নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও আৰক্ষীৰ জালত ৪ চোৰাং তেল সৰবৰাহকাৰী

নিয়মীয়া বাৰ্তা, ১০ মাৰ্চঃ  নগাঁও আৰক্ষীৰ জালত পৰিল কুখ্যাত তেলচোৰ ৷ নগাঁও আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ তত্ত্বাৱধানত তেলচুৰি চক্ৰৰ বিৰুদ্ধে চলিছিল অভিযান ৷ এই অভিযানৰ অংশ হিচাপে যোৱানিশা নগাঁও আৰক্ষীয়ে খাৰুৱাতেল চুৰি কাৰ্যৰ লগত জড়িত ৪ জন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা লোক কেইজন হৈছে ডিব্ৰুগড় জিলাৰ দুলিয়াজান আৰক্ষী থানাৰ অন্তৰ্গত বালিজান চাহবাগিছাৰ নিকু ৰঞ্জন গগৈ (২৮), তিনিচুকীয়া জিলাৰ তিনিচুকীয়া আৰক্ষী থানাৰ অন্তৰ্গত খুকুনপুখুৰীৰ নৰেন বৰা (৩২) মাকুম আৰক্ষী থানাৰ অন্তৰ্গত লোহাৰ পট্টিৰ পথৰ ইন্দ্ৰজিৎ চুতীয়া (৩৪) আৰু নগাঁও সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ঘাহীঁ মাজগাৱৰ প্ৰণৱ শইকীয়া (২৩) । ইয়াৰে নিকু ৰঞ্জন গগৈ, নৰেন বৰা আৰু ইন্দ্ৰজিৎ চুতীয়াক নগাঁও আাক্ষীয়ে তিনিচুকীয়া আৰক্ষীৰ সহযোগত তিনিচুকীয়াৰ পৰা গ্ৰেপ্তাৰ কৰি নগাঁৱলৈ আনে ৷

সম্প্ৰতি চাৰিওজনকে নগাঁও আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷ উল্লেখ যে ধৃত নিকু ৰঞ্জন এজন আৰক্ষী জোৱানৰ পুত্ৰ বুলি জানিব পৰা গৈছে ৷ নগাঁৱৰ ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদমাধ্যমৰ আগত জানিবলৈ দিয়ে যে উজনি অসমৰ এক চক্ৰই নগাঁও বৰঘাট বাইপাছৰ মনতৃপ্তি ধাবাত বাহৰ পাতি খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা তেলচুৰি কৰি খাৰুৱা তেলৰ এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে ৷ ২১ আৰু ২২ ফেব্ৰুৱাৰীৰ ভিতৰত নিশা বৰঘাট বাইপাছৰ কৃষ্ণাইখাটত খাৰুৱাতেল পৰিবাহী পাইপৰ পৰা অত্যাধুনিক যন্ত্ৰৰ সহায়ত তেল চুৰি কৰিছিল ৷ মনতৃপ্তি ধাৱাৰ স্বতাধিকাৰি প্ৰণৱ শইকীয়া আৰু স্থানীয় এজন লোকৰ সহযোগত ধাৱাখনত উজনি অসমৰ চক্ৰটোৱে পৰিকল্পনা কৰি তেল চুৰি কৰিছিল ৷ তেল চুৰি কাৰ্যত তেওঁলোকে জেনেৰেটৰো ব্যৱহাৰ কৰিছিল ৷

ই সন্দৰ্ভত নগাঁও আৰক্ষীয়ে নগাঁও সদৰ থানাত ভাৰতীয় দণ্ডবিধিৰ ৩৭৯ ধাৰাৰ অধীনত ২৪৩/২২ নম্বৰত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছিল ৷ এই তদন্তৰ আত ধৰিয়েই যোৱা নিশা এই তেল চুৰি লগত জড়িত উল্লিখিত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষী সক্ষম হয় ৷ আৰক্ষীৰ জেৰাত এইলোক কেইজনে তেল চুৰিৰ লগত জড়িত থকাৰ কথাটো স্বীকাৰ কৰিছে ৷ এই চক্ৰটোৱে কৃষ্ণাইখাটত খাৰুৱাতেল পৰিবাহী পাইপৰ পৰা এক টেংকাৰ খাৰুৱা তেল চুৰি কৰি আন এটা চোৰাং খাৰুৱাতেল ব্যৱসায়ী চক্ৰক বিক্ৰী কৰিছিল ৷

আৰক্ষীয়ে তেল ক্ৰয় চক্ৰটোৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে চক্ৰটোক চিনাক্ত কৰিছে যদিওঁ তেওঁ লোকৰ নাম সদৰী কৰা নাই ৷ উল্লেখ যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ আৰম্ভৰনিতে কলিয়াৰবৰ আৰক্ষীথানাৰ অন্তৰ্গত মিছাত খাৰুৱা তেল পৰিবাহী পাইপৰ পৰা তেল চুৰিৰ ঘটনা সংঘটিত হৈছিল ৷ এই সন্দৰ্ভত কলিয়াবৰ আৰক্ষীয়ে চাৰিজন লোকক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল ৷ 

You might also like