নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আছুৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ; অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত ধেমাজি উপায়ুক্তলৈ স্মাৰক পত্ৰ

নিয়মীয়া বাৰ্তা, ১০ আগষ্টঃজোনাই মহকুমাত কভিড-১৯ আৰু বানপানীয়ে অতিকৈ জুৰুলা কৰি পেলোৱাৰ সময়তে কিছুমান অসাধু ব্যৱসায়িক খাদ্য সামগ্ৰীৰ কৃত্ৰিম মূল্যবৃদ্ধি প্ৰতিযোগিতাত নামি পৰিছে৷ মানৱ সভ্যতাৰ এই জটিল সন্ধিক্ষণত জনসাধাৰণক আকাশলংঘী মূল্যবৃদ্ধিৰ কুঙা কৰিব পৰা কাৰ্য্য কেতিয়াও গ্ৰহণযোগ্য নহয়৷ জিলা খনৰ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ লগতে জোনাই মহকুমাৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহন নকৰাত আজি জোনাই মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত জোনাই মহকুমাধিপতিৰ কাৰ্যালয়ৰ প্ৰাঙ্গণত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায়, বিজেপি চৰকাৰ কাম নাই, খাদ্য বিভাগ হায়, যোগান বিভাগ হুছিয়াৰ আদি বিভিন্ন শ্লোগাণেৰে জোনাই উত্তাল কৰি তোলে জোনাই আঞ্চলিক ছাত্র সন্থাই ৷বিক্ষোভ কাৰ্যসূচীৰ অন্তত ধেমাজি জিলা জোনাই মহকুমাত প্ৰশাসনৰ দ্বাৰাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যৰ তালিকা প্ৰতি সপ্তাহত প্ৰকাশ কৰি প্ৰতিখন ব্যৱসায় প্ৰতিষ্ঠানত জনসাধাৰণে দেখাকৈ লগাই থোৱাৰ ব্যৱস্থা কৰা আৰু লকডাউন – বানপানীৰ সুবিধা লৈ আত্যাৱশ্যকীয় খাদ্য সামগ্ৰী কৃত্ৰিম নাটনি আৰু অত্যাধিক মূল্যবৃদ্ধি ঘটোৱা কাৰ্য বন্ধ কৰাইৰু এনে কাৰ্য্যত জড়িত অসাধু ব্যৱসায়িৰ ওপৰত দৃষ্টান্ত মূলক ব্যৱস্থা কৰাৰ দাবীত জোনাই আঞ্চলিক ছাত্র সন্থাই জোনাই মহকুমাধিপতিৰ জড়িয়তে ধেমাজি জিলা উপায়ুক্তলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে৷ আজিৰ এই বিক্ষোভ কাৰ্য্যসূচীত ধেমাজি জিলা ছাত্র সন্থাৰ উপ সভাপতি ৰাজীৱ গগৈ, সহকাৰী সাধাৰণ সম্পাদক সঞ্জীৱ দাস, মূখ্য সাংগঠনিক সম্পাদক দিলীপ কুটুম, তথ্য সম্পাদক দেৱজিৎ মৰাণ, সাংস্কৃতিক সম্পাদক হীৰেন শৰণীয়া, প্ৰচাৰ সম্পাদক কৈলাশ মিৰি, জোনাই মহকুমাৰ ছাত্র সন্থাৰ সভাপতি ৰঞ্জিত বসুমতাৰী, জোনাই মহকুমাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মানস প্ৰীতম বৰা, সহকাৰী সাধাৰণ সম্পাদক লোহিত গজমেৰ, লগতে জোনাই মহকুমাৰ অন্তৰ্গত প্ৰতি খন আঞ্চলিক ছাত্র সন্থাৰ সভাপতি সম্পদক আৰু কৰ্ম কৰ্তা সকল উপস্থিত থাকে৷

কৰবী দলে, জোনাই৷

You might also like