অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ দুলীয়াজানত ছাত্ৰ সন্থাৰ প্ৰতিবাদ
নিয়মীয়া বাৰ্তা, ১০ ফেব্ৰুৱাৰীঃ সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ আহ্বানমৰ্মে দুলীয়াজান চহৰত আঞ্চলিক ছাত্ৰ সন্থাই অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত অব্যাহত ৰাখিছে আন্দোলন।
আজি পুনৰ চহৰখনৰ পিপলতল তিনিআলিত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্হাৰ উদ্যোগত ৰূপায়িত বিক্ষোভ কাৰ্যসূচীত প্ৰতিবাদী ছাত্ৰ কৰ্মীসকলে আলু-পিঁয়াজৰ মালা পিন্ধি হাতে হাতে প্লেকাৰ্ড লৈ যোগান মন্ত্ৰীৰ অনিয়ন্ত্ৰিত কাম-কাজক ধিক্কাৰ জনায়।
এই বিক্ষোভ কাৰ্যসূচীত সক্ৰিয় অংশগ্ৰহণ কৰে ডিব্ৰুগড় জিলা আছুৰ উপদেষ্টা অনিল গগৈ, সহকাৰী সম্পাদক ভাস্কৰ্য গগৈ, সাংগঠনিক সস্পাদক দিগন্ত বৰুৱা আৰু দুলীয়াজান আছুৰ সভাপতি-সম্পাদক ক্ৰমে বুবুল তালুকদাৰ আৰু দীপাংকৰ গগৈ।