নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তিতাবৰৰ শিপিনীয়ে উৎপাদন কৰিব ২৫ হাজাৰ গামোছা

  গ্ৰাম্য জীৱনৰ সাংস্কৃতিক-অৰ্থনৈতিক উত্তোৰণৰ 'জন্মভূমি কৰ্মভূমি'ৰ

 নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : তিতাবৰ মহকুমাবাসী ৰাইজৰ সাংস্কৃতিক-অৰ্থনৈতিক উত্তোৰণৰ বাবে প্ৰতিষ্ঠা কালৰে পৰা নিৰবিচিন্নভাৱে কৰ্ম কৰি অহা যোৰহাট জিলাৰ অন্যতম স্বেচ্ছাসেৱী সংগঠন ‘জন্মভূমি কৰ্মভূমি’য়ে শেষতীয়াকৈ অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোছা বয়নৰ জড়িয়তে শিপিনীসকলক অৰ্থনৈতিকভাবে টনকিয়াল কৰাৰ এক আদৰণীয় পদক্ষেপ গ্ৰহণ কৰিছে। উল্লেখ্য যে জন্মভূমি কৰ্মভূমিয়ে হাতত লোৱা ‘আমাৰ গাঁও আমাৰ কাম’ শীৰ্ষক এক অভিলাষী প্ৰকল্প ইতিমধ্যে ১৯ আগষ্টত শুভ উদ্বোধন কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড’ হিমন্ত বিশ্ব শৰ্মাই।

‘জন্মভূমি কৰ্মভূমি’ৰ সভাপতি হেমন্ত কলিতাই সংগঠনটোৰ পৰিকল্পনাৰ সন্দৰ্ভত জানিবলৈ দি কয় যে গ্ৰামাঞ্চলৰ সাংস্কৃতিক-অৰ্থনৈতিক বিকাশেই ৰাজ্যৰ লগতে দেশৰ বিকাশ। সেয়ে ‘জন্মভূমি-কৰ্মভূমি’ৰ জড়িয়তে বিভিন্ন ন-ন পৰিকল্পনা গ্ৰহণ কৰা হৈছে। বৰ্তমান অসমীয়াৰ স্বাভিমান গামোছাখন থলুৱা শিপিনীৰ দ্বাৰা মান বিশিষ্টকৈ তৈয়াৰ কৰাৰ এক পদক্ষেপ লোৱা হৈছে। প্ৰথম পৰ্যায়ত প্ৰায় পাঁচ হেজাৰ গামোচা উৎপাদনৰ চিন্তা কৰা হৈছে। আৰু পৰৱৰ্তী পৰ্যায়ত প্ৰায় ২০ হেজাৰ গামোছা বোৱাৰ এক বৃহৎ পৰিকল্পনা কৰা হৈছে। এখন মান বিশিষ্ট গামোছা উৎপাদন আৰু বিক্ৰীয়ে প্ৰকৃতাৰ্থত এগৰাকী থলুৱা শিপিনী অৰ্থিকভাৱে টনকীয়াল হ’ব।

ক’ৰোনা মহামাৰীয়ে ৰাজ্যৰ ক্ষুদ্ৰ উদ্যোগ সমূহৰ অৱস্থা অতি বেয়া কৰি তোলাৰ সময়তে গ্ৰামাঞ্চলৰ চুকে-কোনে থকা বহুসংখ্যক শিপিনীৰ এই প্ৰকল্পৰ দ্বাৰা স্বাৱলম্বনৰ এটা পথ মুকলি হ’ব। ইয়াৰ দ্বাৰা ঘূৰ্ণীয়মান পুঁ‌জি গঠন আমাৰ অন্যতম প্ৰধান লক্ষ্য। পৰম্পৰাগত খনিয়া কাপোৰ, হাঁ‌চতি আদি বোৱাৰো পৰিকল্পনা কৰা হৈছে। তিতাবৰৰ প্ৰাক্তন বিধান হেমন্ত কলিতাই আৰু কয় যে ‘জন্মভূমি কৰ্মভূমি’য়ে প্ৰতিষ্ঠা কালৰে পৰা অসম কেশৰী অম্বিকাগিৰী ৰায় চৌধুৰীৰ আদৰ্শ ‘আমাৰ পথাৰ আমাৰ বজাৰ’ নীতিক সাৰোগত কৰি জাতীয় স্বাভিমান আৰু জাতীয় অৰ্থনীতিৰ বুনিয়াদ নিৰ্মাণত আত্মনিয়োগ কৰি আহিছে।

বিগত সময়ত সংগঠনটোৱে তিতাবৰৰ ১৮০ টা ৰাজহুৱা পুখুৰীত মাছৰ পোনা বিতৰণ, তিতাবৰৰ গ্ৰাম্য জীৱনৰ অনাদৃত ওজা, আয়তি, বায়ন, দৰ্জী, চাইকেল মিস্ত্ৰী, ঢোল মেৰামতি কৰা ব্যক্তি, পুৰুহিত, কমাৰ, কুমাৰ ভাৱৰীয়া আদিক সন্মান জনাই তেখেতসকলৰ সন্মাৰ্থতে একোটিকৈ গছ পুলি ৰূপন কৰি সংশ্লিষ্ট পৰিয়ালক তাৰ প্ৰতিপালনৰ ব্যৱস্থা গ্ৰহণ, তিতাবৰত পৰিকল্পিত আৰু প্ৰণালীবদ্ধভাৱে তিনিখনকৈ পঞ্চায়তত হালধি, দুগ্ধ, কাজিনেমু, অমিতা, মৎস উৎপাদনৰ ব্যৱস্থা কাৰ্যকৰীকৰণ আদিৰ দৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে। দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে অসমবাসীক জনোৱা প্ৰতিটো আহ্বান ৰূপায়নৰ বাবে ‘জন্মভূমি কৰ্মভূমি’ বদ্ধপৰিকৰ।

সভাপতিগৰাকীয়ে আৰু কয় যে বৰ্তমান গ্ৰামাঞ্চলত কুটীৰ শিল্পী প্ৰায় নাইকিয়া হ’বলৈ ধৰিছে। কাঠ,বাঁহ, বেতৰ সামগ্ৰীৰ ঠাইত প্লাষ্টিকৰ সামগ্ৰীয়ে ঠাই লৈছে। এই শিল্পকৰ্মৰ লগত জড়িত লোকসকলৰো অৰ্থনৈতিক বিকাশৰ পৰিকল্পনা কৰা হৈছে।জানিব পৰা মতে তিতাবৰ মহকুমাবাসীয়ে সকলো ধৰণৰ সমবায় আঁচনিৰ সুবিধাসমূহ সহজলভ্যভাৱে পোৱাৰ ক্ষেত্ৰত পূব তিতাবৰ সমবায় সমিতিখনেও নিৰন্তৰভাৱে সেৱা আগবঢ়াই আহিছে। জন্মভূমি কৰ্মভূমি আৰু পূব তিতাবৰ সমবায় সমিতিৰ এনে যৌথ কৰ্মৰাজীয়ে মহাত্মা গান্ধীৰ গ্ৰাম্য স্বৰাজৰ সপোনক বাস্তৱৰূপত প্ৰতিফলিত কৰাত অনাগত সময়ত ফলপ্ৰসূভাৱে আগুৱাই যাব বুলি তিতাবৰ মহকুমাবাসীয়ে আশা প্ৰকাশ কৰিছে।

You might also like