মৰিয়নিত নগা ট্ৰাক চালকৰ উদ্ভণ্ডালিঃ মহতিয়াই ভাঙিলে আছুৰ কাৰ্যালয়
নিয়মীয়া বাৰ্তা, ২৮ মে’: সুৰামত্ত ট্ৰাক চালকৰ উদ্ভণ্ডালিয়ে এতিয়া মৰিয়নিত এক প্ৰকাৰ সীমা চেৰাই গৈছে । কালি ৰাতি এক বৃহৎ অঘটনৰ পৰা কথমপি ৰক্ষা পৰে মৰিয়নি । সুৰামত্ত চালকে চলোৱা এখন ট্ৰাকে কালি মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়টো মহতিয়াই নিয়াৰ লগতে তীব্ৰ বেগেৰে পলায়ন কৰাৰ সময়ত ভয়াবহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে ।
ঘটনাৰ সন্দৰ্ভত জানিব পৰা মতে, কালি ৰাতি প্ৰায় ৯-৩০ মান বজাত এ এছ ০৩ – বি চি – ৬৮২২ নম্বৰৰ এখন ট্ৰাকে মৰিয়নিৰ ৰাজ্যিক পৰিবহণ নিগমৰ আস্থানৰ সন্মুখত অৱস্থিত মৰিয়নি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্য্যালয়টো মহতিয়াই ভাঙি পেলায় । সুৰামত্ত অৱস্থাত থকা ট্ৰাকখনৰ চালকে পথৰ পৰা বহু আঁতৰত থকা কাৰ্য্যালয়টো মহতিয়াই নিয়ে । যাৰ ফলত কাৰ্য্যালয়টো সম্পূৰ্ণৰূপে ক্ষতিসাধন হয় । স্থানীয় লোকে ঘটনাটো প্ৰত্যক্ষ কৰি আছু কৰ্মীসকলক খবৰ দিয়ে । লগে লগে আৰক্ষীক জনোৱা হয় ।
মৰিয়নি আৰক্ষী থানাৰ সন্মুখত ট্ৰাকখনক ৰখাবলৈ নিৰ্দেশ দিয়ে যদিও তীব্ৰ বেগত পলায়ন কৰে । তীব্ৰ বেগত পলায়ন কৰা ট্ৰাকখনে একাধিক স্থানত দুৰ্ঘটনা সংঘটিত কৰাৰ পৰা কথমপি ৰক্ষা পৰে যদিও কঠালগুৰি তিনি আলিৰ সমীপত দোকনৰ সন্মুখত থোৱা কেবাখনো চাইন ব’ৰ্ডৰ ষ্টেণ্ড উফৰাই নিয়ে । তাৰোপৰি নিজৰাপাৰ অঞ্চলত এখন মাৰুতি গাড়ীক মহতিওৱাৰ পৰা কোনো মতে মাৰুতিখন ৰক্ষা পৰে । ইফালে, মৰিয়নিৰ পৰা ট্ৰাকখনৰ পিছে পিছে যোৱা দুখনমান বাহনে নাগাজাংকা অঞ্চলৰ স্থানীয় যুৱকৰ সহায়ত নাগাজাংকা তিনি আলিৰ সমীপত ট্ৰাকখন ৰখাবলৈ সক্ষম হয় । ট্ৰাকখনত থকা চালক আৰু হেণ্ডিমেন সেই সময়ত সুৰামত্ত অৱস্থাত আছিল । আনকি প্ৰথম অৱস্থাত ভালদৰে কথাই ক’ব পৰা নাছিল । ৰাইজে ট্ৰাকখন আৱদ্ধ কৰি চালক আৰু হেণ্ডিমেনক ৰখাই থয় ।
পিছত মৰিয়নিৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ত্ৰিলোচন নাথ আৰু উপ – পৰিদৰ্শক বিজয় কৃষ্ণ ফুকনসহ মৰিয়নি আৰক্ষীৰ এটা দল উক্ত স্থানত উপস্থিত হৈ চালক সহ দুজনক আটক কৰাৰ লগতে ট্ৰাকখন জব্দ কৰি থানালৈ আনে । ট্ৰাকখন যোৰহাটৰ যদিও চালক জোছা চাং আৰু হেণ্ডিমেন চাং লিম্বা নগা যুৱক । যোৰহাট -নগালেণ্ডৰ মাজত সামগ্ৰী কঢ়িওৱা ট্ৰাকখনৰ নগা চালক আৰু হেণ্ডিমেনে মৰিয়নিত ঘটনা সংঘটিত কৰি নগালেণ্ডলৈ পলায়ন কৰিব বিচাৰিছিল । এই ঘটনাই মৰিয়নি চাঞ্চল্যৰ সৃষ্টি কৰিছে । বিশেষকৈ নগা পাহাৰলৈ চলাচল কৰা একাংশ ট্ৰাক চালকৰ দৌৰাত্ম্যই পথাচাৰীক বাৰুকৈয়ে সমস্যাত পেলাই আহিছে । সৰু সুৰা বাহনক গুৰুত্বই দিব নোখোজা একাংশ এনে ট্ৰাক চালকৰ বাবেই একাধিক দুৰ্ঘটনা সংঘটিত হৈছে । ইতিমধ্যে ছাত্ৰ সন্থাই চালকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ লগতে ক্ষতিগ্ৰস্ত কাৰ্য্যালয়টো পুনৰ্নিৰ্মানৰ দাবী জনাইছে ।
ইফালে, মৰিয়নি জিলা কৰ্মচাৰী পৰিষদে এই ঘটনাত তীব্ৰ অসন্তোষ্টি ব্যক্ত কৰিছে । মৰিয়নি জিলা কৰ্মচাৰী পৰিষদৰ সভাপতি মনোজ কুমাৰ শৰ্মাই এই ঘটনাক গৰিহণা দিয়াৰ লগতে সুৰামত্ত চালকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । তাৰোপৰি ক্ষতিসাধন হোৱা কাৰ্য্যালয়টো পুনৰনিৰ্মাণ কৰাৰ বাবেও আহ্বান জনাইছে । মৰিয়নিৰ কিংশুক চ’ৰায়ো এই ঘটনাক গৰিহণা দিছে আৰু সুৰামত্ত ট্ৰাক চালকক নাকী লগাবলৈ আহ্বান জনাইছে ।