নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰ্তমানৰ ৪০% সাংসদৰ বিৰুদ্ধেই অপৰাধমূলক গোচৰ

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰঃ বৰ্তমান সাংসদৰ প্ৰায় ৪০ শতাংশৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছে। এই দাবী এছ’চিয়েশ্যন ফৰ ডেম’ক্ৰেটিক ৰিফৰ্মছ (এডিআৰ) আৰু এছ’চিয়েশ্যন নেশ্যনেল ইলেক্টৰেল ৱাচ (এনইডব্লিউ)ৰ শেহতীয়া প্ৰতিবেদনত কৰা হৈছে, যিটো এন জিঅ’ই নিৰ্বাচন সম্পৰ্কীয় তথ্য বিশ্লেষণ কৰে। আজি ৰাজহুৱা কৰা এডিআৰৰ প্ৰেছ বিজ্ঞপ্তিটোত কোৱা হৈছে যে সমগ্ৰ দেশৰ লোকসভা আৰু ৰাজ্যসভাৰ ৭৭৬ আসনৰ ভিতৰত ৭৬৩গৰাকী সাংসদৰ শপতনামা বিশ্লেষণ কৰি এই তথ্য আহৰণ কৰা হৈছে। বিগত নির্বাচন আৰু পৰৱর্তী উপ-নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ পূর্বে সাংসদসকলে দাখিল কৰা শপতনামাৰ পৰা তথ্য আহৰণ কৰা বুলি বিবৃতিটোত কোৱা হৈছে৷ এডিআৰৰ বিশ্লেষণ অনুসৰি ৭৬৩জন সাংসদৰ ভিতৰত ৩০৬জনেই নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰৰ কথা উল্লেখ কৰিছে। একে সময়তে ১৯৪গৰাকী সাংসদে নিজৰ বিৰুদ্ধে গুৰুতৰ অপৰাধমূলক গোচৰ ঘোষণা কৰিছে, য’ত হত্যা, হত্যাৰ চেষ্টা, অপহৰণ, মহিলাৰ বিৰুদ্ধে অপৰাধ ইত্যাদিৰ সৈতে জড়িত গোচৰো আছে। কোনটো দলত অপৰাধমূলক গোচৰৰ সন্মুখীন হোৱা সাংসদৰ সংখ্যা সন্দৰ্ভতো দাবী কৰা হৈছে প্ৰতিবেদনত। কোৱা হৈছে যে ৩৮৫জন সাংসদৰ ভিতৰত ১৩৯জন বিজেপিৰ, যাৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈছে, আনহাতে কংগ্ৰেছৰ ৮১জন সাংসদৰ ভিতৰত ৪৩জন সাংসদৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ আছে। তৃণমূল কংগ্ৰেছৰ ৩৬জন সাংসদৰ ভিতৰত ১৪জন সাংসদৰ বিৰুদ্ধে এনে গোচৰ ৰুজু হৈছে। আৰজেডিৰ ৬জনৰ ভিতৰত ৫জন সাংসদ, চিপিআই-এমৰ ৮জনৰ ভিতৰত ৬জন সাংসদ, আম আদমি পাৰ্টিৰ ১১জনৰ ভিতৰত ৩জন সাংসদ, ৱাই এছ আৰ কংগ্ৰেছ পাৰ্টিৰ ৩১জনৰ ভিতৰত ১৩জন সাংসদ আৰু এনচিপিৰ ৮জনৰ ভিতৰত ৩জন সাংসদে নিজৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ঘোষণা কৰিছে শপতনামাত। প্ৰতিবেদন অনুসৰি ১১জন সাংসদে নিজৰ বিৰুদ্ধে হত্যা সম্পৰ্কীয় গোচৰ (ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩০২) ঘোষণা কৰিছে। ৩২জন সাংসদে হত্যাৰ চেষ্টাৰ সৈতে জড়িত গোচৰ ঘোষণা কৰিছে (আই পি চিৰ ধাৰা ৩০৭)। মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৈতে জড়িত গোচৰ ঘোষণা কৰিছে ২১গৰাকী বহি থকা সাংসদে। ২১জন সাংসদৰ ভিতৰত ৪জন সাংসদে ধৰ্ষণৰ সৈতে জড়িত গোচৰ ঘোষণা কৰিছে (আই পি চি ধাৰা ৩৭৬)।

You might also like