নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভৱিষ্যৎ ৰূপৰেখা তৈয়াৰ কৰিবলৈ ১৬জনীয়া পৰামর্শদাতা কমিটী গঠন আছুৰ

নিয়মীয়া বাৰ্তা, ২০ আগষ্ট: আগন্তুক বিধানসভা নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যজুৰি এক নির্বাচনমুখী ৰাজনৈতিক বাতাৱৰণৰ সৃষ্টি হৈছে৷ বিভিন্ন ৰাজনৈতিক দলে আৰম্ভ কৰিছে নির্বাচনী কুচকাৱাজ৷ ইয়াৰ মাজতে সদৌ অসম ছাত্র সন্থা (আছু) আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নেতৃত্বত নতুন ৰাজনৈতিক দলে জন্মলাভ কৰাৰ বহুচর্চিত বিষয়টো ক্রমাৎ আগবাঢ়ি যোৱা পৰিলক্ষিত হৈছে৷ আছুৰ অৰাজনৈতিক চৰিত্র অক্ষুণ্ণ ৰাখি ৰাজনৈতিক দল গঠন সন্দর্ভত আৰু এঢ়াপ আগুৱালে ছাত্র সংগঠনটো৷ সংগঠনটোৰ ভৱিষ্যৎ ৰূপৰেখা প্রস্তুত কৰাৰ লক্ষ্যৰে আছুৱে এইবাৰ গঠন কৰিছে অসম পৰামর্শদাতা কমিটী৷ শৈক্ষিক, সামাজিক, অর্থনৈতিক আৰু ৰাজনৈতিক পৰিকল্পনা যুগুত কৰি সময়সাপেক্ষ পদক্ষেপ গ্রহণৰ উদ্দেশ্যে আছুৱে গঠন কৰিছে এই ১৬জনীয়া পৰামর্শদাতা কমিটী৷ 

 

গুৱাহাটীৰ প্রাগ কণ্টিনেণ্টেল হোটেলত আয়োজন কৰা এখন সংবাদ মেলত এই কথা সদৰী কৰে আছুৰ সভাপতি দীপাংক কুমাৰ নাথে৷ তেওঁ প্রকাশ কৰা অনুসৰি, ১৬জনীয়া কমিটীখনত উপদেষ্টাৰ দায়িত্ব দিয়া হৈছে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্রাক্তন সভাপতি ড০ নগেন শইকীয়া আৰু আন্তর্জাতিক খ্যাতিসম্পন্ন সাহিত্যিক ড০ অৰূপ কুমাৰ দত্তক৷ আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক ড০ কৃষ্ণগোপাল ভট্টাচার্য আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অৱসৰপ্রাপ্ত অধ্যাপক বসন্ত ডেকাক আহ্বায়কৰ দায়িত্ব দিয়া হৈছে৷ কমিটীখনত সদস্য হিচাপে আছে মেঘালয়ৰ প্রাক্তন ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী, বিশিষ্ট ছবি নির্মাতা জাহ্ণু বৰুৱা, প্রাক্তন আইএএছ বিষয়া ধীৰেন শইকীয়া, গড়গাঁও কলেজৰ প্রাক্তন অধ্যাপক আলী হাইদৰ লস্কৰ, অসম কলেজ শিক্ষক সংস্থাৰ প্রাক্তন সভাপতি ৰাণা চাংমাই, গোৱালপাৰা কলেজৰ প্রাক্তন উপাধ্যক্ষ আবু ছাহিদ ৰফিকুদ্দিন আহমেদ, বিশিষ্ট সাহিত্যিক সঞ্জয় কুমাৰ তাঁতী, শিল্পী পৃথ্বিৰাজ ৰাভা, ডিমা হাছাও পোষ্টৰ সম্পাদক সূর্য থাউছেন, প্রাক্তন এচিএছ বিষয়া হুছেইন আহমেদ লস্কৰ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কনকজ্যোতি শইকীয়া আৰু বিশিষ্ট নাগৰিক প্রদীপ কোচ৷ কমিটীখনৰ প্রাৰম্ভিক কামৰ সমন্বয়কৰ দায়িত্ব দিয়া হৈছে আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইক৷ অৱশ্যে প্রয়োজনসাপেক্ষে পৰৱর্তী সময়ত কমিটীখনৰ সদস্য বৃদ্ধি কৰিব পাৰিব৷ এই কথা সদৰী কৰি আছুৰ সভাপতিজনে কয় যে শেহতীয়াকৈ অনুষ্ঠিত ৰাজ্যিক কার্যনির্বাহক সভা আৰু প্রতিনিধি সভাই দিয়া দায়িত্ব অনুসৰি অসমীয়া জাতিৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ বাবে ৰূপৰেখা তৈয়াৰ কৰিবলৈ এই কমিটী গঠন কৰা হৈছে৷

অসম আন্দোলনৰ পৰিসমাপ্তিত গঠন হোৱা আঞ্চলিক দলৰ চৰকাৰে অসমৰ সমস্যাসমূহ সমাধান কৰিবলৈ আগ্রহ প্রকাশ নকৰিলে বুলি উল্লেখ কৰি তেওঁ কয়– ‘স্বাধীনতাৰ পিছত অসমৰ সমস্যা সমাধানৰ ক্ষেত্রত প্রতিখন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে অনীহা দেখুৱাই আহিছে৷ ১৯৮৫ চনৰ আন্দোলনৰ পৰিসমাপ্তিত আঞ্চলিক দলৰ চৰকাৰ গঠন হ’ল যদিও সমস্যাসমূহৰ সমাধান নহ’ল৷ ২০১৬ চনৰ নির্বাচনৰ পিছত আঞ্চলিক দলটোৱে আঞ্চলিকতাবাদী সত্তা সমূলি হেৰাই পেলালে৷ ৰাষ্ট্রীয় দলৰ লগত খোজত খোজ মিলাই অসমৰ জনসাধাৰণৰ বিশ্বাস হেৰুৱালে৷ এনে পটভূমিত অসমবাসীয়ে আকৌ এবাৰ আঞ্চলিক শক্তিৰ উত্থানৰ সপক্ষে ৰাজহুৱাভাৱে মতামত প্রকাশ কৰিছে৷ বিশেষকৈ নাগৰিকত্ব সংশোধনী আইন (কা)বিৰোধী আন্দোলনৰ সময়ত এটা নতুন আপোচহীন আঞ্চলিক শক্তিক জন্ম দিবলৈ আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদক অসমৰ ৰাইজে স্পষ্টভাৱে দিহা–পৰামর্শ আগবঢ়াইছে৷ অসমৰ সমস্যা নিবাৰণ কৰিবলৈ অসমবাসীৰ আহ্বান ছাত্র সন্থা আৰু যুৱ–ছাত্র পৰিষদে অসন্মান কৰিব নোৱাৰে৷’ উল্লেখ্য যে এই সন্দর্ভত ৰাজহুৱা মতামত গ্রহণৰ লক্ষ্যৰে প্রথম অৱস্থাত আছুৱে জাতীয় অভিৱর্তন অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰিছিল৷ কিন্তু ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ বাবে সৃষ্টি হোৱা সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি জাতীয় অভিৱর্তন অনুষ্ঠিত কৰিব নোৱাৰাত পৰামর্শদাতা কমিটী গঠন কৰে আছু আৰু জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদে৷

সংবাদ মেলত আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টাচার্যই কয় যে স্বাধীনতাৰ পিছৰে পৰা দিল্লী–দিছপুৰৰ ৰাজনৈতিক অবিচাৰ, শোষণ–বঞ্চনাৰ বলি হৈ আহিছে অসমবাসী৷ অসমীয়াৰ প্রতি কৰা অন্যায়–বিচাৰৰ বিৰুদ্ধে আছু আৰু যুৱ–ছাত্র পৰিষদে সংগ্রাম কৰি আহিছে আৰু আন্দোলন–সংগ্রামৰ অবিহনে আমি কোনো ফলাফল লাভ কৰা নাই৷ ভৱিষ্যতেও অসম আৰু অসমীয়াৰ স্বার্থত আন্দোলনৰ পথেৰে আগুৱাই যাব বুলি উল্লেখ কৰি তেওঁ কয়– ‘কাবিৰোধী আন্দোলনৰ সময়ত আছু, নেছ’, যুৱ–ছাত্র পৰিষদ, বিভিন্ন জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত উত্তৰ–পূর্বাঞ্চলজুৰ্ প্রবল আন্দোলন গঢ়ি উঠিছিল৷ সেই সময়তে ‘কা’বিৰোধী আন্দোলনক কিদৰে আগুৱাই নিয়া হ’ব সেই বিষয়ে আলোচনা হৈছিল৷ সেই সময়তে অভিৱর্তন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছিল, কিন্তু সামগ্রিক পৰিস্থিতিৰ বাবে সেয়া সম্ভৱ নহ’ল৷ যাৰ বাবে আছু আৰু যুৱ–ছাত্র পৰিষদে খিলঞ্জীয়াৰ ভৱিষ্যৎ সুৰক্ষিত কৰিবলৈ কিদৰে আগবাঢ়ি যাব লাগিব, তাৰ প্রতি লক্ষ্য ৰাখি পৰামর্শদাতা কমিটী গঠনৰ সিদ্ধান্ত ল’লে৷ কমিটীয়ে সময়সাপেক্ষ পৰামর্শ প্রদানেৰে সময়সাপেক্ষ পদক্ষেপ ল’বলৈ পৰামর্শ প্রদান কৰিব৷ আছু আৰু যুৱ–ছাত্র পৰিষদে নিজৰ অৰাজনৈতিক চৰিত্র সদায় অব্যাহত ৰাখিব৷’ ইপিনে সংবাদ মেলত আছুৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে কয় যে ’৮৫ৰ আন্দোলনৰ পটভূমিয়েই হওক অথবা ২০১৬ চনৰ পৰিৱর্তনকামী চিন্তাধাৰাৰ কথাই কওক, প্রতিবাৰে অসমীয়াৰ চিন্তা–আৱেগক ভৰিৰে মোহাৰি দিয়া হৈছে৷ এই বিশ্বাসঘাতকতাৰ অৱসান হ’ব লাগে৷ সেয়েহে এটা আপোচবিহীন শক্তি লাগে বুলি উল্লেখ কৰি তেওঁ কয়– ‘অসমীয়াৰ সামাজিক–সাংস্কৃতিক– সুৰক্ষাৰ বাবে পৰামর্শদাতা কমিটী গঠন কৰা হৈছে৷ আমি আশা কৰিছোঁ বিশ্বাসহীনতাৰ যি পৰিৱেশ অসমত সৃষ্টি হৈছে সেয়া নাইকিয়া হ’ব৷’

আনহাতে, সংবাদ মেলত যুৱ–ছাত্র পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে কয় যে ১৯৮৫ চনৰ অসম আন্দোলনৰ পৰিসমাপ্তিত আন্দোলনকাৰী দল–সংগঠনৰ উদ্যোগত অসম গণ পৰিষদ (অগপ) শাসনৰ গাদীত বহিছিল৷ কিন্তু ১০ বছৰীয়া শাসনকালত অগপই চৰম বিশ্বাসঘাতকতা কৰিলে৷ বিজেপি চৰকাৰেও বিগত ৫ বছৰে অসমবাসীক চৰম বিশ্বাসঘাতকতা কৰিলে৷ অসমৰ সমস্যা সমাধান কৰাৰ পৰিৱর্তে বিদেশীৰ বোজা জাপি দিব বিচাৰিলে এই চৰকাৰে৷ অসমবাসী অতিষ্ঠ হৈ পৰিছে৷ উল্লেখ্য যে নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আছুৰ ৰাজনৈতিক দলেও ব্যাপক চর্চা লাভ কৰিছে৷ অৱশ্যে কিদৰে আছুৰ ঔৰসত এই ৰাজনৈতিক শক্তিৰ জন্ম হ’ব আৰু কর্মপন্থা কি হ’ব সেয়া এতিয়াও স্পষ্ট নহয়৷ ইয়াৰ মাজতে পৰামর্শদাতা কমিটী গঠন আৰু আছু নেতৃত্বৰ মন্তব্যই পৰোক্ষভাৱে ৰাজনৈতিক দল গঠনৰ ক্ষেত্রত ছাত্র সংগঠনটোৰ পৰিকল্পনা অধিক সুদৃঢ় কৰাটোৱেই স্পষ্ট হৈছে৷

You might also like