নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কলংপাৰ’ কাকতৰ ২২ সংখ্যক প্ৰতিষ্ঠা দিৱস সম্পন্ন

নিয়মীয়া বার্তা, ১৮ আগষ্ট: আজিৰ পৰা একৈশ বছৰ পূৰ্বে যেতিয়া নগাঁও শ্বহীদ ভৱনত এই কাকতখনৰ উন্মোচনী অনুষ্ঠান হৈছিল তেতিয়া মই উপস্থিত আছিলোঁ। ‘কলংপাৰ’ বুলি ক’লেই মোৰ এজন মানুহৰ কথাই মনলৈ আহে, সেইজন হ’ল শ্ৰদ্ধাৰ প্ৰয়াত সাংবাদিক বলেন বৰা। তেওঁ যথেষ্ট কষ্টৰে কাকতখন চলাই আছিল আৰু সেই বিষয়ে মই সকলো জানিছিলো। -নগাঁৱৰ পৰা প্ৰকাশিত সাপ্তাহিক ‘কলংপাৰ’ কাকতৰ আজি ২২সংখ্যক বৰ্ষত পদাৰ্পণ কৰা উপলক্ষে স্বেচ্ছাসেৱী অনুষ্ঠান শ্ৰীমন্ত শংকৰ মিছনৰ হলধৰ ভূঞা সভাকক্ষত বৰ্ষপূৰ্তিৰ মুকলি সভাত এই মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই। শিক্ষাবিদ-সমাজসেৱক যুক্তিনাথ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত এই সভাখনত বিধায়কগৰাকীয়ে ভাষণ প্ৰসংগত কাকতখন প্রকাশৰ ক্ষেত্ৰত যিমানখিনি পাৰি সহায় কৰি যাম বুলি প্ৰতিশ্ৰুতি দিয়ে। কাকতখনৰ পৰিচালন সঞ্চালক, বিশিষ্ট সমাজকৰ্মী বল্লদেৱ শৰ্মাই আঁত ধৰা এই সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক পদুম ৰাজখোৱা। তিলক প্ৰকাশনৰ দ্বাৰা আয়োজিত এই সভাত ‘কলংপাৰ’ কাকতৰ মুখ্য সম্পাদক ড° আবু হানিফা, প্ৰাক্তন অধ্যক্ষ লক্ষ্মীনাৰায়ণ শৰ্মা, সমাজকৰ্মী ললিত চন্দ্ৰ দত্ত, শিক্ষাবিদ পূৰ্ণকান্ত বৰুৱা আদিয়ে বক্তব্য আগবঢ়াই ‘কলংপাৰ’ৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত বলেন বৰাৰ স্মৃতিচাৰণ কৰাৰ লগতে কাকতখনৰ সৈতে জড়িত হোৱাৰ মধুৰ স্মৃতি ৰোমন্থন কৰে। উল্লেখ্য, এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা “কলংপাৰ বঁটা-২০২০” বিশিষ্ট সাংবাদিক, আমাৰ অসম কাকতৰ মুখ্য সম্পাদক মনোজ কুমাৰ গোস্বামীক প্ৰদান কৰা হ’ব। অনুষ্ঠানৰ অন্তত কাকতখনৰ লগত ওতপ্ৰোতভাৱে জড়িত বিশিষ্ট শিক্ষাবিদ মুকুল চন্দ্ৰ শইকীয়াক তেওঁৰ অসুস্থতাৰ বাবে ঘৰতে এটি প্ৰতিনিধি দলে গৈ এখন ফুলাম গামোচাৰে আজি ৮৪সংখ্যক জন্মদিনৰ শুভেচ্ছা জনায়।

You might also like