বিটিচিত জবকার্ড শ্রমিকৰ ৯০% ধন আত্মসাৎ বিপিএফৰঃ প্রমোদ বড়ো
নিয়মীয়া বাৰ্তা, ৫ অক্টোবৰঃ ‘বি টি আৰত ইউ পি পি এলৰ চৰকাৰ মানে জনগণক সেৱাৰ চৰকাৰ হ’ব৷ সোতৰ বছৰীয়া বি পি এফৰ চৰকাৰৰ দৰে নহয়৷ ইউ পি পি এলৰ দ্বাৰা গঠিত চৰকাৰ মানে সকলো জনগোষ্ঠীৰ সন্মিলিত– সমন্বয়ৰ চৰকাৰ হ’ব৷ যাৰ বােব বি টি আৰত বসবাস কৰা প্রতিটো জনগোষ্ঠীৰ বিপৰীতে একোখনকৈ উন্নয়ন পৰিষদ গঠন হ’ব৷’ এই মন্তব্য কৰে ইউ পি পি এলৰ সভাপতি প্রমোদ বডোৰ ।
শালবাৰীৰ নিকটৱর্তী পকালাগী গাঁৱত অনুষ্ঠিত ইউ পি পি এলৰ এখন জনসভাত সভাপতি প্রমোদ বডোৱে তেওঁৰ ভাষণত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ তেওঁ কয় ‘বি পি এফ দল–চৰকাৰৰ বিষয়ববীয়াই বিগত সময়ছোৱাত জৱকার্ড শ্রমিকৰ নামত আবণ্টিত ৯৫ শতাংশ ধনেই আত্মসাৎ কৰিছে৷ জবকার্ডৰ শ্রমিকৰ পৰা বলর্পূবকভাৱে, ভাবুকি দি ধন আৰু জবকার্ডেবাৰ কাঢ়ি নিছে৷ শ্রমিকৰ জবকার্ডেবাৰ বি পি এফৰ নেতা–কর্মীৰ হাততে আছে৷ কিন্তু শ্রমিকৰ জবকার্ড, প্রাপ্য ধনেবাৰ ঘূৰাই দিব লাগিব৷ অন্যথা শ্রমিকৰ ধন–জবকার্ড কাঢ়ি নিয়া বি পি এফৰ নেতা–কর্মীৰ বিৰুদ্ধে শ্রমিকে গোচৰ দিয়ক৷ আমি সহায় কৰিম৷ আগন্তুক দিনত বি টি আৰত ইউ পি পি এলৰ চৰকাৰ গঠন হোৱাৰ পিছতে জবকার্ড শ্রমিকৰ ধন আত্মসাৎ কৰা, দুখীয়াৰ নামত আবণ্টিত চৰকাৰী গৃহৰ ধন আত্মসাৎ কৰা আৰু বিভিন্ন দুর্নীতি–কেলেংকাৰিত জডিত বি পি এফৰ নেতা–কর্মীৰ বিৰুদ্ধে এটাৰ পিছত এটা গোচৰ দিয়া হ’ব৷’ প্রমোদ বডোৱে তেওঁৰ ভাষণত বি টি আৰত সকলো জনগোষ্ঠীৰ ৰাইজে ইউ পি পি এলৰ চৰকাৰ গঠন কৰি দ্বি বুলিও দাবী কৰে৷
আনহাতে, শালবাৰীৰ নিকটৱর্তী চামুৱাহাথাইত (কোকলাবাৰী সমষ্টিৰ অন্তর্গত) বাথৌ মন্দিৰত সেৱা লৈ নিখিল বাথৌ মহাসভাৰ বিষয়্ব্বীয়া, বাথৌ ধর্মৰ সেৱকসকলৰ স’তেও মত বিনিময় কৰে৷ দুয়োখন সভাতেই ইউ পি পি এলৰ নেতা হানিফ আলী আহমেদ, মণ্টু বডো, দয়াল শৰণীয়া, আইনুল আলী, প্রাক্তন এম চি এল এ অনিপ বসুমতাৰী, শাল্বাৰী সমষ্টিৰ প্রার্থী বিনোদ মছাহাৰী, মথনগুৰি সমষ্টিৰ প্রার্থী শাজাহান আলী, বিপুল বডো, নিখিল বাথৌ মহাসভাৰ সাধাৰণ সম্পাদক বসন্ত স্বর্গীয়াৰী, পুৰোহিত পদ্মধৰ বসুমতাৰীয়ে ভাষণ দিয়ে৷