নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৭০ লাখ পৰিয়াল উপকৃত হৈছে আমাৰ কার্যকালতঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা, ১৬ ডিচেম্বৰঃ তিৱা স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনলৈ মাজত মাথোঁ এটা দিন বাকী থকা অৱস্থাত কামৰূপ মহানগৰ জিলাৰ ৬ তিৱা পৰিষদীয় সমষ্টিৰ বিজেপি প্রার্থীসকলৰ বাবে সোণাপুৰ খেলপথাৰত অনুষ্ঠিত এখন বিশাল নির্বাচনী সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰি প্রচাৰ অভিযান চলায়৷ কামৰূপ মহানগৰ জিলাৰ ছয় সমষ্টিৰ প্রার্থীসকল ক্রমে ২৬নং ডিমৰীয়া সমষ্টিৰ মিলেশ্বৰ দেউৰী, ৩২নং ডিগাৰুৰ প্রার্থী জবা ইংতি, ৩৩নং ক্ষেত্রীৰ দিব্যলতা বৈশ্য, ৩৪নং সোণাপুৰৰ পৰেশ ৰাহাং, ৩৫নং আম্প্রী সমষ্টিৰ ভৱেশ কাথাৰ আৰু ৩৬নং ফংআৰিৰ বিজেপি সমর্থিত প্রার্থী টিকেন বসুমতাৰীক জয়ী কৰাবলৈ মুখ্যমন্ত্রীয়ে আহ্বান জনায়৷

উল্লেখ্য যে তিৱা স্বায়ত্ত পৰিষদৰ নির্বাচনী প্রচাৰৰ অন্তিম দিনা সোণাপুৰ ক্ষুদ্র ক্রীড়াংগনত কেইবাসহস্র বিজেপি নেতা–কর্মীৰ উপস্থিতিত অনুষ্ঠিত উক্ত বিশাল নির্বাচনী প্রচাৰ সভাখনত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, ডিফু লোকসভা সমষ্টিৰ সাংসদ তথা তিৱা স্বায়ত্তশাসিত পৰিষদৰ বিজেপিৰ প্রভাৰী হৰেনছিং বে’, বিজেপিৰ ৰাজ্যিক উপ–সভাপতি জয়ন্ত দাসকে প্রমুখ্য কৰি কেইবাগৰাকীও ৰাজ্যিক পর্যায়ৰ নেতাই অংশগ্রহণ কৰে৷

মন কৰিবলগীয়া যে কামৰূপ মহানগৰ জিলাৰ অন্তর্গত ডিমৰীয়াৰ ছয় সমষ্টিত কংগ্রেছ বা আন ৰাজনৈতিক দলে জোৰদাৰ কৰিব পৰা নাই প্রচাৰ অভিযান৷ সেয়ে বিজেপিৰ ছগৰাকী প্রার্থী অনায়াসে জয়ী হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে৷ সভাত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে কয় যে তিৱা পৰিষদীয় নির্বাচনত বিজেপি জয়ী হ’লে কেৱল তিৱা জনগোষ্ঠীৰে নহয় অন্যান্য জনগোষ্ঠীৰো উন্নয়ন কৰিব৷ লগতে এই নির্বাচনে বিভিন্ন জাতি–জনগোষ্ঠীৰ মাজতো সমন্বয় গঢ় দিয়াত সহায় কৰিব৷ সমষ্টি উন্নয়নৰ নামত অহা ধন কোনেও আত্মসাৎ কৰিব নোৱাৰিব৷ এখন দুর্নীতিমুক্ত অসম গঢ় দিয়াত বিজেপি চৰকাৰে গুৰুত্ব দি আহিছে৷ আশ্বাস আৰু বিশ্বাসত লৈ উন্নয়নৰ নামত অহা ধন স্বচ্ছ আৰু নিকাভাৱে ব্যয় কৰি জনসাধাৰণৰ উন্নয়ন কৰা হ’ব৷

মুখ্যমন্ত্রীয়ে কয় যে বিজেপিৰ বাদে অন্য দলে সামাজিক আৰু আর্থিক নিৰাপত্তা নিশ্চিত কৰিব নোৱাৰে৷ মর্যাদা, সন্মান দিব লাগিব প্রতিটো জনগোষ্ঠীৰ লোকক৷ বিজেপিৰ চৰকাৰ থকা মানে সমাজৰ উন্নয়ন, জাতিৰ উন্নয়ন, দেশৰ উন্নয়ন৷ সকলো পৰিয়ালে এই বিজেপিৰ চৰকাৰৰ পৰা ন্যায় পাবলৈ সুবর্ণ সুযোগ লাভ কৰিছে৷ মানৱীয় নীতিৰ দ্বাৰা সকলোৱে সম–ধিকাৰ লাভ কৰিছে৷ আমাৰ চৰকাৰৰ কার্যকালত ৭০ লাখ পৰিয়াল উপকৃত হৈছে৷ বিনামূলীয়া ৰন্ধন গেছ, বিভিন্ন উন্নয়নৰ আঁচনি লাভ কৰিছে৷ দৰিদ্র পৰিয়াল যাতে ভোকত থাকিব নালাগে, তাৰ বাবে তেনে পৰিয়ালৰ বাবে বিনামূলীয়া চাউল যোগান ধৰা হৈছে৷ দলং, ৰাস্তা–ঘাট আদি নির্মাণৰ ক্ষেত্রতো বিজেপি চৰকাৰে গুৰুত্ব দিছে৷

ইতিমধ্যে ৰাজ্যৰ ২৬ লাখ মহিলা গোটক স্বাৱলম্বী হ’ব পৰাকৈ আর্থিক অনুদান প্রদান কৰা হৈছে৷ লগতে মুখ্যমন্ত্রীগৰাকীয়ে কয় যে কংগ্রেছ দলে ৫৫ বছৰ শাসন চলালে, কিন্তু সর্বসাধাৰণ ৰাইজক সামাজিক নিৰাপত্তা দিয়াত ব্যর্থ হ’ল৷ ভাষা, কৃষ্টি–সংস্কৃতি, মাটি–ভেটি সুৰক্ষিত কৰাৰ ক্ষেত্রতো গুৰুত্ব প্রদান কৰা হৈছে৷ উন্নত শিক্ষাৰ ক্ষেত্রতো সমাজখনক উন্নত দিশত আগুৱাই নিয়াৰ ক্ষেত্রত বিজেপি চৰকাৰে গুৰুত্ব আৰোপ কৰিছে৷ সেয়েহে তিৱা স্বায়ত্তশাসিত পৰিষদৰ বিজেপি সমর্থিত প্রার্থীসকলক বিপুল ভোটত জয়ী কৰাবলৈ সকলোকে আহ্বান জনায়৷

You might also like