নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঘাতক ক’ৰোনা… বিগত ২৪ ঘণ্টাত বিশ্বনাথৰ ৩ জনৰ মৃত্যু

নিয়মীয়া বাৰ্তা, ৬ ছেপ্টেম্বৰঃ ক’ৰোনাৰ সামাজিক সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে বিশ্বনাথ জিলাত ৷ কালি নিশালৈকে জিলাখনত ১৩৫০ জন লোক আক্ৰান্ত হৈছে ক’ৰোনাত ৷ এতিয়ালৈ জিলাখনত ক’ৰোনাত মৃত্যু হৈছে ৫ জন লোকৰ ৷ বিগত ২৪ ঘণ্টাত বিশ্বনাথৰ ৩ জন লোকৰ মৃত্যু হৈছে জিলাখনত ৷

আজি পুৱা বিশ্বনাথ চাৰিআলি চিভিল হাস্পতালত মৃত্যু হয় বিশ্বনাথৰ বালিপুখুৰীৰ পূৰ্ণানন্দ দত্ত (৬৫) নামৰ লোকজনৰ৷ কেইবাদিনো ধৰি জ্বৰত আক্ৰান্ত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰিবলৈ আনোতেই মৃত্যু হয় দত্তৰ ৷ মৃতদেহৰ স্বোৱাব লোৱাত ধৰা পৰে ব্যক্তিজন ক’ভিডত আক্ৰান্ত আছিল বুলি ৷

আনহাতে, কালি তেজপুৰ মেডিকেল কলেজত মৃত্যু হয় পাভৈৰ বন বিভাগৰ কৰ্মচাৰী দেবেন বৰা (৫৪)ৰ ৷ তেওঁক বিশ্বনাথ চাৰিআলি চিভিল হাস্পতালত  ভৰ্তি কৰোৱা হৈছিল যদিও শাৰীৰিক অৱস্থা সংকটজনক হোৱাৰ বাবে তেজপুৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছিল ৷

আনহাতে, ডিব্ৰুগড় মেডিকেল কলেজত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে গহপুৰৰ পৱন জৈছি (৩৪) নামৰ যুৱকজনৰ ৷ ইতিমধ্যে ক’ভিডৰ নীতি-নিয়মেৰে বিশ্বনাথ চাৰিআলিৰ ৰাজহুৱা শ্মশানত দেবেন বৰা আৰু পূৰ্ণানন্দ দত্তৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয় ৷ আনহাতে,গহপুৰৰ পৱন জৈছিৰ মৃতদেহৰ ডিব্ৰুগড়তে চৰকাৰীভাৱে অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হৈছে ৷

You might also like