আদৰ্শ বাহাদুৰ গাঁৱৰ বজাৰ তিনিআলিৰ পথ দুৰ্ঘটনাত এজনৰ মৃত্যু; আনজন আহত
নিয়মীয়া বাৰ্তা, ২০ ছেপ্টেম্বৰ: ওৰাং -ৰূপা পথত লামাবাৰী ভিচিডিচিৰ আদৰ্শ বাহাদুৰ গাওঁৰ বজাৰ তিনিআলিৰ কেঁকুৰীত এক পথ দুৰ্ঘটনাত বাইক চালকৰ থিতাতে মৃত্যু আৰু বাইক আৰোহী জনক সংকটজনক অৱস্থাত তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ চিকিৎসালৈ প্ৰেৰণ কৰে । ১৯ ছেপ্তেম্বৰ সোমবাৰে আবেলি ৪:০০ মান বজাত ওৰাং – ৰূপা পথত আদৰ্শ বাহাদুৰ গাওঁৰ বজাৰ তিনিআলিৰ কেঁকুৰিত উত্তৰ দিশৰ পৰা আহি থকা AS-27-A-1282 নম্বৰৰ টি ভি এচ মটৰ চাইকেল আৰু একে দিশৰ পৰা অহা ফিলিপ কাটৰ মাল কঢ়িওৱা AS-01-MC-1399 নম্বৰৰ কন্টেনাৰ গাড়ীখনক অভাৰটেক কৰোতে মটৰ চাইকেলখন কন্টেনাৰ গাড়ীখনৰ পিছ ফালৰ পৰা খুন্দা লাগে । লগে লগে মটৰ চাইকেলখনৰ চালক পিউছ এক্কা (১৮) ঘটনাস্থলীতেই মৃত্যু হয় আৰু মটৰ চাইকেল আৰোহী মনোজ ৰাজপুতক সংকটজনক অৱস্থাত টি এম চিলৈ প্ৰেৰণ কৰে | ঘটনাস্থলীত মাজবাট আৰক্ষী উপস্থিত হৈ ফিলিপ কাটৰ কন্টেনাৰ বাহনখনৰ লগতে পিউছ এক্কাৰ মৃতদেহ মাজবাট থানালৈ লৈ আনে। নিশাটো মাজবাট থানা পাখি আজি দিনত ১০ বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। মৰণোত্তৰ পৰীক্ষাৰ অন্তত মৃতদেহ পৰিয়ালক গতাই দিব । লামাবাৰী চাহবাগিছাৰ তিনি নম্বৰ লাইনৰ নিৱাসী পিতৃ প্ৰয়াত মনুল এক্কা আৰু মাতৃ দুলাৰী এক্কাৰ পুত্র ইউছ এক্কাৰ অকাল বিয়োগত লামাবাৰী চাহবাগিছাত শোকৰ ছাঁ পৰে ।