বিভিন্ন জাতি-জনগোষ্ঠী, ভাষিক-ধৰ্মালম্বীলোকৰ সমন্বয়ৰে আছুৰ কেন্দ্ৰীয় অধিৱেশন নৱেম্বৰত অনুষ্ঠিত সম্ভাৱনা
আছুৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠন
নিয়মীয়া বাৰ্তা, ৬ ছেপ্তেম্বৰঃ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্হাৰ উদ্যোগত আৰু ডিব্ৰুগড়বাসী ৰাইজৰ আতিথ্যত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্হাৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ অভ্যৰ্থনা সমিতি গঠনৰ উদ্দেশ্যে শনিবাৰে অনুষ্ঠিত হয় ৰাজহুৱা সভা । এই উপলক্ষে দুলীয়াজান চলাকটকীস্হিত সুৰুযমুখী যুৱ সংঘৰ খেলপথাৰত অনুষ্ঠিত সভাথলীত সদৌ অসম ছাত্র সন্হাৰ সভাপতি দীপাংকৰ নাথ আৰু সাঃ সম্পাদক লুৰিণজ্যোতি গগৈৰ উপস্হিতিত গোলাঘাট, লক্ষীমপুৰ, নগাওঁ, তিনিচুকীয়া জিলাৰ আছুৰ সদস্যসকলৰ লগতে ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্তৰৰ পৰা ৰাইজৰ অংশগ্ৰহণ লক্ষণীয় । ডিব্ৰুগড় জিলাৰ সভাপতি বুলবুল দত্তৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্যে ব্যাখ্যা আগবঢ়াই জিলাৰ সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱাই ।
সভাৰ আৰম্ভণিতে জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত প্ৰাণাহুতি দিয়া শ্বহীদসকলক উদ্দেশ্যি মৌন প্ৰাৰ্থনা জনোৱা হয় । সভাত আছুৰ কেন্দ্ৰীয় সভাপতি দীপাংকৰ নাথে ভাষণ প্ৰসংগত সাম্প্ৰতিক সংকটপূৰ্ণ মহামাৰী পৰিস্হিতিৰ লগতে শাৰদীয় দূৰ্গোৎসৱৰ বাবে অক্টোবৰ শেষৰ ফালে হ’বলগীয়া আছুৰ কেন্দ্ৰীয় অধিৱেশনখনি নৱেম্বৰলৈ পিছুৱাই দিয়াৰ ইংগিত প্ৰদান কৰে । সেইদৰে সাঃ সম্পাদক লুৰিণজ্যোতি গগৈয়ে বিভিন্ন জাতি-জনগোষ্ঠী, ভিন্ন ভাষিক-ধৰ্মালম্বী আৰু জাতি-জনগোষ্ঠীয় সংগঠনৰ যৌথ সমাহাৰত অনুষ্ঠিত হ’বলগীয়া আছুৰ কেন্দ্ৰীয় অধিৱেশনথলিত সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ ইতিহাসৰ লগতে জাতিৰ কৃষ্টি-সংস্কৃতি, বিভিন্ন উদ্যোগিক খণ্ড, দিহিং পাটকাই বৰ্ষাৰণ্য, চাহ শিল্প আদিৰ ঐতিহ্য প্ৰতিফলিত হ’ব পৰাকৈ বিশেষ কাৰ্যসূচী প্ৰস্তুতিৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । দুলীয়াজানৰ অধিৱেশনখনি সৰ্বোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তুলিবলৈ পূৰ্বৰ দুধনৈ অধিৱেশনৰ তুলনামূলক প্ৰসংগ দাঙি ধৰি আছুৰ নেতাগৰাকীয়ে অধিৱেশনৰ মূল কাৰ্যসূচীৰ সন্দৰ্ভতো ব্যাখ্যা দাঙি ধৰে । প্ৰায় ১০ হাজাৰ প্ৰতিনিধিবৰ্গৰ উপস্হিত হ’বলগীয়া দুলীয়াজান অধিবেশনখনি সুচাৰুভাৱে পৰিচালনা কৰিবৰ বাবে ৰাইজৰ উপস্হিতিত সৰ্বসন্মতিক্ৰমে অভ্যৰ্থনা সমিতিৰ সভাপতি ডঃ সুৰেন্দ্ৰ নাথ গগৈ, কাৰ্যকৰী সভাপতি অনিল গগৈ, উপ সভাপতি বিষেশ্বৰ গগৈ, জীৱকান্ত গগৈ, শৰৎ গগৈ, তোষেণ ৰাজকোঁৱৰ, চন্দ্ৰ শইকীয়া আৰু আদিত্য গোস্বামী , সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, যুটীয়া সম্পাদক সঞ্জীৱ চাংমাই আৰু উদ্দীজ্যোতি গগৈ, সহঃ সাধাৰণ সম্পাদক ক্ৰমে মহেন্দ্ৰ দত্ত, কমল গগৈ, ভবেন চাংমাই, দীপাংকৰ বড়া, ফণী মালাঘৰীয়া, ব্ৰজেন গগৈ, যদুমণি দত্ত, ৰুবুল গগৈ আৰু উৎপল সন্দিকৈ, গ্ৰন্হ সমিতিত ডঃ সত্যকাম বৰঠাকুৰ আৰু জয়ন্ত ভূঞা আদিক লৈ কেইবাজনীয়া শক্তিশালী মূূূল অভ্যৰ্থনা সমিতিখন গঠন কৰা হয় । সভাত উপস্থিত থাকি পৰামৰ্শমূলক বক্তব্য আগবঢ়াই দুলীয়াজান মহাবিদ্যালয়ৰ অধ্যক্ষ লোকবিকাশ গগৈ, প্ৰাক্তন অধ্যক্ষ ডঃ সুৰেন্দ্ৰনাথ গগৈ, নাহৰকটীয়া মহাবিদ্যালয়ৰ অধ্যক্ষ জ্যোতিপ্ৰসাদ কোঁৱৰ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰাধ্যাপক ডঃ পল্লৱী ডেকাবুজৰবৰুৱা আদি বহু জ্যোষ্ঠ ব্যক্তিয়ে ।
সভাত অংশগ্ৰহণ কৰে সদৌ অসম ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ উপসভাপতি চিত্ৰৰঞ্জন বসুমতাৰী, মাণিক গগৈ, সহঃ সম্পাদক আনোৱাৰ হুছেইন, প্ৰকাশ চন্দ্ৰ দাস, মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকন, সাংগঠনিক সম্পাদক ৰন্টু শৰ্মা আৰু বেদান্ত শইকীয়া, বিত্তীয় সম্পাদক কৃষ্ণ দাস প্ৰমুখ্যে দিল্লী বিশ্ববিদ্যালয়ৰ অসমীয়া ছাত্ৰ সংস্হাৰ উপদেষ্টা ৰঞ্জনবিকাশ বড়াৰ লগতে বিভিন্ন প্ৰান্তৰৰ পৰা অহা আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্যসকল ।