হাতীৰ গচকত কৰুণ মৃত্যু অইলৰ কৰ্মচাৰীৰ
নিয়মীয়া বাৰ্তা, ১৫ অক্টোবৰঃ ডিগবৈ সংৰক্ষিত বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত
ওলাই অহা বনৰীয়া হাতীয়ে খেদি খেদি আক্ৰমণ কৰিলে অইলৰ ব্যক্তিগত কোম্পানীত কৰ্মৰত এজন যুৱকক । এই লোমহৰ্ষক ঘটনাত থিতাতে নিহত হয় মাধুৰ্য্য গগৈ (৩০) নামৰ যুৱকজন ।
এক শ্বাসৰুদ্ধকৰ ঘটনাত বনৰীয়া হাতী জাকটোৰ পৰা আন ৫ জন সহযোগীয়ে কথমপি জীৱন ৰক্ষা কৰিবলৈ সক্ষম হয়। হাতীৰ গচকত শোকাৱহ মৃত্যু হোৱা মাধুৰ্য্য গগৈ নামৰ যুৱকজন অইল ইণ্ডিয়া লিমিটেডৰ তথ্য প্ৰযুক্তি বিভাগৰ অধীনস্হ Trans virtual নামৰ এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত আছিল ।
প্ৰাপ্ত খবৰ অনুসৰি অইলৰ আই টি অৰ্থাৎ তথ্য প্ৰযুক্তিৰ বিভাগৰ অধীনত কৰ্মৰত ৬ গৰাকী ব্যক্তিয়ে অইলৰ এখন নিজা গাড়ীত ডিগবৈ অইল ফিল্ডলৈ গৈছিল । ডিগবৈ-মাকুমৰ মাজত এটা কমিউনিকেচন লিংক বিকল হোৱাত অইলৰ পাইপলাইনৰ অধীনৰ টেলিফোন এক্সচেঞ্জ টাৱাৰত ৰেডিঅ’ নেটৱৰ্কৰ নিৰীক্ষণ আৰু যাৱতীয় কাম সম্পাদন কৰি ৬ জনীয়া দলটোৱে পুনৰ ডিগবৈ অইল ফিল্ডৰ পৰা দুলীয়াজান অভিমুখী হওঁতেই এই ভয়ংকৰ ঘটনাটো সংঘটিত হয় ।
এই ঘটনাত আঘাতপ্ৰাপ্ত হয় কেইবাজনো লোক। হাতীৰ আক্ৰমণত নিহত হোৱা বৰডুবিৰ যুৱকজনে প্ৰায় এমাহ পূৰ্বে অইলৰ অধীনৰ উক্ত কোম্পানীটোত যোগদান কৰিছিল । উল্লেখযোগ্য যে প্ৰায় ২০ দিন পূৰ্বে খাদ্যৰ সন্ধানত ঘন জংঘলৰ পৰা মুকলি স্থানলৈ ওলাই অহা এনে এজাক বনৰীয়া হাতীৰ সন্মুখীন হৈছিল অইল নিৰাপত্তাৰক্ষীৰ দল এটা। তেওঁলোকে গাড়ীৰ ভিতৰতে লুকাই কথমপি ৰক্ষা পৰিছিল । হস্তী-মানুহৰ মাজত সঘন সংঘটিত এনে ঘটনাই অইলৰ বিভাগীয় লোকসকলৰ মাজত এতিয়া আতংক সৃষ্টি কৰিছে ।