নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘কা’ৰ বিৰুদ্ধে আছুৰ বাইক ৰেলী

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ  বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে অসমৰ ৰাইজক কেৱল ভুৱা সংবাদ দি আহিছে৷ তেওঁলোকে কৈছে যে ইতিমধ্যে ভাৰত–বাংলাদেশ সীমান্ত সম্পূর্ণ ৰূপে ছীল কৰা হৈছে৷ কিন্তু ই সম্পূর্ণ মিছা তথ্য৷ বর্তমানো কৰিমগঞ্জ ছেক্টৰত প্রায় চাৰি কিলোমিটাৰ স্থান মুকলি হৈ আছে৷ তদুপৰি ধুবুৰী মানকাচৰ ছেক্টৰত প্রায় নদীৰ ৪৬ কিলোমিটাৰ মুকলি হৈ আছে৷ কেন্দ্রীয় চৰকাৰে এই সীমা নতুন প্রযুক্তিৰ জৰিয়তে ছীল হোৱা বুলি মিছা প্রচাৰ চলাইছে৷ মিছা প্রচাৰৰ জৰিয়তে জাতিক অপমান কৰিছে বিজেপিয়ে৷ এই সন্দর্ভত চৰকাৰে অসমৰ সংবাদ মাধ্যমক লগত লৈ গৈ দেখুৱাই দিয়াৰ লগতে প্রকৃত তথ্য দাঙি ধৰক৷– এই দাবী সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ৷

সোমবাৰে যোৰহাটৰ পেৰেডাইজ হোটেলত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা উল্লেখ কৰি সভাপতি নাথে লগতে কয় যে সদৌ অসম ছাত্র সন্থাই সদায় ৰাজনৈতিক গণ্ডীৰ বাহিৰত থাকি অসমৰ স্বার্থৰ বাবে কাম কৰি যাব৷ আছুৱে পূর্বতেও ‘কা’ৰ বিৰোধিতা কৰি আছিল আৰু ‘কা’ বাতিল নোহোৱা পর্যন্ত মাত মাতি যাব৷ সেইবাবে আমি সকলো ৰাজনৈতিক দলকে আহ্বান জনাওঁ যে তেওঁলোকে ‘কা’ সন্দর্ভত নিজৰ স্থিতি স্পষ্ট কৰক৷ সংবাদ মেলত সভাপতি নাথে লগতে কয়– অসমৰ জনসাধাৰণে অসম চুক্তি উলংঘাকাৰী ‘কা’ মানি লোৱা নাই আৰু কেতিয়াও নলয়৷ এতিয়া নির্বাচন অহাৰ লগে লগে বিজেপিয়ে নির্বাচনী ইস্তাহাৰত ‘কা’ৰ ক্ষেত্রত নিজৰ স্থিতি অটল আছে বুলি প্রকাশ কৰিছে৷ অর্থাৎ অসম চুক্তিক নস্যাৎ কৰি ৪৩ বছৰৰ অবৈধ বিদেশীৰ বোজা জাপি দি জাতিটোক ধ্বংস কৰাৰ ব্লুপ্রিণ্ট ৰচনা কৰিছে বিজেপিয়ে৷

অসমৰ ৰাইজ আৰু ছাত্র সন্থাই এই জাতিদ্রোহী আইনৰ বিৰুদ্ধে প্রতিবাদ অব্যাহত ৰাখিব৷ সেইবাবে নাগৰিকত্ব সংশোধনী আইন ২০১৯ বাতিল কৰাৰ দাবীত ২০ মার্চত সমগ্র অসমতে প্রতিখন আঞ্চলিক ছাত্র সন্থাই প্রতিবাদী বাইক ৰেলী উলিয়াব৷ প্রতিবাদত অংশ লওঁতে ছাত্র সন্থাৰ কর্মীসকলক যান–বাহন আইন সম্পূর্ণ মানি চলিবৰ বাবে আহ্বান জনাইছোঁ৷

আনহাতে, ২১ মার্চত দিনৰ ১১ বজাত গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ মুখ্য কার্যালয়ত কেন্দ্রীয় কার্যনির্বাহক সভা অনুষ্ঠিত হ’ব৷ এই সভাত ছাত্র সন্থাৰ কেন্দ্রীয় সমিতিৰ সকলো সদস্য উপস্থিত থাকিব৷ আনহাতে, অহা ২২ মার্চত গুৱাহাটীত সন্থাৰ এখন প্রতিনিধি সভা অনুষ্ঠিত হ’ব৷ জিলা ছাত্র সন্থা, মহকুমা ছাত্র সন্থা আৰু বিশ্ববিদ্যালয় আছু গোটৰ সভাপতি, সাধাৰণ সম্পাদকে এই প্রতিনিধি সভাত অংশগ্রহণ কৰিব৷

You might also like