বিধায়ক বিমল বৰাক ক্ষুৰধাৰ সমালোচনা ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ
- শ্ৰমিকৰ মজুৰিৰ দাবীত এলানি আন্দোলনৰ কাৰ্যসূচী
নিয়মীয়া বাৰ্তা ৮ ছেপ্টেম্বৰঃ বাগিচাৰ গাভৰু-যুৱতীৰ ৰং- ৰূপ চোৱাতকৈ শ্ৰমিকৰ দৈনিক মজুৰি, শিক্ষা-স্বাস্থ্য আৰু বাসস্হানৰ ওপৰত গুৰুত্ব দিয়ক — টিংখাং সমষ্টিৰ বিধায়ক বিমল বৰাক এইদৰে ক্ষুৰধাৰ সমালোচনা কৰে ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্হাই । উল্লেখযোগ্য যে কিছুদিনৰ পূৰ্বে বিধায়ক বিমল বৰাই বৈদ্যুতিন নিউজ চেনেলৰ যোগেদি বিজেপি চৰকাৰৰ জয়গান গাবলৈ গৈ “আদিবাসী জনগোষ্ঠীৰ চাহ বাগিচাৰ যুৱতীসকল বিজেপি চৰকাৰৰ দিনতে মুখত লিপিষ্টিক, হাত-ভৰিত ৰং লগাবলৈ সক্ষম হৈছে” বুলি যি অপমানসূচক মন্তব্য কৰে তাৰ বিৰুদ্ধে কালি বিমল বৰাৰ ঘৰ ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছিল যদিও জিলা প্ৰশাসনৰ হস্তক্ষেপত আদিবাসী ছাত্ৰ সংগঠনটোৱে কাৰ্যসূচী স্থগিত ৰাখে । কিন্তু অহা এসপ্তাহৰ ভিতৰত বিধায়কগৰাকীক ৰাজহুৱা ভাৱে ক্ষমা বিচাৰিবলৈ দাবী জনাইছে সংগঠনটোৱে । এক প্ৰেছ বিবৃতিৰ জৰিয়তে সংগঠনটোৱে এই বিষয়ে সংবাদমাধ্যমক জানিবলৈ দিয়ে ।
আনহাতে কালি ডিব্ৰুগড় জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি মদন বাঘোৱাৰৰ সভাপতিত্বত ৰাজগড়ত অনুষ্ঠিত হয় এক জৰুৰীকালীন কাৰ্যনিৰ্বাহক সভা। সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই জিলাৰ সাধাৰণ সম্পাদক মনোজ ওৰাঙে ।
উক্ত সভাতেই চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ দাবীত অহা ১১ ছেপ্টেম্বৰত প্ৰত্যেক আঞ্চলিকৰ বাগিচা বাগিচাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ আৰু ১৬ ছেপ্টেম্বৰৰ পৰা ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ।
সভাত উপস্থিত থাকে জিলা সমিতিৰ উপ-সভাপতি বিছু মুণ্ডা, সহকাৰী সম্পাদক মিঠু কিস্কু আৰু দুলীয়াজান, নাহৰকটীয়া, টিংখাং, মৰাণ আঞ্চলিকৰ বিষয়ববীয়া সকল ।