকটকেন্দ্রিক অসন্তুষ্টি আৰু আসন বুজাবুজিক লৈ চলি থকা ক্ষোভ–সন্তুষ্টি–বিদ্র্ চূড়ান্ত ৰূপ ধাৰণ কৰাৰ আশংকা তীব্রতৰ হৈ পৰিছে৷ দলীয় নেতৃত্বৰ বিৰুদ্ধে কমেও ২০ জ্যেষ্ঠ নেতাই নির্বাচনৰ মাজতেই বিদ্রোহ ঘোষণা কৰি দলক শ’লঠেকত পেলোৱাৰ প্রাৰম্ভিক কুচকাৱাজ ইতিমধ্যে আৰম্ভ কৰিছে৷

তৃতীয় পর্যায়ৰ প্রার্থী তালিকা এতিয়াও প্রকাশ পোৱা নাই যদিও আসন বুজাবুজিৰ বাবে মূলতঃ এআইইউডিএফক আসন এৰি দিবলগীয়া হোৱাৰ বাবে বহু জ্যেষ্ঠ নেতা তথা সম্ভাৱনাপূর্ণ প্রার্থী এইবাৰ যে টিকটৰ পৰা বঞ্চিত হ’ব, সেই বিষয়ে আগতীয়াকৈ বুজি উঠিছে৷ টিকট আনুষ্ঠানিকভাৱে ঘোষণাৰ পাছত তেওঁলোক কেনে ৰণনীতিৰে আগবাঢ়িব, সেই সম্পর্কত ইতিমধ্যে সঘনে বৈঠকত মিলিত হৈছে৷ আনকি কংগ্রেছৰ প্রথম আৰু দ্বিতীয় পর্যায়ৰ প্রার্থী তালিকাত বঞ্চিত হোৱা সম্ভাৱনাপূর্ণ নেতা আৰু জ্যেষ্ঠ নেতাসকলৰ সৈতেও যোগাযোগ চলিছে৷

কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, তৃতীয় পর্যায়ৰ প্রার্থী তালিকা প্রকাশ পালেই স্বাভাৱিকতে এআইইউডিএফক আসন এৰি দিয়াৰ বাবে এইবাৰ প্রাক্তন সাংসদ আব্দুল হামিদ, প্রাক্তন মন্ত্রী নজিবুল ওমৰ, মহিবুল হক, বিধায়ক ডাঃ মতিউৰ ৰহমান মণ্ডল, আব্দুৰ ৰছিদ মণ্ডল, প্রাক্তন বিধায়ক আফতাবুদ্দিন মোল্লা আদি দলীয় টিকটৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত৷ সেইদৰে আঞ্চলিক গণ মর্চাৰে হোৱা মিত্রতাৰ বাবে দিছপুৰত প্রাক্তন মন্ত্রী অকণ বৰায়ো টিকটৰ পৰা বঞ্চিত হোৱাটো নিশ্চিত হৈ পৰিছে৷ সূত্রটোৱে জানিবলৈ দিয়া মতে, প্রথম আৰু দ্বিতীয় পর্যায়ত প্রার্থিত্বৰ পৰা বঞ্চিত হোৱাসকলৰ সৈতে তেওঁলোকৰ সঘন যোগাযোগ অব্যাহত আছে৷ যোৱা কেইটামান দিনৰ ভিতৰত তেওঁলোক গুৱাহাটীত গোপন বৈঠকতো মিলিত হৈছে৷ সূত্রটোৱে সদৰী কৰা অনুসৰি দলৰ বর্তমানৰ নেতৃত্বক লৈ গৰিষ্ঠসংখ্যক জ্যেষ্ঠ কংগ্রেছী সাংঘাতিক ধৰণে নাৰাজ৷ দলীয় টিকট প্রদানকে ধৰি আসন বুজাবুজিৰ ক্ষেত্রত এইবাৰ গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰিছে সাংসদ গৌৰৱ গগৈ আৰু প্রদ্যুৎ বৰদলৈয়ে৷

প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙক প্রভাৱান্বিত কৰি সাংসদ গগৈ আৰু বৰদলৈয়ে নিজ পছন্দ অনুসৰি টিকট দিয়াৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰে৷ ইয়াৰ বিপৰীতে প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই ‘হয় হয়’ ভূমিকাৰেই নিজৰ দায়িত্ব সামৰে৷ যাৰ বাবে দলীয় টিকট বাছনিত সাংসদ গগৈ আৰু বৰদলৈয়ে অবাধ হস্তক্ষেপ কৰিবলৈ সক্ষম হয়৷ টিকট বাছনিৰ ক্ষেত্রত সভাপতি বৰাৰ ভূমিকা ইমানেই হতাশজনক যে যোৱা ৫টা বছৰত তেওঁৰ সোঁৱে–বাঁৱে থকাসকলোকে এইবাৰ দলীয় টিকট দিবলৈ সক্ষম নহ’ল৷ এইক্ষেত্রত তেজপুৰত অপূর্ব কুমাৰ ভট্টাচার্য, লাহৰীঘাটত ইমদাদ হুছেইন, বিশ্বনাথত ড০ সঞ্জু বৰুৱা, জোনাইত সুশীল পেগু, শিৱসাগৰত কল্যাণ গগৈ আদি যুৱ নেতাসকলৰ উদাহৰণেই যথেষ্ট৷ টিকট বাছনিৰ ক্ষেত্রত একেই হতাশজনক ভূমিকা কংগ্রেছ বিধায়িনী দলৰ নেতা দেৱব্রত শইকীয়াৰো৷ বিধায়িনী দলৰ নেতা শইকীয়ায়ো নিজৰ টিকটটোৰ বাহিৰে আন কাকোৱেই টিকট দিবলৈ সক্ষম নহ’ল৷ দলৰ ভিতৰচ’ৰাত চলা এনে কর্মকাণ্ডৰ পৰিপ্রেক্ষিততে তৃতীয় পর্যায়ৰ প্রার্থী তালিকা প্রকাশৰ পাছতেই কমেও ২০গৰাকী জ্যেষ্ঠ নেতাৰ নেতৃত্বত দলত বিদ্রোহ সূচনা হোৱাৰ সম্ভাৱনা ঘনীভূত হৈ পৰিছে৷

ইতিমধ্যে প্রদেশ কংগ্রেছৰ নেতৃত্বয়ো তেনে সম্ভাৱনাৰ ইংগিত লাভ কৰিছে৷ প্রদেশ কংগ্রেছৰ তত্ত্বাৱধায়ক জিতেন্দ্র সিঙৰ শেহতীয়া ভাষ্যতেই সেই ছবিখন পৰোক্ষভাৱে পৰিস্ফুট হৈছে৷ আজি গুৱাহাটীত সাংবাদিকৰ আগত তত্ত্বাৱধায়ক সিঙে কয় যে তৃতীয় পর্যায়ৰ প্রার্থী তালিকাক লৈ কংগ্রেছে এতিয়া জিলা–ব্লক কংগ্রেছৰ সৈতে আলোচনা কৰি আছে৷ দুই–এদিনৰ ভিতৰতে প্রার্থী তালিকা চূড়ান্ত কৰা হ’ব৷ তৃতীয় পর্যায়ৰ নির্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম দিন যিহেতু ১৯ মার্চ, সেয়ে অন্তিম দিনৰ দুদিনমান আগেয়ে প্রার্থী তালিকা প্রকাশ কৰা হ’ব৷

You might also like