পঞ্চম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ; গ্ৰন্থ অধ্যয়নে মানৱ জীৱনক শৃংখলিত কৰেঃ পীতাম্বৰ দেৱগোস্বামী
নিয়মীয়া বাৰ্তা, ১৪ ডিচেম্বৰ : ডিব্ৰুগড়ৰ নিৰ্মালি গাঁও হাইস্কুল খেল পথাৰত আজিৰে পৰা বেচৰকাৰী অনুষ্ঠান খোজৰ উদ্যোগত পঞ্চম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ আৰম্ভ হৈছে।চহৰ খনৰ সমীপবৰ্তী অঞ্চল নিৰ্মালি গাওঁৰ খেল পথাৰত অনুষ্ঠিত হোৱা পঞ্চম ডিব্ৰগড় গ্ৰন্থ মহোৎসৱৰ দ্বাৰ মুকলি কৰে আউনিআটি সত্ৰৰ সত্ৰাধিকাৰ ড: প্ৰিতাম্বৰ দেৱগোস্বামীয়ে। গায়ন বায়ণেৰে আদৰণি জনোৱা উদ্বোধনী অনুষ্ঠাটো বন্তি প্ৰজ্বলনেৰে আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে বিশিষ্ট সাহিত্যিক ড:নগেন শইকীয়া আৰু ড: পীতাম্বৰ দেৱগোস্বামী প্ৰমুখ্যে উপস্থিত বিশিষ্ট ব্যক্তিসকলে।ডক্তৰ নগেন শইকীয়াই বৰ্তমান সময়ত গ্ৰন্থ অধ্যয়নৰ ক্ষেত্ৰত গ্ৰন্থ মেলা সমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা বুলি কোৱাৰ লগতে সুংগঠিত ৰূপত আন আন সৃষ্টিশীল কামবোৰ কৰিলে সকলো ক্ষেত্ৰতে সফলতা লাভ কৰিব পাৰিব বুলি কয়।
তদুপৰি গ্ৰন্থমেলা বা মহোৎৱ সমূহে নতুন প্ৰজন্মক গ্ৰন্থ অধ্যয়ন আৰু সৃষ্টিশীল কৰ্ম কৰাত বিশেষভাৱে উৎসাহিত কৰে বুলি নিজৰ ভাষণত উল্লেখ কৰে। আউনিআতি সত্ৰ সত্ৰাধিকাৰ ডক্তৰ পীতাম্বৰ দেৱগোস্বামীয়ে গ্ৰন্থ অধ্যয়ন আৰু ইয়াৰ উপকাৰিতা যুগে যুগে চলি অহা কথা বিভিন্ন উৎস আৰু তথ্যসহ খুব সাৱলীলভাৱে ব্যক্ত কৰে।গ্ৰন্থ বাচনি জৰিতেও নিজা ৰুচি অভিৰুচি সম্পৰ্কে প্ৰকাশ পোৱা লগতে সকলো গ্ৰন্থ ই যে সকলোকে আপ্লুত কৰিব পাৰিব তাৰ কোনো ধৰা বন্ধা নিয়ম থাকিব বুলিও কব নোৱাৰি।সেয়ে প্ৰতিগৰাকী পাঠক বা পঢ়ুঐয়ে গ্ৰন্থ নিৰ্বাচনৰ ক্ষেত্ৰত সচেতন হব লাগিব বুলিও নিজৰ ভাষণত উল্লেখ কৰে।বিশিষ্ট উপন্যাসিক অৰুপা পতংগীয়া কলিতাই গ্ৰন্থ মহোৎসৱবৰ লগত সংগতি ৰাখি প্ৰকাশিত স্মৃতিগ্ৰন্থ উন্মোচন কৰে। বিশিষ্ট লেখিকা তথা অসম লেখিকা সমাৰোহৰ প্ৰাক্তন সভানেত্ৰী ডক্তৰ সুখ বৰুৱাই গ্ৰন্থ মহোৎসৱত অতিথি হিচাপে উপস্থিত থাকি মনৰ ভাৱ ব্যক্ত কৰে।এই আৰম্ভনি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক,অনুবাদক দেৱী প্ৰসাদ বাগ্ৰদিয়া, অৱসৰপ্ৰাপ্ত অধ্যক্ষা,সাহিত্যিক জ্যোতি বৰগোহাঁই উপস্থিত থকা লগতে বহু সংখ্যক গ্ৰন্থ প্ৰেমী উপস্থিত থকা অনুষ্ঠানটিত ডক্তৰ নগেন শইকীয়াই পৰিমালা বৰুৱা কোঁৱৰৰ গল্প সংকলন অশ্ৰু সংবাদ,কবিতা সংকলন নিস্তব্ধ্তাত মধুশালা আৰু প্ৰবন্ধ সংকলন চন্দ্ৰ কুমাৰ আগৱালাৰ কবিতাৰ নিৰ্মাণ শৈলী নামৰ তিনিখন গ্ৰন্থ উন্মোচন কৰে।
উন্মোচনৰ ভাষণত লেখিকাৰ লিখন শৈলী আৰু অন্যান্য দিশৰ উপৰত উৎসাহমূলক মন্তব্য প্ৰদান কৰে ।লেখক সুমন দত্তই আঁতধৰা আৰম্ভনি অনুষ্ঠানটোৰ পাছতে জনপ্ৰিয় উপন্যাসিক জুৰি বৰা বৰগোহাঞিয়ে সাহিত্য অকাডেমি বঁটা বিজয়ী,উপন্যাসিক,গল্পকাৰ অৰূপা পতংগীয় কলিতাৰ সৈতে অন্তৰংগ আলাপত মিলিত হয়।ডক্তৰ নগেন শইকীয়াই উপন্যাসিক গৰাকীক জনপ্ৰিয় উপন্যাস ফেলানি সৃষ্টি কৰা অন্তৰালৰ কথাখিনি সোধা লগতে উপস্থিত গ্ৰন্থপ্ৰেমী সকলে কৰা বিভিন্ন প্ৰশ্ন অতি সহজ সৰল আৰু সাৱলীল ভাবে উত্তৰ দি সকলোকে মুগ্ধ কৰে। আজিৰে পৰা ২৫ ডিচেম্বৰলৈকে অনুষ্ঠিত হবলগীয়া গ্ৰন্থ মহোৎৱৰ প্ৰতি দিনাই সাহিত্য সম্পৰ্কীয় আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।
ডিব্ৰুগড়ৰ পৰা বিভাস দুৱৰা।