আই নদীত নাওঁ দুৰ্ঘটনা, দৈব ক্ৰমে ৩০ জনৰ প্ৰাণ ৰক্ষা
নিয়মীয়া বাৰ্তা, ১৭ আগষ্ট: বানপানীৰ বিভিষিকাৰ মাজতে আজি চিৰাং জিলাৰ নাঙলভঙাত সংঘটিত হয় এক নাও দুৰ্ঘটনা।নাঙলভঙাত আই নদী নাঁৱেৰে পাৰ হৈ থকা অৱস্থাত সংঘটিত হয় এই দুৰ্ঘটনা। নাওঁ খনত থকা যাত্ৰী সকলক স্থানীয় ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰা হৈছে।
চিৰাং আৰক্ষীয়ে জানিবলৈ দিয়া মতে উদ্ধাৰ কৰা লোক সকল ঔগুৰি ,পাটাবাৰী অঞ্চলৰ। প্ৰায় ৩০ জন ব্যক্তিয়ে নাওঁ খনত পুৱা প্ৰায় ৮-৩০ বজাত নাঙলভাঙা হৈ নিজৰ নিজৰ কৰ্মস্থল তথা বঙাইগাঁও জিলা অভিমুখে আহি থকা অৱস্থাত আই নদীৰ মাজত কোবাল সোঁতত পৰি নাওঁ খন লুটি বাগৰ মাৰি ডুবি যায়।
উক্ত নাওঁ খনত মানুহৰ উপৰিও ৯ খন বাইক আৰু কেইবাখনো চাইকেল আছিল। নাওঁ খন বাগৰি যোৱাৰ ফলত কোনো এজন মানুহৰ প্ৰাণ হানি হোৱাৰ পৰা দৈব ক্ৰমে ৰক্ষা পৰে। নাৱত থকা ৯ খন বাইকৰ ৭ খন পাছত উদ্ধাৰ হ’ল যদিও বাকী ২ খন বাইকৰ বৰ্তমানলৈ সন্ধান পোৱা নাই।।