চিৰাঙত গণ সংক্ৰমণ অব্যাহত, আজি ৬৬জন ক’ভিড-১৯ পজিটিভ চিনাক্ত
নিয়মীয়া বাৰ্তা, ২৭ আগষ্টঃ চিৰাং জিলাত আজি নতুনকৈ ৬৬ জন ব্যক্তিক ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে। জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই জানিবলৈ দিয়া মতে, আজি ক’ভিড-১৯ পজিটিভ হিচাপে চিনাক্ত হোৱা ৬৬ জনৰ দেহত ৰেপিড এন্টিজেন টেষ্ট পদ্ধতিৰে ক’ভিড-১৯ পজিটিভ ধৰা পৰে।
উল্লেখ্য যে যোৱা ২১ আগষ্টৰ পৰা জিলাখনত শিক্ষকসকলৰ ৰেপিড এন্টিজেন টেষ্ট কৰি থকা হৈছে আৰু আজি পজিটিভ ধৰা পৰা সৰহসংখ্যকেই জিলাৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত শিক্ষক। পজিটিভ ধৰা পৰা সকলোকে জিলাখনৰ কেইবাটাও ক’ভিড কেয়াৰ চেন্টাৰত চিকিৎসাধীন কৰা হৈছে। উল্লেখ্য যে কালিও জিলাখনত ৰেপিড টেষ্টৰ জৰিয়তে কৰা ক’ভিড পৰীক্ষণত ১৭ জন ব্যক্তিৰ দেহত ক’ভিড-১৯ৰ অৱস্থিতি ধৰা পৰিছিল।
আজিলৈকে জিলাখনত ক’ভিড-১৯ পজিটিভৰ সংখ্যা ৭৯৭ জনলৈ বৃদ্ধি পাইছে। ইয়াৰে ২২৪গৰাকীৰ চিকিৎসা অব্যাহত ৰাখিছে। আজি আৰোগ্য লাভ কৰা ২০ জনৰ সৈতে জিলাখনৰ মুঠ ৫৭৩ জনক আৰোগ্য লাভ কৰাত ঘৰলৈ যাব দিয়া হৈছে বুলিও জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়ে।