অইল ইণ্ডিয়াৰ চাৰি শীৰ্ষ বিষয়া ক’ভিড ৰোগত আক্ৰান্ত
নিয়মীয়া বাৰ্তা, ১৮ আগষ্ট: অইল বাঘজান বি জি এন -৫ ৰ অভিযানৰ মূল নেতৃত্বধাৰী অইল ইণ্ডিয়াৰ চাৰিগৰাকী শীৰ্ষ বিষয়া ক’ভিড ৰোগত আক্ৰান্ত হৈছে। অইলৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক সুশীল চন্দ্ৰ মিশ্ৰ, পংকজ গোস্বামী, ড৹ পি চন্দ্ৰশেখৰণ আৰু অইলৰ মুখ্য আৱাসিক বিষয়া দিলীপ দাসৰ দেহত শেহতীয়াকৈ ক’ভিড পজিটিভ ধৰা পৰিছে। অইলৰ সূত্ৰ অনুসৰি, চি এম ডি এছ চি মিশ্ৰ আৰু ড০ পি চন্দ্ৰশেখৰণ অইলৰ এফ -১ ত পৃথকে চিকিৎসাধীন হৈ থকাৰ বিপৰীতে আন দুগৰাকী শীৰ্ষ বিষয়াও নিজ নিজ আৱাসগৃহত চিকিৎসা গ্ৰহণ কৰি আছে। মূলতঃ এই চাৰিগৰাকী অইলৰ শীৰ্ষ বিষয়াৰ নেতৃত্বত চলি আহিছিল বাঘজান অভিযান আৰু বিদেশী বিশেষজ্ঞসকলৰ সৈতে সঘন বৈঠকত বাঘজান কাণ্ডৰ পৰ্যালোচনা কৰি সেইমৰ্মে সিদ্ধান্ত গ্ৰহণ কৰি আহিছিল।