বালিপৰাত আক্ৰাছুৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন
নিয়মীয়া বাৰ্তা, ২ ডিচেম্বৰ : শোণিতপুৰৰ বালিপৰাত কালি সদৌ অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা চমুকৈ আক্ৰাছুৰ উদ্যোগত এখন গুৰুত্বপূৰ্ণ নাগৰিক সভা আৰু কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰা হয়। বালিপৰা গাঁও পঞ্চায়তৰ সভাকক্ষত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত সভাপতিত্ব কৰে কেন্দ্ৰীয় সভাপতি নিতুল ৰাজবংশীয়ে। সভাখন ডিচেম্বৰ মাহৰ শেষৰ ফালে প্ৰত্যেকখন জিলা সমিতিৰ তৰফৰপৰা কোচ ৰাজবংশীৰ জনজাতিৰ মৰ্যদা বিষয়ত নিজ নিজ জিলা আয়ুক্তৰ জৰিয়তে ৰাজ্যৰ মুখ্যমন্ত্ৰী, দেশৰ প্ৰধানমন্ত্ৰী, গৃহ মন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰীলৈ একোখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰা, অনাগত ২০২৫ বৰ্ষৰ জানুৱাৰী মাহত মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী , গৃহমন্ত্ৰী, জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ পুত্তলিকা দাহ কাৰ্যসূচী গ্ৰহণ কৰাৰ মাহজোৰা প্ৰস্তাৱ, আক্ৰাছুৱে আগন্তক ফেব্ৰুৱাৰী মাহৰ পৰা এপ্ৰিললৈকে এক লাখ সদস্যভৰ্তি কৰা, জনজাতিকৰণ সন্দৰ্ভত কোচ ৰাজবংশী অধ্যুষিত অঞ্চলত ৰাইজৰ মাজত সজাগতামূলক প্ৰচাৰ অভিযান চলোৱা, সাংগঠনিক স্থিতি সুদৃঢ়কৰণ কৰা ইত্যাদি বিভিন্ন বিষয়ত আলোচনা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয়। লগতে শোণিতপুৰ জিলাৰ কোচ ৰাজবংশী নাগৰিক মঞ্চ গঠনৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰেম মেধীক মুখ্য আহ্বায়ক হিচাপে লৈ এখন ২১ জনীয়া আহ্বায়ক সমিতিয়ো সৰ্বসন্মতিমৰ্মে সভাত গঠন কৰা হয়। সভাখনত আক্ৰাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি বিক্ৰম হাজৰিকা, সাংগঠনিক সম্পাদক নিলোৎপল দাস, শোণিতপুৰ জিলা আক্ৰাছুৰ সভাপতি বিজেন্দ্ৰ কোচৰ লগতে কেন্দ্ৰীয়,জিলা সমিতিৰ ভালেমান বিষয়ববীয়া, ৰাইজ, শুভাকাংক্ষী উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল বৰা