বিজেপি বিৰোধী ভাদৈত আছুৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ৮ জুলাই : নিৰ্বাচনীৰ দিন চমু চাপি অহাৰ মাত্ৰকেই শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদমুখৰ হৈ উঠিছে সদৌ অসম ছাত্র সন্হা । উন্নয়ণলৈ পিঠি দিয়া অভিযোগ তুলি জাতি মাটি ভেটি শ্ল’গানধাৰী শাসকীয় বিজেপিৰ চৰকাৰখনৰ বিৰুদ্ধে সাংগঠনিকভাৱে তীব্ৰ বিৰোধ স্হিতি গ্ৰহণ কৰি দুলীয়াজান আৰু ইয়াৰ উপকন্ঠ অঞ্চলত আছুৱে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে ।
দুলীয়াজানৰ পাছতেই আজি পুনৰ ভাদৈ অঞ্চলত জৰাজীৰ্ণ বাট-পথৰ সমস্যাৰাজি আৰু পঞ্চায়তৰ দুৰ্নীতিৰাজ আদি কেতবোৰ বিভিন্ন অভিযোগ তুলি আছু ডিব্ৰুগড় জিলাৰ নিৰ্দেশমৰ্মে দুলীয়াজান আঞ্চলিকৰ উদ্যোগত ভাদৈ শাখাৰ ছাত্ৰ সন্হাই মানৱ শৃংখল কাৰ্যসূচীৰে আজি বিজেপি বিৰোধী প্ৰতিবাদ সাব্যস্ত কৰে । সক্ৰিয় অংশগ্ৰহণ কৰে কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈ, ডিব্ৰুগড় জিলা সাঃ সম্পাদক শংকৰজ্যোতি বৰুৱা, দুলীয়াজান আঞ্চলিকৰ সভাপতি বুবুল তালুকদাৰ, সম্পাদক দিপাংকৰ গগৈ , ভাদৈ শাখাৰ সভাপতি মনজিত গগৈ ,সাঃ সম্পাদক সমীৰণ গগৈসহ স্হানীয় শিক্ষাবিদ সকল ।