নিয়মীয়া বাৰ্তা ৩১ মেঃ অসমৰ অস্তিত্ব ৰক্ষা আন্দোলনৰ অন্যতম হোতা, সদৌ অসম ছাত্র সন্থাৰ একালৰ নেতা, অগ্রণী সমাজ সংগঠক তথা অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত সম্পাদকপ্রধান সমীৰণ বৰদলৈৰ দেওবাৰে ৬৩ বছৰ বয়সত দেহাৱসান ঘটে৷ যোৱা কিছু দিন ধৰি দুৰাৰোগ্য ৰোগত আক্রান্ত হৈ স্বাস্থ্যৰ অৱনতি ঘটি আজি পুৱা ৭.১৩ বজাত তেওঁ নিজা বাসভৱনতে ইহলীলা সম্বৰণ কৰে৷ বহুমুখী প্রতিভা তথা প্রচণ্ড মনোবলৰ অধিকাৰী সমগ্র যোৰহাটবাসীৰ বাবে প্রচুৰ তথ্য আৰু শক্তিৰ ভঁৰালস্বৰূপ বিশিষ্ট সমাজ সংগঠকজনৰ মৃত্যুত যোৰহাটত গভীৰ শোকৰ ছাঁ পৰিছে৷
১৯৫৮ চনৰ ২২ ফেব্রুৱাৰীত জন্মগ্রহণ কৰা বৰদলৈয়ে যোৰহাট চৰকাৰী বহুমুখী বালক বিদ্যালয়ৰ পৰা প্রৱেশিকা পৰীক্ষাত উত্তীর্ণ হৈ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা সুখ্যাতিৰে পৰিসংখ্যা বিভাগত স্নাতক ডিগ্রী লাভ কৰে৷ অসমৰ এগৰাকী বিশিষ্ট মুক্তিযুঁজাৰু প্রয়াত তিলেশ্বৰ বৰদলৈৰ জ্যেষ্ঠ পুত্র বৰদলৈয়ে মহাবিদ্যালয়ত অধ্যয়নৰত অৱস্থাৰ পৰাই সদৌ অসম ছাত্র সন্থাত যোগদান কৰি যোৰহাট আঞ্চলিক ছাত্র সন্থাৰ সভাপতিৰ পদত অধিষ্ঠিত হৈছিল৷ অসমৰ বিদেশী খেদোৱা আন্দোলনত অত্যন্ত সক্রিয় ভূমিকা পালন কৰা বৰদলৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি থাকোঁতে বিশ্ববিদ্যালয়ৰ ক’ট সদস্যৰ উপৰি গুৱাহাটী বিশ্ববিদ্যালয় আছু গোটৰ সাধাৰণ সম্পাদক হিচাপে অসম আন্দোলনৰ জটিল সময়ত কার্যনির্বাহ কৰিছিল৷ তেওঁৰ নেতৃত্বত সেই সময়ত অসম আন্দোলনৰ সুৰ বাহিনীয়ে এক নতুন গতি লাভ কৰিছিল৷
ইয়াৰ পৰৱর্তী পর্যায়ত সদায় জাতীয়তাবাদী সত্তাৰ লগত নিজকে একাত্মভাৱে জড়িত কৰি ৰখা বৰদলৈয়ে বিভিন্ন ক্রীডা অনুষ্ঠান, সাংস্কৃতিক অনুষ্ঠান, সামাজিক অনুষ্ঠানৰ লগত জডিত হৈ পৰে৷ যোৰহাটত প্রতিষ্ঠা হোৱা অসম সত্রীয়া সংগীত মহাবিদ্যালয়ৰো তেওঁ অন্যতম প্রতিষ্ঠাপক আছিল৷ ইয়াৰ উপৰি মৃত্যু পর্যন্ত তেওঁ তৰাজান শ্মশান উন্নয়ন সমিতিৰ সভাপতি আৰু অসম পেৰা অলিম্পিক সন্থাৰ সভাপতি হিচাপেও কার্যনির্বাহ কৰি আছিল৷ অসম সাহিত্য সভাৰ দুর্যোগৰ সময়তো তেওঁ ভাৰপ্রাপ্ত সম্পাদকপ্রধান হিচাপে কার্যনির্বাহ কৰি অধিৱেশন অনুষ্ঠিত কৰিছিল৷ যোৰহাটৰ সামাজিক ক্ষেত্রখনৰ সৈতে ওতপ্রোতভাৱে জডিত সমীৰণ বৰদলৈ বকুল বন সমাজৰো সভাপতি হোৱাৰ লগতে সংগীত শিল্পী সন্থা, জ্যোতি চিনে ক্লাব ইত্যাদি অনুষ্ঠানৰ লগতো গভীৰভাৱে জডিত হৈ আছিল৷
তেওঁৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে তৰাজান সোণাৰি গাঁৱৰ নিজা বাসগৃহত অগণন লোকৰ ভিৰ হয়৷ প্রয়াত ছাত্রনেতাগৰাকীৰ মৃত্যুত সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা তথা নেছ’ৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য, আছুৰ সভাপতি দীপাংক কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই গভীৰ শোক প্রকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবর্গলৈ সমবেদনা জ্ঞাপন কৰিছে৷ মৃত্যুৰ খবৰ পোৱাৰ পাছতে তেওঁৰ নশ্বৰ দেহত সদৌ অসম ছাত্র সন্থাৰ শ্রেষ্ঠতম সন্মান হিচাপে আছুৰ ৰক্তিম পতাকা অর্পণ কৰে আছুৰ কেন্দ্রীয় সহকাৰী সাধাৰণ সম্পাদক জুল খাউণ্ড আৰু সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ সভাপতি বিজয় শংকৰ বৰদলৈয়ে৷
ইয়াৰ পাছতে যোৰহাট জিলাৰ উপায়ুক্ত অশোক বর্মন, অতিৰিক্ত উপায়ুক্ত দামোদৰ বর্মন, অসম সাহিত্য সভা, অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতি, যোৰহাট জিলা সমিতি, মহানগৰ সমিতি, যোৰহাট জিলা সাহিত্য সভা, যোৰহাট সাহিত্য সভা, যোৰহাট জিলা ক্রীডা সন্থাৰ সভাপতি শান্তনু পূজাৰী, প্রাক্তন বিধায়ক ৰাণা গোস্বামী, তেওঁৰ একালৰ সতীর্থ তথা প্রাক্তন ছাত্রনেতা নিৰেন শর্মা, ৰাজা চক্রৱর্তী, অসম প্রকাশন পৰিষদৰ সচিব প্রমোদ কলিতা, ৰাইজৰ দল, সদৌ যোৰহাট জিলা ছাত্র সন্থাৰ প্রাক্তন সভাপতি নৰেন বৰঠাকুৰ, যোৰহাট মহকুমা ছাত্র সন্থা, যোৰহাট আঞ্চলিক ছাত্র সন্থা, পূব যোৰহাট আঞ্চলিক ছাত্র সন্থা, পশ্চিম যোৰহাট আঞ্চলিক ছাত্র সন্থা, উত্তৰ–পশ্চিম যোৰহাট আঞ্চলিক ছাত্র সন্থা, বালিগাঁও আঞ্চলিক ছাত্র সন্থা, যোৰহাট জিলা কবি সন্মিলন, উত্তৰ–পশ্চিম জিলা কবি সন্মিলন, যোৰহাট জিলা ক্রীডা সন্থা, যোৰহাট জিলা সাহিত্য সভা, যোৰহাট সাহিত্য সভা, অসম গণ পৰিষদ, যোৰহাট বিধান পৰিষদ।
অগপৰ যোৰহাট জিলা সমতি, যোৰহাট টেনিছ ক্লাব, ইন্দ্রপ্রস্থ সামূহিক উন্নয়ন সংস্থা, জয়হিন্দ মইনা পাৰিজাত, তৰাজান সন্মিলন, তৰাজান মহিলা চ’ৰা, যোৰহাট থিয়েটাৰ, সংগীত শিল্পী সন্থা, যোৰহাট, জ্যোতি চিনে ক্লাব, ড০ ভূপেন হাজৰিকা ফাউণ্ডেচন, জ্ঞানজ্যোতি প্রগতি সমাজ, সোণাৰি গাঁও, অসম কলেজ শিক্ষক সন্থা, যোৰহাট মণ্ডল, সোণাৰি গাঁও নামঘৰ সমিতি (হেমন্ত বৰদলৈ), যোৰহাট নগৰ ব্লক কংগ্রেছ কমিতি, জয়হিন্দ থিয়েটাৰ, তৰাজান সোণাৰি গাঁও, পূব যোৰহাট আর্থ–সামাজিক আৰু সাংস্কৃতিক সুৰক্ষা সমাজ, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, যোৰহাট জিলা সমিতি, চিনামৰা জাতীয় বিদ্যালয়, নেপথ্য সামাজিক–সাংস্কৃতিক অনুষ্ঠান এণ্ড স্প’টছ, নেছিয়া, প্রণৱ দলৈ, মুক্তিযুঁজাৰু সন্মিলন, যোৰহাট, যোৰহাট জিলা পেড্র’লিয়াম ডীলাৰ এছ’চিয়েচন, অসম পেৰা অলিম্পিক এছ’চিয়েচন, অসম, ছেমফর্ড স্কুল, যোৰহাট, সহপাঠী, যোৰহাট, হেমন্ত বৰদলৈ, সদৌ অসম কর্মচাৰী পৰিষদ, যোৰহাট জিলা কর্মচাৰী পৰিষদ, সুৰৰ দেউল সংগীত বিদ্যালয়, যোৰহাট উকীল সন্থা, যোৰহাট জিলা যুৱ–ছাত্র পৰিষদ, আকাশবাণী যোৰহাট কেন্দ্র, বিপুল কলিতা,বকুল বন সমাজ, বকুল বন ন্যাস, যোৰহাট সাংস্কৃতিক মঞ্চ, লায়ন্স ক্লাব, যোৰহাট, সংগীত শিল্পী সন্থাৰ জয়ন্ত নাথ, যোৰহাট ছুইমিং ছ’চাইটী, যোৰহাট প্রেছ ক্লাব, যোৰহাট, যোৰহাট জিলা সাংবাদিক সন্থা, আজু, যোৰহাট জিলা সমিতি, ই–মেডিয়া সন্থা, যোৰহাট জিলা সমিতি, উজনি অসম চেম্বার্ছ অৱ কমার্চ, ফটো সাংবাদিক সন্থাৰ যোৰহাট জিলা সমিতি, পকামূৰা গুৰুযোগনীয়া যুৱ উন্নয়ন সমিতি, জগন্নাথ বৰুৱা মহাবিদ্যালয় ছাত্র একতা সভা, যোৰহাট মহাবিদ্যালয় ছাত্র একতা সভা, চন্দ্রকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয় ছাত্র একতা সভা, চিনামৰা মহাবিদ্যালয় ছাত্র একতা সভা, সতীর্থ–৭৯ যোৰহাট গভট বয়জ, বন্ধু–৮৯, যোৰহাট গভট বয়জ, ৰোমন্থন–৮৭, যোৰহাট জিলা কাৰাটে সন্থা,
বিদ্যাসাৰথি জাতীয় বিদ্যালয়, সদৌ অসম মণ্ডল–কাননাগো সন্থা, যোৰহাট জিলা মুক্তিযুঁজাৰু সন্মিলন, অসম গণ পৰিষদ, শ্যামলী সাহিত্য সভা, কৃষিমন্ত্রী অতুল বৰাৰ প্রতিনিধি অসম চৰকাৰ, স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ প্রতিনিধি, তৰাজান শ্মশান উন্নয়ন সমিতি, আর্যভট্ট বিজ্ঞান কেন্দ্র, যোৰহাট জিলা, অসম সেনা, যোৰহাট মহানগৰ সমিতি, অসম উন্নতি সভা, যোৰহাট জিলা সমিতি, অসম চেম্বার্ছ অৱ কমার্চ, যোৰহাট জিলা বেডমিণ্টন সন্থা, ইণ্টেনডেম, সাংবাদিক কমলা শইকীয়া স্মাৰক ন্যাস, জাগ্রত শিল্পী সমাজ, সবাইবন্ধা, যোৰহাট জিলা ফটোগ্রাফাৰ সন্থা, জেইল ৰোড ক্লাব, যোৰহাট, শংকৰ কৃষ্টি মন্দিৰ অতিলাগাঁও, অতিলাগাঁও নাম–ধর্ম সমাজ, কমলাবৰীয়া যুৱ সংঘ, যোৰহাট সংগীত বিদ্যালয়, ব্রহ্মপুত্র কালচাৰেল ফাউণ্ড, সদৌ অসম সাংবাদিক সন্থা, যোৰহাট জিলা সমিতি, সৰোজিনী দেৱী বালিকা বিদ্যালয়, অসম কৃষি বিশ্ববিদ্যালয় কৃষি অনোৰধ শিক্ষক সন্থা, জেউতি, জেউতি চকু বেংক, অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয়, আমি, নতুন পৃথিৱী, এনাজৰী, সত্যসাই সেৱা সংগঠন, অসম সত্রীয়া সংগীত মহাবিদ্যালয়, টংকেশ্বৰ হাজৰিকা বৰবায়ন, সেৱা, যোৰহাট, সোণাৰাম শর্মা বুঢ়াভকত, কমলাবাৰী সত্র তিতাবৰ, সূর্যমোহন দাস, প্রাক্তন সাধাৰণ সম্পাদক সদৌ যোৰহাট জিলা ছাত্র সন্থা, যোৰহাট জিলা টেবুল টেনিছ সন্থা ইত্যাদিয়ে সমাজ সংগঠকগৰাকীলৈ শেষ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷
বিভিন্ন অনুষ্ঠান পৰিচালনাৰ ক্ষেত্রত সুনাম থকা বৰদলৈদেৱে ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ জন্ম শতবার্ষিকী আৰু গণধ্বনি নামেৰে মুকলি বিহুৰ অন্যতম উদ্যোক্তা, সদৌ অসম ছাত্র সন্থাৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী স্বর্ণকাপ ফুটবল প্রতিযোগিতাৰ অভ্যর্থনা সমিতিৰ সভাপতি, যোৱা কিছুদিন পূর্বে যোৰহাটত অনুষ্ঠিত হৈ যোৱা সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় শিল্পী দিৱসৰ অভ্যর্থনা সমিতিৰ সভাপতি হিচাপেও দায়িত্ব লৈ অত্যন্ত ব্যতিক্রমীভাৱে সুচাৰু ৰূপত অনুষ্ঠান পৰিচালনা কৰিছিল৷ তেওঁৰ অগ্রণী ভূমিকাৰ বাবেই তৰাজান শ্মশানখনত পাইপ গেছ সংযোগ, অত্যাধুনিক ৰূপত ছুইমিং পুল নির্মাণ, অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় পুনৰ নির্মাণ ইত্যাদি সম্ভৱ হৈ উঠিছিল৷ মৃত্যুৰ সময়ত বৰদলৈয়ে পত্নী, তিনিগৰাকীকৈ জীয়ৰী, এজন জোঁৱাইকে ধৰি অজস্র মিতিৰ–কুটুম্ব আৰু গুণমুগ্ধক এৰি থৈ গৈছে৷
অসম সাহিত্য সভাৰ শোক, মৰণোত্তৰভাৱে ‘গণ সুহূদ’ উপাধি প্রদানঃ অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক সমীৰণ বৰদলৈৰ মৃত্যুত সভাই গভীৰ শোক প্রকাশ কৰে৷ সভাপতি ড০ কুলধৰ শইকীয়া আৰু সম্পাদক যাদৱ চন্দ্র শর্মাই শোক প্রকাশ কৰি কয় যে তেওঁৰ মৃত্যু অসম সাহিত্য সভা আৰু অসমীয়া জনজীৱনৰ বাবে এক বৃহৎ ক্ষতি৷ বৰদলৈৰ প্রতি সন্মান জনাই অসম সাহিত্য সভাৰ পতাকা কেন্দ্রীয় কার্যালয় চন্দ্রকান্ত সন্দিকৈ ভৱনৰ লগতে আটাইকেইটা ভৱনতে অর্ধনমিত কৰা হয়৷ আনহাতে, বৰদলৈৰ নশ্বৰ দেহত সভাৰ পতাকা প্রদান কৰি শেষ শ্রদ্ধা জ্ঞাপন কৰা হয়৷ অসম সাহিত্য সভাৰ কেন্দ্রীয় কার্যালয় আৰু যোৰহাট জিলা সাহিত্য সভাই বৰদলৈক ‘গণ সুহূদ’ উপাধি দিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্রহণ কৰে যদিও তেওঁৰ অকাল বিয়োগত তেওঁক জীৱিত অৱস্থাত এই সন্মান দিব নোৱাৰা বাবে মৰণোত্তৰভাৱে এই উপাধি প্রদান কৰা হ’ব বুলি জানিবলৈ দিয়ে৷
শ্রীশ্রীগোপালদেৱ সেৱক সমাজ, অসমৰ শোক
অসম সাহিত্য সভাৰ প্রাক্তন প্রধান সম্পাদক, বিশিষ্ট সমাজকর্মী, ঐতিহাসিক অসম আন্দোলনৰ অন্যতম নেতা, যোৰহাটৰ সাহিত্য–সংস্কৃতি, ক্রীডা জগতৰ উত্তৰণত অনবদ্য অৰিহণা আগবঢ়োৱা সমীৰণ বৰদলৈৰ বিয়োগত শ্রীশ্রীগোপালদেৱ সেৱক সমাজ, অসমে গভীৰ শোক প্রকাশ কৰিছে৷ শ্রীশ্রীগোপালদেৱ সেৱক সমাজ, অসমৰ সভাপতি ভৱ গোস্বামী, কার্যকৰী সভাপতি ধীৰেন্দ্রনাথ বর্মন আৰু প্রধান সম্পাদক মনু বৰুৱাই প্রেৰণ কৰা এক শোকবার্তাতবৰদলৈৰ্ মৃত্যু কেৱল যোৰহাটবাসীৰ বাবেই নহয় সমগ্র অসমৰ সাহিত্য, কলা, সংস্কৃতি তথা ক্রীডা জগতখনৰ বাবে এক মোক্ষম আঘাত বুলি মন্তব্য কৰিছে৷
সমীৰণ বৰদলৈৰ বিয়োগত শোক
মৰিগাঁও জিলা সাহিত্য সভাই অর্ধনমিত কৰিলে পতাকা
অসম সাহিত্য সভাৰ প্রাক্তন ভাৰপ্রাপ্ত প্রধান সম্পাদক ঐতিহাসিক অসম আন্দোলনৰ অগ্রণী নেতা, যোৰহাট নিৱাসী, বিশিষ্ট সমাজকর্মী সমীৰণ বৰদলৈৰ বিয়োগত গভীৰ শোক প্রকাশ কৰিছে মৰিগাঁও জিলা সাহিত্য সভাই৷ জিলা সভাৰ সভাপতি প্রতাপ হাজৰিকা আৰু সম্পাদক পিনাকীভূষণ মহন্তই সভাৰ সক্রিয় কর্মকর্তাগৰাকীৰ অৱদান শ্রদ্ধাৰে স্মৰণ কৰে৷ প্রয়াত প্রাক্তন প্রধান সম্পাদকগৰাকীৰ প্রতি শ্রদ্ধা জনাই মৰিগাঁও জিলা সাহিত্য সভাৰ কার্যালয় শশীকান্ত হাজৰিকা ভৱন প্রাংগণত অসম সাহিত্য সভাৰ পতাকা অর্ধনমিত কৰা হয়৷