দুলীয়াজানত আছুৰ কা-বিৰোধী ২ ঘন্টীয়া অৱস্হান ধৰ্মঘট
নিয়মীয়া বাৰ্তা, ১৩ আগষ্ট : অসমীয়া জাতিক ৰক্ষাৰ অংগীকাৰ লৈ দুলীয়াজান চহৰৰ ৰাজপথত সদৌ অসম ছাত্ৰ সন্হাই বুধবাৰে ২ ঘন্টীয়া কা-বিৰোধী অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । কেইবাটাও জাতীয় সংগঠনৰ নেতৃবৰ্গৰ উপস্হিতিত চহৰখনৰ মাজমজিয়া পিপলতল তিনিআলিত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী ।
প্ৰতিবাদথলীত সক্ৰিয় অংশগ্ৰহণ কৰি আছুৰ কেন্দ্ৰীয় সাংস্কৃতিক সম্পাদক অনিল গগৈয়ে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি বিষেদগাৰ প্ৰকাশ কৰি কয়– “সংশোধিত নাগৰিকত্ব আইন জাপি দি চৰকাৰে অসমীয়া জাতিক ধ্বংস কৰিবলৈ লৈছে । জাতি বচোৱাটো এতিয়া অসমীয়া নাগৰিকৰ দায়িত্ব আৰু কৰ্তব্য। অসমীয়া জাতিৰ সংগ্ৰামৰ বিনে বিকল্প নাই ।”
আনহাতে কা-বাতিল নোহোৱা পৰ্যন্ত অবিৰত সংগ্ৰাম চলাই যোৱাৰ পোষকতা কৰি প্ৰতিবাদী সদস্যসকলে “কা-অসমীয়াই নামানে”, “খিলঞ্জীয়া বিৰোধী হুচিয়াৰ” আদি বিজেপি বিৰোধী শ্ল’গানেৰে প্ৰতিবাদস্হলী উত্তাল কৰি তোলে ।
ডিব্ৰুগড় জিলা আছুৰ আহ্বানমৰ্মে ৰূপায়ণ কৰা কা-বিৰোধী প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দুলীয়াজান আঞ্চলিকৰ সভাপতি বুবুল তালুকদাৰ আৰু সম্পাদক দিপাংকৰ গগৈসহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ দুলীয়াজান আঞ্চলিকৰ সভাপতি সোণেশ্বৰ ফুকন, সম্পাদক পল্লৱ গগৈ, গোৰ্খা ছাত্ৰ সন্হা আঞ্চলিকৰ সম্পাদক ৰত্ন থাপা আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ আঞ্চলিকৰ সম্পাদক শোণিত গগৈ প্ৰমুখ্যে আছুৰ বহু সদস্য ।