বন্যার্তৰ ৰোষত উত্তৰ অভয়াপুৰীৰ বিধায়ক আব্দুল হাই নাগৰি
নিয়মীয়া বাৰ্তা, ২০ জুলাইঃ বঙাইগাঁৱৰ নাম্বাৰপাৰাত কালি বানাক্রান্তৰ ক্ষোভৰ বলি হ’ল বিধায়ক আব্দুল হাইনাগৰি৷ উত্তৰ অভয়াপুৰী বিধানসভা সমষ্টিৰ বিধায়ক হাইনাগৰিয়ে বানপীডিতৰ খবৰ নোলোৱাৰ অভিযোগ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে একাংশ বানাক্রান্তই৷ বানপানীত ককবকাই থকা নিজ সমষ্টিবাসীৰ প্রতি পিঠি দিয়া বিধায়ক আব্দুল হাইনাগৰিয়ে বৰপেটা লোকসভাৰ সাংসদ আব্দুল খালেকৰ সৈতে হঠাতে বান পৰিস্থিতি পৰিদর্শন কৰাৰ বাবে উপস্থিত হয়৷ বিভিন্ন স্থান পৰিদর্শন কৰি নাম্বাৰপাৰা–গোলাপাৰা থকা মানাহ নৈৰ দলঙৰ কাষত উপস্থিত হোৱাৰ সময়তে বিধায়ক হাইনাগৰিক প্রত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰে একাংশ বানাক্রান্ত৷
পূর্বৰ পৰা বানাক্রান্তৰ খা–খবৰ নোলোৱা হাইনাগৰিৰ বিৰুদ্ধে মুর্দাবাদ ধ্বনি দিবলৈ আৰম্ভ কৰে একাংশ লোকে৷ ক্ষুব্ধ বানাক্রান্তই বিধায়কজনৰ বিৰুদ্ধে শ্লোগান দিয়েই ক্ষান্ত নাথাকি হতাহতিতো লিপ্ত হয়৷ ইয়াৰ পাছতে বঙাইগাঁও জিলা পৰিষদৰ সদস্য তথা কংগ্রেছী নেতাসহ বিধায়কৰ একাংশ সংগোপাংগই মুর্দাবাদ ধ্বনি দিয়া বানাক্রান্তক আক্রমণৰ লক্ষ্য কৰি লয় ৷ কংগ্রেছী বিধায়কজনৰ সাংগোপাংগই লাঠী আদি লৈ বানাক্রান্তক প্রহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে৷ পাছত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰি সাংসদ–বিধায়কসহ দলটোক পঠিয়াই দিবলৈ সক্ষম হয়৷