নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৫ ফেব্রুৱাৰীত মহা মৃত্যুঞ্জয় মন্দিৰলৈ অমিত শ্বাহ

নিয়মীয়া বাৰ্তা ২০ ফেব্ৰুৱাৰীঃ দেশৰ গৃহমন্ত্রী অমিত শ্বাহ ২৫ ফেব্রুৱাৰীত অসমলৈ আহিব৷ সেইদিনা তেওঁ প্রথমে মহাপুৰুষ শ্রীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্রৱালৈ যাব৷ তাত গৃহমন্ত্রী শ্বাহে শংকৰদেৱৰ স্মৃতি বিজৰিত বৰদোৱা থান দর্শনৰ লগতে বটদ্রৱা প্রকল্প নির্মাণকার্যৰ শুভাৰম্ভ কৰি এখন ৰাজহুৱা সভাত ভাষণ দিব৷ তাৰ পৰা তেওঁ হেলিকপ্ঢাৰেৰে উপস্থিত হ’ব নগাঁও জিলাৰ পুৰণিগুদাম ভেৰভেৰীৰ নৰসিংহ ক্ষেত্রৰ শ্রীশ্রী মহামৃত্যুঞ্জয় মন্দিৰত৷ মন্দিৰৰ কাষৰ পথাৰত ইতিমধ্যে প্রশাসনে গৃহমন্ত্রীৰ বাবে হেলিপেড নির্মাণৰ কাম আৰম্ভ কৰিছে৷ মহামৃত্যুঞ্জয় মন্দিৰত ২২ ফেব্রুৱাৰীৰ পৰা ৫ মার্চলৈ অনুষ্ঠিত হ’ব স্থিৰ প্রাণ প্রতিষ্ঠা আৰু ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ৷ এই সমাৰোহত অংশগ্রহণৰ বাবে কাইলৈ তামিলনাডুৰ পৰা নৰসিংহ ক্ষেত্রত উপস্থিত হ’ব ২০০ তামিল পণ্ডিত৷

২২ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া স্থিৰ প্রাণ প্রতিষ্ঠাৰ কার্যসূচীত এইসকল পণ্ডিতে অংশ ল’ব৷ এই কার্যসূচীত বর্তমান থকা মন্দিৰৰ পৰা শিৱলিংগ পূজা–র্চনাৰে আনি নতুন মন্দিৰত প্রতিষ্ঠা কৰা হ’ব৷ অহা ২৭ ফেব্রুৱাৰীৰ মাঘী পূর্ণিমাৰ পৰা অনুষ্ঠিত হ’ব ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ৷ ২৫ ফেব্রুৱাৰীত মহামৃত্যুঞ্জয় মন্দিৰত গৃহমন্ত্রী অমিত শ্বাহ উপস্থিত হ’ব৷ দেশৰ গৃহমন্ত্রীৰ আগমনক লৈ উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ৷ সজাই–পৰাই তোলা হৈছে মন্দিৰৰ চৌপাশ৷ মন্দিৰ কর্তৃপক্ষৰ সমান্তৰালভাৱে গৃহমন্ত্রীৰ আগমনক লৈ এতিয়া ব্যস্ত হৈ পৰিছে নগাঁও জিলা প্রশাসন, কলিয়াবৰৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত আৰক্ষীৰ এটা বৃহৎ দলে প্রতিটো মুহূর্ততে নিৰাপত্তাৰ দিশ পর্যবেক্ষণ কৰি আছে৷ ইফালে, মন্দিৰৰ স্থিৰ প্রাণ প্রতিষ্ঠা সমাৰোহৰ প্রধান সম্পাদক জিতু গোস্বামী আৰু কার্যকৰী সভাপতি প্রবীণ গোস্বামীয়ে কার্যসূচী সফল কৰিবলৈ অহৰহ প্রচেষ্টা অব্যাহত ৰাখিছে৷

You might also like