নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুনৰ নিজৰ ম’বাইল নম্বৰ দিলে মন্ত্রী ড০ শর্মাই প্রিয় নেতাক মাজুলীত ৰাস চাবলৈ আমন্ত্রণ জনালে ‘ভাগিন’ অনুগামীয়ে

ড০ শর্মাক বুলেট বিচাৰি যুৱকৰ আবদাৰ–ভাত খোৱাৰ দিলে নিমন্ত্রণ

নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ একপ্রকাৰ ৰাজ্যৰ কিশোৰ–যুৱকসকলৰ হার্টথ্র’ব হৈ পৰা মৰমৰ মামা ড০ হিমন্ত বিশ্ব শর্মাক বৃহস্পতিবাৰে কাষতে পাই উৎফুল্লিত হৈ পৰিল মাজুলীৰ বহু কিশোৰ–যুৱক৷ যোৰহাট–মাজুলী সংযোগী দলঙৰ শুভাৰম্ভ কার্যসূচীত অংশ লোৱা মন্ত্রী ড০ শর্মাক অন্তৰংগভাৱে পাই এক দীঘলীয়া পদযাত্রাত অংশ ল’লে মাজুলীৰ একাংশ কিশোৰ–যুৱক ‘ভাগিন’ৰ দলে৷ এই পদযাত্রাৰ সময়ত মাজুলীৰ যুৱকসকলৰ সৈতে মন্ত্রী ড০ শর্মাৰ অন্তৰংগ আলাপ, ‘ভাগিন’ৰ আবদাৰ–ভিযোগ– কাৰোবাক বুলেট লাগে, কাৰোবাক ক্রিকেট ষ্টেডিয়াম লাগে, বহুতৰ আকৌ মামাই মাজুলীত চাইকেল ৰেলী, পদযাত্রা কৰাৰ আবদাৰ৷

ড০ শর্মাই পদযাত্রাৰ সময়ত সকলো আবদাৰ–অভিযোগৰ অকৃত্রিম উত্তৰ দি গ’ল স্বাভাৱিক ৰূপত৷ চাইকেল ৰেলী কৰিম, ক্রিকেট ষ্টেডিয়ামো হ’ব মাজুলীত– যেন মামাই সকলো আবদাৰ মানি লৈছে মৰমৰ ‘ভাগিন’সকলৰ৷ আনন্দমধুৰ বার্তালাপৰ মাজতেই ড০ শর্মাৰ বক্তব্য– ‘তহঁতৰ লগত একেলগে মই আহি এসাঁজ ভাত খাম৷’

মামাৰ এই বক্তব্যত উৎফুল্লিত হৈ উঠে অকৃত্রিম মৰমেৰে আপ্লুত ‘ভাগিন’সকল৷ বহুকেইজনক আকৌ ড০ শর্মাই নিজ গৃহলৈও আমন্ত্রণ জনালে৷ ঘৰত আহি ভাত খাবলৈও ক’লে, ফোন নম্বৰো দিলে৷ মৰমৰ ‘ভাগিন’সকলে মামাক মাজুলীত ৰাস চাবলৈ আমন্ত্রণ জনালে৷ মামাৰ সঁহাৰিও আছিল ইতিবাচক৷ ৰাসত মামাক পাবলৈ যেন উৎসাহী মাজুলীৰ কিশোৰ–যুৱকসকল৷ খোজকঢ়াৰ মাজতে এই ৰসাল আড্ডাৰ মাজতে বহুতে আকৌ ছেলফি উঠিছে প্রিয় মামাৰ সৈতে৷ মামা সম্বোধনেৰে বহুজনে বুলেট বিচাৰি আবদাৰ কৰিছে৷ মামাৰো ইতিবাচক সঁহাৰি– বুলেট পাবি সকলোৱে৷ লাইচেঞ্চবোৰ যোগাৰ কৰ৷

ইফালে ড০ শর্মাৰ এই পদযাত্রাৰ মাজতে পথৰ দুয়োকাষে ৰৈ থকা অনুগামী যুৱতী–মহিলা একাংশকো মাত দিলে মন্ত্রীগৰাকীয়ে৷ পৰিয়ালৰ ভাল–বেয়াৰ খবৰ ল’লে৷ মামাৰ সৈতে এনেদৰে আন্তৰিক মত বিনিময় কৰি আপ্লুত মাজুলীৰ নিভাঁজ অন্তৰৰ একাংশ কিশোৰ–যুৱক৷ ড০ শর্মাৰ এনে পদযাত্রাই মন মুহিলে মাজুলীৰ জনতাৰ৷ লগতে এই পদযাত্রা স্মৃতি হৈ ৰ’ল নদীদ্বীপটোৰ কিশোৰ–যুৱক, ‘ভাগিন’সকলৰ বাবেও৷

You might also like