খ্রীষ্টানবস্তিৰ চেণ্ট্ৰেল মলত বিধ্বংসী অগ্নিকাণ্ড
নিয়মীয়া বাৰ্তা ৯ ফেব্ৰুৱাৰীঃ মহানগৰীৰ জি এছ ৰোডৰ খ্রীষ্টানবস্তিস্থিত ব্যৱসায়িক প্রতিষ্ঠান চেণ্ড্রেল মলত কালি পুৱতি নিশা এক বিধ্বংসী অগ্ণিকাণ্ড সংঘটিত হয়৷ এই অগ্নিকাণ্ডত চেণ্ড্রেল মলৰ শীর্ষ মহলত থকা আণ্ডাৰ ডগ্ছ বাৰ–ৰেষ্টুৰেণ্ট সম্পূর্ণৰূপে ভস্মীভূত হোৱাৰ লগতে লক্ষাধিক টকাৰ ক্ষয়–ক্ষতি হয়৷ আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ লোক উপস্থিত হৈ বাৰখনত অগ্ণিনির্বাপনৰ গাড়ীৰে সুদীর্ঘ ৪ ঘণ্টা সময় চেষ্টা চলাই অগ্নি নির্বাপন কৰিবলৈ সক্ষম হয়৷ এই সময়ছোৱাত সমগ্র জি এছ ৰোডত ব্যাপক যান–জঁটৰ সৃষ্টি হোৱাৰ লগতে শ শ যান–বাহন ৰাজপথত আবদ্ধ হৈ পৰে৷
ঘটনাস্থলীত মহানগৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ লগতে অগ্ণিনির্বাপক বাহিনীৰ শীর্ষ বিষয়াৰ দল উপস্থিত হৈ অগ্নিকাণ্ডৰ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত আৰম্ভ কৰে যদিও অগ্ণিকাণ্ডৰ প্রকৃত কাৰণ পোহৰলৈ অহা নাই৷ আৰক্ষী সূত্রই জনোৱা মতে কালি পুৱতি নিশা প্রায় ৪.৩০ বজাত চেণ্ড্রেল মলৰ পৰা ক’লা ধোঁৱা নির্গত হোৱাত নিৰাপত্তাৰ লোকে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ পূর্বেই এই অগ্নিকাণ্ডই ভয়ংকৰ ৰূপ ধাৰণ কৰে৷ নিমিষতে জুইৰ লেলিহান শিখাই আণ্ডাৰ ডগছ বাৰ–ৰেষ্টুৰেণ্ট ছানি ধৰে৷
ফলত ৰেষ্টুৰেণ্টখনৰ ভিতৰত থকা সকলো আচবাব–পত্র আৰু বৈদ্যুতিক সামগ্রী আদি জ্বলি ছাই হয়৷ এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা নাই যদিও সমগ্র অঞ্চলটোত আজি পুৱাৰে পৰা চাঞ্চল্যৰ সৃষ্টি হয়৷ ইপিনে, কালি নিশা ২ বজাৰ পিছত বাৰখন বন্ধ কৰা বুলি বাৰখনৰ কর্মচাৰীয়ে সংবাদ মাধ্যমৰ আগত সদৰী কৰে৷ কিন্তু বাৰখন বন্ধ কৰাৰ কিছু সময়ৰ পিছতেই কেনেকৈ অগ্নিকাণ্ড সংঘটিত হয় সেই সন্দর্ভত সঠিক তথ্য পোহৰলৈ অহা নাই৷ বৈদ্যুতিক শ্বর্ট চার্কিটৰ ফলতেই অগ্ণিকাণ্ড সংঘটিত হয় বুলি আৰক্ষীয়ে সন্দেহ ব্যক্ত কৰে৷ উল্লেখ্য যে এই চেণ্ড্রেল মলৰ ভিতৰতেই বহু ব্যৱসায়িক প্রতিষ্ঠান আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ তৎপৰতাত কথমপি ৰক্ষা পৰে৷