উন্নয়নৰ ৮০ শতাংশ ধন আত্মসাৎ কৰিছে হাগ্রামা চৰকাৰে
খাগ্রাবাৰীত ওদালগুৰি এবছুৰ স্বর্ণ জয়ন্তীত প্রমোদ বড়ো
নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ ‘কৃষি খণ্ডৰ উন্নয়নৰ জৰিয়তে বিটিআৰৰ অর্থনৈতিক বুনিয়াদ টনকিয়াল কৰিব লাগিব৷ ইয়াৰ বাবে বিটিচি চৰকাৰে কৃষকক আধুনিক কৃষি সঁজুলি বিনামূলীয়াকৈ যোগান ধৰাৰ ব্যৱস্থা কৰিব৷ কৃষি খণ্ডৰ লগতে শিক্ষা, স্বাস্থ্য ইত্যাদি খণ্ডৰো আমূল পৰিৱর্তনৰ মাজেৰে চৰকাৰখনক ৰাইজৰ ওচৰলৈ লৈ যোৱা হ’ব৷’ –এই মন্তব্য বিটিচিপ্রধান প্রমোদ বড়োৰ৷ ভেৰগাঁও মহকুমাৰ খাগ্রাবাৰীৰ নৌলৌবাৰী পথাৰত ২১ জানুৱাৰীৰ পৰা তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত ওদালগুৰি জিলা এবছুৰ সোণালী জয়ন্তীৰ আজি অনুষ্ঠিত মুকলি সভাত বিশেষ অতিথিৰূপে অংশ লৈ বিটিচিৰ মুখ্য কার্যবাহী সদস্যগৰাকীয়ে কয় যে সোতৰ বছৰে আৱর্জনাৰে ভৰি থকা বিটিচি প্রশাসনৰ সংস্কাৰ সাধন কৰিব লাগিব৷ আমোলাসকলৰ কামৰ ফাঁকি সহ্য কৰা নহ’ব৷ দুর্নীতিৰ সৈতে কোনোপধ্যে আপোচ কৰা নহ’ব৷ বিটিআৰৰ কোনো সম্প্রদায়ৰ লোকে ভূমিৰ অধিকাৰক লৈ তিলমানো চিন্তিত হ’ব নালাগে বুলি উল্লেখ কৰি তেওঁ আৰু কয় যে অসমলৈ প্রধানমন্ত্রী অহাৰ দিনটোত ২৩ জানুৱাৰীত বিটিআৰৰ ৫০০০ লোকক ভূমি পট্টা প্রদান কৰা হ’ব৷ যুৱপ্রজন্মক আগুৱাই নিয়াৰ বাবে, মহিলা সবলীকৰণৰ বাবে চৰকাৰখনে সঠিক আঁচনি গ্রহণৰ পৰিকল্পনা হাতত লোৱাৰ কথা উল্লেখ কৰি বড়োৱে লগতে কয় যে তেওঁৰ চৰকাৰখনে প্রকৃতার্থত ৰাইজৰ উন্নয়নৰ কাৰণে, সেৱাৰ মনোভাবেৰে কাম কৰি যাব৷ শিক্ষানুষ্ঠানসমূহত খালী হৈ থকা পদসমূহ পূৰণ কৰাৰ লগতে শিক্ষানুষ্ঠানসমূহৰ আন্তঃগাঁথনিৰ উন্নয়ন কৰা হ’ব বুলিও মন্তব্য কৰে৷
নাতিদীর্ঘ ভাষণত প্রমোদ বড়োৱে পূর্বৰ বিপিএফ চৰকাৰখনৰ কাম–কাজক তীব্র সমালোচনা কৰি কয় যে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ চৰকাৰখনে ১৭ বছৰে আঁচনি ৰূপায়ণৰ নামত আশী শতাংশ ধনেই আত্মসাৎ কৰিলে৷ ৰাইজৰ উন্নয়নলৈ পিঠি দি কেৱল বিদেশ ভ্রমণ কৰিয়েই সময় পাৰ কৰিলে, ৰাইজৰ টকা খৰচ কৰিলে৷ ওদালগুৰি জিলা এবছুৰ সভাপতি আনন্দ দৈমাৰীৰ সভাপতিত্বত অনুষ্ঠিত জনাকীর্ণ সভাখনত মুখ্য অতিথিৰূপে ভাগ লৈ এবছুৰ সভাপতি দ্বীপেন বডোৱে কয় যে প্রমোদ বডো নেতৃত্বাধীন ইউ পি পি এল, বিজেপি আৰু জি এছ পি মিত্রজোঁটৰ চৰকাৰখনে ৰাইজৰ সেৱা কৰিব পাৰিব বুলি আমাৰ বিশ্বাস৷ প্রমোদ বড়োৰ নেতৃত্বত দুর্নীতিমুক্ত, সুশাসনৰ এখন চৰকাৰ ৰাইজে পাব বুলি আমাৰ বিশ্বাস৷ ১৯৭০ চনত গঠিত ওদালগুৰি জিলা এবছুৱে বহু ঘাত–প্রতিঘাত পাৰ কৰি আহি আজিৰ এই সোণালী জয়ন্তী বর্ষ গৰকাৰ সময়ত গৌৰৱ অনুভৱ কৰি এবছুৰ শীর্ষনেতাগৰাকীয়ে বডো জাতিৰ সংগ্রামখনত অৰিহণা আগবঢ়াই থৈ যোৱা নেতাসকলৰ শ্রম আৰু ত্যাগৰ কথা উল্লেখ কৰি তেওঁলোকক শ্রদ্ধাৰে সোঁৱৰে৷ বিটিআৰ চুক্তিয়ে বিটিচি অঞ্চললৈ শান্তি ঘূৰাই আনিবলৈ সক্ষম হৈছে বুলিও ছাত্র নেতাগৰাকীয়ে মন্তব্য কৰে৷ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে সভা উদ্বোধন কৰি কয় যে বিটিআৰ চুক্তিৰ দফাসমূহ আখৰে আখৰে ৰূপায়ণ কৰিবলৈ চৰকাৰখনে চেষ্টা চলাব৷ বডো লোকনৃত্য, গীত–মাতেৰে মুখৰ হৈ পৰা সভাখনত প্রাক্তন বিধায়ক নাথুৰাম বড, কৰেন্দ্র বসুমতাৰী, বিটিআৰৰ কার্যবাহী সদস্য দিগন্ত বৰুৱা, ৰণেন্দ্র নার্জাৰী, এম চি এল এ দাউবৈছা বডো, ভবেনাদ্র বডো, দিলীপ বডোসহ বিভিন্ন ছাত্র সংগঠনৰ নেতা উপস্থিত থাকে৷