দুলীয়াজান আছুৰ দিগদৰ্শনত জন্ম “অসম জাতীয়তাবাদী মহিলা উন্নয়ন পৰিষদ”
নিয়মীয়া বাৰ্তা, ২০ আগষ্ট : দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত।দুলীয়াজান আছুৰ দিগদৰ্শনত প্ৰতিষ্ঠা লাভ কৰিলে “অসম জাতীয়তাবাদী মহিলা উন্নয়ন পৰিষদ” । দুলীয়াজানত আনুষ্ঠানিকভাৱে জন্ম লাভ কৰা নৱগঠিত মহিলা পৰিষদে পৰৱৰ্তী সময়ত নতুন পৰিকল্পনাৰে সমগ্ৰ অসমতে এই সংগঠনটোৰ পৰিসৰ বৃদ্ধি কৰিব বুলি আছুৰ আঞ্চলিক কাৰ্য্যালয়ৰ পৰা জানিবলৈ দিছে।
এই উদ্দেশ্যে বৃহস্পতিবাৰে আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত বৃহত্তৰ অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ মহিলাসকলক একত্ৰিত কৰি অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ভাৱে আপোচহীন, স্বচ্ছ আৰু নিকা ভাৱমূৰ্তিৰে সমাজৰ সামগ্ৰিক উন্নয়নৰ স্বাৰ্থত মাত মাতি আগুৱাই নিয়াৰ মহিলাসকলৰ নেতৃত্বত প্ৰায় শতাধিক মহিলাৰ উপস্থিতিত আছুৰ কাৰ্য্যালয়ত অনুষ্ঠিত হয় এখনি সভা । সদৌ অসম ছাত্ৰ সন্থাৰ সাংস্কৃতিক সম্পাদক অনিল গগৈ, সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বুবুল তালুকদাৰ, সাধাৰণ সম্পাদক দিপাংকৰ গগৈৰ উপস্হিতিত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় আহ্বায়ক সমিতিৰ বন্তি হাজৰিকাই।
উক্ত সভাখনত সাম্প্ৰতিক সময়ত মহিলাসকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ ওপৰত বিষদভাৱে আলোচনা কৰাৰ লগতে পৰৱৰ্তী সময়ত মহিলা সবলীকৰণৰ লগতে মহিলা সকলক কিদৰে অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক আৰু ৰাজনৈতিকভাৱে শক্তিশালী ভূমিকা আগবঢ়াই নিব তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা কৰা হয় । সভাত উপস্থিত থাকি জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– সাম্প্ৰতিক সময়ত জাতীয় অৰ্থনীতি শক্তিশালী কৰিবৰ বাবে মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বনত গুৰুত্ব প্ৰদান কৰিব লাগিব, সেয়েহে এই বিষয়টো আগবঢ়াই লৈ যাবৰ বাবে এই সভাত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ আহ্বানত মহিলাসকলৰ নেতৃত্বত “অসম জাতীয়তাবাদী মহিলা উন্নয়ন পৰিষদ” নামকৰনেৰে এটি মহিলা সংগঠন জন্ম লাভ কৰে।
এই সংগঠনটোৰ মূল লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত শংকৰজ্যোতি বৰুৱাই কয়, বৰ্তমানৰ প্ৰেক্ষাপটত সকলো ক্ষেত্ৰতে মহিলা সকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰি আহিছে ৷ এতিয়া মহিলাসকলক অৰ্থনৈতিকভাৱে আগুৱাই নিয়াতো খুবেই প্ৰয়োজনীয় ৷ এই মহিলাসকলে জাতীয়তাবাদী ভাৱধাৰাৰে অসমৰ থলুৱা পৰম্পৰাৰে প্ৰাৰম্ভিক পৰ্যায়ত কাম কৰিব ৷ “অসম জাতীয়তাবাদী মহিলা উন্নয়ন পৰিষদ” দুলীয়াজান আঞ্চলিক সমিতি হিচাপে আজি সভানেত্ৰী বন্তী হাজৰিকা আৰু সম্পাদিকা দিপালী গগৈক লৈ ৭১ জনীয়া সমিতিখন গঠন কৰা হৈছে ।