নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজান আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযানত মহিলাসহ ৫ জন অভিযুক্ত গ্ৰেপ্তাৰ

লক্ষাধিক মূল্যৰ নগদ ধন আৰু ড্ৰাগছ জব্দ 

নিয়মীয়া বাৰ্তা, ২৫ মে’: ড্রাগছ সৰবৰাহ আৰু ব্যৱসায়ৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী৷ ইয়াৰ সমান্তৰালকৈ দুলীয়াজান আৰক্ষীয়েও দুদিনীয়াকৈ ড্ৰাগছ বিৰোধী অভিযান চলাই লক্ষাধিক বজাৰ মূল্যৰ ড্ৰাগছসহ পাঁচ অভিযুক্তক আটক কৰিবলৈ সক্ষম হৈছে।

নামৰূপৰ উপ আৰক্ষী অধীক্ষক কূলপ্ৰদীপ ভট্ৰাচাৰ্য আৰু দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত পৰিদৰ্শক ৰূপজ্যোতি দত্তৰ নেতৃত্বত উপ-পৰিদৰ্শক আভাজ্যোতি ৰাভা সহ আৰক্ষী বাহিনী আৰু চি আৰ পি বাহিনীয়ে চলোৱা ড্ৰাগছ বিৰোধী অভিযানত হিৰ’ইন-গাঞ্জাসহ ১ লাখ ৮৮ হাজাৰ টকা নগদ ধন, ৫ টাকৈ ম’বাইল আৰু এখন এম এল ১০ বি ৮১০৪ নম্বৰযুক্ত বিলাসী বাহনো জব্দ কৰিছে । লগতে দুলীয়াজান আৰু ডিগবৈ অঞ্চলৰ পৰা মহিলাসহ ৫ জনকৈ অভিযুক্তক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় । 

You might also like