নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮০ বছৰ বয়সত বুলেট চলাই চমক দিয়া মৰিগাঁৱ ৰ ৰবি ডেকাই পৰাভূত কৰিলে কভিড

কভিড কালৰ বেয়া খবৰবোৰৰ মাজতে এনে কিছু সংখ্যক ব্যক্তি আছে যিয়ে কঢ়িয়াই আনিছে সমাজলৈ আশাৰ বতৰা। যি সময়ত কোভিড মহামাৰীয়ে বহু জনৰ জীৱনত অনাকাঙ্খিত পৰিবেশ সৃষ্টি কৰিছে সেই সময়তে মৰিগাঁৱ জিলাখনৰে এগৰাকী জেষ্ঠ নাগৰিক তথা এসময়ৰ প্ৰখ্যাত ব্যৱসায়ী ৰবি ডেকাই ৮০ বছৰ বয়সত কোভিড ক জয় কৰি সুস্থ সবল অৱস্থাত হাস্পতালৰ ৰ পৰা মুকলি হৈ পুনৰ দৈনন্দিন কামকাজ ত জড়িত হৈ পৰিছে।

প্ৰচণ্ড মনোবল ৰ আৰু মানসিক শক্তিৰ অধিকাৰী ৰবি ডেকাই হস্পিতেল ৰ মুকলি হৈ পূৰ্বৰ দৰে নিজৰ ৰয়েল এনফিল্ড মটৰ চাইকেল খন চলাই ঘূৰি ফুৰাৰ দৃশ্যই আপ্লুত কৰিছে স্থানীয় ৰাইজক।

উল্লেখ্য কিছুদিন পূৰ্বে কভিডত আক্ৰান্ত হৈ ৰবি ডেকাই মৰিগাঁও অসামৰিক চিকিৎসালয় ত চিকিৎসাধীন হৈ আছিল। চিকিৎসকৰ পৰামৰ্শ আৰু নিজৰ অদম্য মনোবল ৰ বাবে খুব কম দিনৰ ভিতৰত কভিড নিগেটিভ হৈ ৰবি ডেকা পুনৰ শলমাৰীৰ ঘৰখনলৈ উভতি আহিবলৈ সক্ষম হয়। পিছে সুস্থ হোৱাৰ পিছত বহি নাথাকিল তেওঁ। ৰয়েল এনফিল্ড চলাই পথাৰ, ফিছাৰী সকলোতে নিজে কৰ্মত ব্ৰতী হৈ থকা ৰবি ডেকাৰ পুত্ৰ তথা অন্যান্য পিছপৰা জনজাতি বৰ্ডৰ মৰিগাঁও জিলাৰ অধ্যক্ষ শিবাজী ডেকাই পিতৃৰ এই আত্মবিশ্বাস আৰু মনোবলৰপৰা নতুন প্ৰজন্মই সুস্থ জীৱন সম্পৰ্কে শিকিবলগীয়া বহু খিনি আছে বুলি মন্তৱ্য কৰে

You might also like