চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ দিলে ক্ষুব্ধ ছাত্র সন্থাই
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সমিতিৰ প্রতিবেদন কার্যকৰী কৰাৰ ক্ষেত্রত আইনী প্রতিবন্ধকতা আছে বুলি ড০ হিমন্ত বিশ্ব শর্মাই কৰা মন্তব্যৰ পাছত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থাই৷ সাংবিধানিক ৰক্ষাকৱচৰ ক্ষেত্রত কোনো পৰিস্থিতিতে আপোচ নকৰাৰ হুংকাৰ দি সংগঠনটোৱে ৰাজপথত তীব্র আন্দোলন গঢ়ি তেলা হ’ব বুলি ঘোষণা কৰিছে৷
এখন সংবাদ মেলত আছুৰ সভাপতি দীপাংক কুমাৰ নাথে কয়– ‘অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে বিষয়টো সম্পর্কত চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিছে৷ অসম চুক্তিৰ ৬ নম্বৰ দফাত অসমৰ মানুহক বিধায়িনী, সাংবিধানিক আৰু প্রশাসনীয় ৰক্ষাকৱচ দিয়াৰ প্রতিশ্রুতি আছে৷ ইয়াৰ আধাৰতে ৰক্ষাকৱচ প্রস্তুত কৰিবলৈ কেন্দ্রীয় চৰকাৰে এখন কমিটী গঠন কৰি দিছিল৷ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা কমিটীখনৰ অধ্যক্ষ আছিল৷ কমিটীখনত সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা, সভাপতি আৰু সাধাৰণ সম্পাদক সমন্বিতে ১৪গৰাকী সদস্য আছিল৷ ৰাজ্যখনৰ বিভিন্ন ক্ষেত্রৰ বিশিষ্ট ব্যক্তিক লৈ কমিটীখন গঠন হৈছিল৷ কেইবামাহো ধৰি কমিটীখনে অসমৰ বিভিন্ন দল আৰু ব্যক্তিৰ পৰামর্শসমূহ সংগ্রহ কৰিছিল৷ সকলো দল আৰু ব্যক্তিয়ে অসমৰ স্বার্থত ৬ নম্বৰ দফাত সন্নিৱিষ্ট তিনিওটা দিশতে সুচিন্তিত পৰামর্শ আগবঢ়াইছিল৷ সকলোৰে পৰামর্শৰ আধাৰত কমিটীখনে সকলো দিশ জুকিয়াই প্রতিবেদনখন যুগুত কৰি উলিয়াইছিল৷
এইখিনিতে উল্লেখযোগ্য যে কমিটীৰ অধ্যক্ষগৰাকীয়ে বাৰে বাৰে চেষ্টা কৰিও কেন্দ্রীয় চৰকাৰক প্রতিবেদনখন দাখিল কৰিব পৰা নাছিল৷ অৱশেষত ৰাজ্যখনৰ মুখ্যমন্ত্রীৰ হাতত প্রতিবেদনখন দাখিল কৰা হয়৷ মুখ্যমন্ত্রীয়ে আশ্বাস দিছিল যে প্রতিবেদনখন পোৱাৰ লগে লগে কেন্দ্রীয় গৃহমন্ত্রীলৈ প্রেৰণ কৰা হ’ব৷ কিন্তু আচৰিত কথা যে কেইবামাহোজুৰি প্রতিবেদনখন দিছপুৰত আছিল নে দিল্লী পাইছিল, সেই কথা অসমৰ ৰাইজৰ পৰা লুকুৱাই ৰখা হৈছিল৷ অৱশেষত কেন্দ্রীয় চৰকাৰে সংসদত স্বীকাৰ কৰিবলৈ বাধ্য হ’ল যে প্রতিবেদনখন দিছপুৰতে আছে৷ এইখিনিতে এইটো উল্লেখযোগ্য যে কেন্দ্রীয় গৃহমন্ত্রীয়ে প্রতিবেদনখন পোৱাৰ এসপ্তাহৰ ভিতৰতে এটা কমাও সলনি নকৰাকৈ কার্যকৰণ আৰম্ভ হ’ব বুলি প্রতিশ্রুতি দিছিল৷ কালি অসম চৰকাৰে যি মন্তব্য দিছে, তাৰ জৰিয়তে সকলোৰে কথা ফুটুকাৰ ফেন বুলিহে প্রতিপন্ন হৈছে৷’
ইফালে এক বিবৃতিত ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই লগতে কয় যে অসম চৰকাৰে কালি প্রতিবেদনখন সম্পর্কত কৰা মন্তব্যই মুখ্যমন্ত্রীৰ চূড়ান্ত দায়িত্বজ্ঞানহীনতাৰ পৰিচয় দিলে৷ মুখ্যমন্ত্রীয়ে প্রতিবেদনখন দিল্লীৰ ৰঙা চকুৰ ভয়ত দিল্লীলৈ পঠিয়াবলৈ সাহসেই কৰা নাছিল৷ সেই বাবে প্রতিবেদন আজিও দিছপুৰতে পৰি থাকিব৷ মুখ্যমন্ত্রী সোণোৱালে প্রতিবেদনখন যে পঢ়িয়েই চোৱা নাই, সেই কথাই স্পষ্টভাৱে ওলাই পৰিছে৷ অসম চুক্তিৰ ৬ নম্বৰ দফাটোৰ লগত ৫ নম্বৰ দফাটোৰ সম্পর্ক আছে৷ অসমে ১৯৭১ চনলৈ বিদেশীৰ বোজা লোৱা বাবেহে সাংবিধানিক ৰক্ষাকৱচৰ দফাটো প্রতিবেদনখনত অন্তর্ভুক্ত কৰা হৈছিল৷ মুখ্যমন্ত্রী সোণোৱালে ৫ নম্বৰ দফাৰ এটা আখৰো কার্যকৰী নকৰি যোৱা ৫ বছৰে অসমৰ মানুহক অপমান কৰি আহিছে৷ প্রধানমন্ত্রী মোদীৰ ২০১৪ চনৰ ১৬ মে’ তাৰিখটো এতিয়া হাঁহিয়াতৰ পাত্র হৈছে৷ এতিয়া ৬ নম্বৰ দফাও অৱজ্ঞা কৰি অসমৰ মানুহক মুখ্যমন্ত্রী সোণোৱালে ভেঙুচালি কৰিলে৷ ৰক্ষাকৱচৰ সকলো বিষয়েই আছিল অসমৰ মানুহৰ বাবে অতি জ্বলন্ত সমস্যাৰ সমাধানৰ উপায়৷ স্বাভাৱিকতে ৰক্ষাকৱচ দিবলৈ হ’লে বর্তমানৰ সংবিধানৰ কিছু সালসলনিৰ প্রয়োজন হ’ব৷ কোনবোৰ কথা সালসলনি কৰিব লাগিব, সেই বিষয়ে প্রতিবেদনত বিস্তৃতভাৱে কমিটীখনৰ লগত জড়িত অৱসৰপ্রাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শর্মা, অসম আৰু অৰুণাচল প্রদেশৰ মহাধিবক্তা দুগৰাকীয়েই বিতংভাৱে উল্লেখ কৰি থৈছে৷
মুখ্যমন্ত্রী সোণোৱালে এই সাধাৰণ কথাখিনি পঢ়িও চোৱা নাই আৰু সেয়েহে নাজনেও৷ মুখ্যমন্ত্রী সোণোৱালে নিজে নিৰাপদ দূৰত্বত থাকি আনক প্রতিবেদনখনক ইতিকিং কৰিবলৈ নিযুক্ত কৰিছে৷ ইয়াৰ জৰিয়তে মুখ্যমন্ত্রী সোণোৱালে নিজৰ অজ্ঞতা, অদক্ষতা আৰু পলায়নবাদী মনোভাব প্রকাশ কৰিছে৷ মুখ্যমন্ত্রী সোণোৱালক সদৌ অসম ছাত্র সন্থাই ৰক্ষাকৱচ সন্দর্ভত এনে অপমানসূচক মন্তব্যৰ বাবে কেতিয়াও ক্ষমা নকৰে৷