কার্বি আংলং–বৰপেটাৰোডত হেৰ’ইনসহ ধৃত ৪জন ব্যৱসায়ী
নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰঃ কালি কার্বি আংলং আৰক্ষীয়ে ড্রাগ্ছৰ বিৰুদ্ধে অভিযান চলাই দুটাকৈ বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে৷ পুৱাৰ ভাগত লাহৰীজান এলেকাত এখন ডি আই ড্রাকৰ স্পেয়াৰ চকাৰ পৰা আৰক্ষীয়ে প্রায় ৩০ লক্ষাধিক টকাৰ নিষিদ্ধ হেৰ’ইনসহ দুটা সৰবৰাহকাৰীক আটক কৰে৷
আনহাতে, বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত খটখটী থানা এলেকাৰ নথাংবস্তিত আৰক্ষীৰ দলে অভিযান চলাই এন এল ০৭ আৰ ৬৭২৮ পঞ্জীয়ন নম্বৰৰ স্কুটীৰ পৰা ৩৬৪ গ্রাম নিষিদ্ধ হেৰ’ইনভর্তি ৩০টা চাবোনৰ বাকচ জব্দ কৰে৷ জব্দ কৰা হেৰ’ইনখিনিৰ সৈতে আৰক্ষীয়ে কার্বি আংলং জিলাৰ খটখটী থানা এলেকাৰ নথাংবস্তিৰ ভৈৰৱ প্রধানৰ পুত্র সঞ্জীৱ প্রধান (৪৬) আৰু মণিপুৰৰ সেনাপতি জিলাৰ মাও থানা এলেকাৰ লাইৰচিং গাঁৱৰ মৃত কুবাৰ পুত্র তিৱা আগষ্টিনক (৪৩) গ্রেপ্তাৰ কৰে৷
আৰক্ষীৰ সূত্রৰ পৰা জানিব পৰা অনুসৰি নিৰপেক্ষ সাক্ষীৰ সন্মুখত ড্রাগ্ছ থকা চাবোনৰ বাকচসমূহ খুলি ড্রাগ্ছ ডিটেকচন টেষ্ট কিটত প্রাথমিক পৰীক্ষা কৰি ড্রাগ্ছখিনি হেৰ’ইন বুলি নিশ্চিত কৰা হৈছে৷ ধৃত সৰবৰাহী দুটাই স্বীকাৰ কৰা অনুসৰি ড্রাগ্ছখিনি কালি মণিপুৰৰ এখন এল পি জি ড্রাকত অনা হৈছিল৷
ইফালে, বৰপেটাৰোড থানাৰ ভাৰপ্রাপ্ত বিষয়া দেৱানন্দ দাসৰ নেতৃত্বত যোৱানিশা আৰক্ষীয়ে চলোৱা এটা অভিযানত চহৰখনৰ কলহভাঙাৰ পৰা বুজন পৰিমাণৰ ব্রাউন ছুগাৰসহ দুজন ব্যৱসায়ীক গ্রেপ্তাৰ কৰে৷ দলটোৰ পৰা প্রায় ৩৫০টা নিচাজাতীয় টেবলেটো জব্দ হয়৷ জব্দকৃত সামগ্রীখিনিৰ দাম ১৫ লক্ষাধিক টকা হ’ব বুলি আৰক্ষী সূত্রই জানিবলৈ দিছে৷ সূত্রটোৱে কয় যে ৩১নং ৰাষ্ট্রীয় ঘাইপথত এখন মাৰুতি ৮০০ত তালাচী চলাই ড্রাগ্ছখিনি জব্দ কৰা হয়৷ আৰক্ষীয়ে গ্রেপ্তাৰ কৰা ব্যৱসায়ী দুজন হ’ল হাউলীৰ অমিত সাহা আৰু বৰপেটাৰোডৰ ভালুকীগাঁৱৰ আনছেৰ আলী৷ ঘটনা সন্দর্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে৷