নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮০ শতাংশই নিপিন্ধে মাস্কঃ ৰাজ্যত এতিয়াও আঁতৰা নাই ক’ৰোনা ভাইৰাছৰ বিভীষিকা

নিয়মীয়া বাৰ্ত‍া, ২১ আগষ্টঃ ৰাজ্যত এতিয়াও ক’ভিডৰ বিভীষিকা আঁতৰি যোৱা নাই৷ –এই সকীয়নি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় প্রেক্ষাগৃহত   আয়োজিত এক অনুষ্ঠানত স্বাস্থ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনত নিতৌ ক’ভিডত আক্রান্ত লোকৰ মৃত্যুৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আছে৷ সৌ সিদিনালৈ দৈনিক গড়ে চাৰিগৰাকীকৈ লোকৰ ক’ভিডত মৃত্যু হৈছিল৷ কিন্তু কালি সেই মৃতকৰ সংখ্যা ১০গৰাকী হ’ল৷ তদুপৰি ক’ভিডত আক্রান্ত হৈ সুস্থ হৈ ঘৰলৈ উভতি যোৱাৰ পিছতো বহু লোক পুনৰ চিকিৎসালয়লৈ আহিবলগীয়া হয়৷ পার্শ্বৱর্তী ক্রিয়া বহু দিনলৈ থাকে৷ হাঁওফাঁওৰ স্থায়ী ক্ষতি হয়৷

ক’ভিডৰ বিভীষিকা সেয়ে এতিয়াও আঁতৰা নাই৷ কেতিয়াকৈ ভেক্চিন আহিব, সেয়া নিশ্চিতভাৱে জনা নাযায়৷ হয়তো অহা তিনি–চাৰি মাহ পাছত ভেক্চিন দেখা পোৱা যাব৷ বর্তমান তৃতীয় পর্যায়ৰ পৰীক্ষণ চলি আছে৷ কিন্তু ক’ভিডৰ ভয়াৱহতা অক্ষুণ্ণ থকা সত্ত্বেও ৮০ শতাংশ লোকে এতিয়াও মাস্ক পৰিধান নকৰে, সামাজিক দূৰত্ব মানি নচলে৷ কালি তেওঁ মঙলদৈ হৈ তেজপুৰ মেডিকেল কলেজলৈ গৈছিল৷ তেজপুৰৰ পৰা নগাঁও হৈ গুৱাহাটীলৈ উভতি আহে৷ কিন্তু তেওঁ সেই যাত্রাত দেখিবলৈ পাইছে ৮০ শতাংশ লোকেই মাস্ক পৰিধান নকৰাকৈ, সামাজিক দূৰত্ব মানি নচলাকৈ চলা–ফিৰা কৰি আছে৷ ক’ভিডৰ ভেক্চিন নোলোৱা পর্যন্ত স্বাস্থ্য বিভাগৰ প্রত্যাহ্বান বাঢ়ি থাকিব৷ ইয়াৰ পৰিপ্রেক্ষিতত আজি লখিমপুৰ মেডিকেল কলেজ হাস্পতালত নিযুক্তি দিয়া ২০১গৰাকী ষ্টাফ নার্ছ আৰু ৰাজ্যখনৰ গ্রামাঞ্চলত সেৱাৰ বাবে নিযুক্তি দিয়া ১৫৭গৰাকী চিকিৎসকক সদ্যহতে ক’ভিডৰ চিকিৎসা সেৱাত সংলগ্ণ কৰাৰ বিষয়ে উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে চিকিৎসকসকলে নিযুক্তিৰ প্রথম এটা বছৰ গ্রামাঞ্চলত সেৱা আগবঢ়াব লাগে৷ কিন্তু সাম্প্রতিক ক’ভিডৰ পৰিস্থিতিলৈ চাই সদ্যহতে তেওঁলোকক ক’ভিডৰ চিকিৎসা সেৱাত নিয়োজিত কৰা হ’ব৷

ক’ভিড সেৱাত নিয়োজিত হৈ থকা মাহকেইটা গ্রামাঞ্চলত সেৱা আগবঢ়োৱা হিচাপে স্বাস্থ্য বিভাগে গণ্য কৰিব৷ সেইদৰে লখিমপুৰ মেডিকেল কলেজ হাস্পতালত নিযুক্তি দিয়া ষ্টাফ নার্ছসকলেও সদ্যহতে গুৱাহাটী, শিলচৰ, ডিব্রুগড় আৰু যোৰহাট মেডিকেল কলেজ হাস্পতালত ক’ভিড সেৱাৰ দায়িত্বত নিয়োজিত থাকিব৷ অহা ১৫ নৱেম্বৰত তেওঁলোক লখিমপুৰ মেডিকেল কলেজ হাস্পতালত যোগদান কৰিব পাৰিব৷ নৱনিযুক্ত নার্ছসকলৰ ১০০গৰাকী জিএমচিএইচত, ২০গৰাকী যোৰহাট মেডিকেল কলেজ হাস্পতালত, ২০গৰাকী শিলচৰ মেডিকেল কলেজ হাস্পতালত, ৩০গৰাকী ডিব্রুগড় মেডিকেল কলেজ হাস্পতালত সদ্যহতে কর্তব্য সম্পাদনৰ বাবে নিয়োজিত কৰা হৈছে৷

You might also like