নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত পথ দুৰ্ঘটনা, পুখুৰীত বাগৰা ট্ৰাকত পানীৰ মাজত আবদ্ধ হেণ্ডিমেন

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ আজি পুৱাৰ ভাগত ৰূপহীহাটত দুৰ্ঘটনাগ্ৰস্ত হয় এখন কয়লাভৰ্তি ট্ৰাক। নিয়ন্ত্ৰণ হেৰুৱাই পুখুৰীত বাগৰি পৰে কয়লাভৰ্তি ট্ৰাকখন। এ এছ-০১ জি চি-৮৪৭৭ নম্বৰৰ ট্ৰাকখন নিশা ঔআনাস্থিত এম এম ইটাভাটাত ৰখাই থোৱাৰ পিছত পুৱা গন্তব্যস্থল অভিমুখে আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয়।

ট্ৰাকৰ গাড়ীচালকজনে মুহূতৰ্তে জঁপিয়াই প্ৰাণৰক্ষা কৰে আৰু অতি কৌশলেৰে পলায়ন কৰে | কিন্তু হেণ্ডিমেনগৰাকীক খিৰিকীয়ে ভৰিৰ ফালে হেঁচা মাৰি ধৰাৰ ফলত উদ্ধাৰ কৰিব পৰা হোৱা নাছিল যদিও বহু সময় প্ৰচণ্ড ঠাণ্ডাত বুকুলৈকে পানীৰ মাজত থকা হেণ্ডিমেনগৰাকীক ৰাইজ আৰু আৰক্ষীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ গুৰুতৰভাৱে আহত হেণ্ডিমেনজনক ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত প্ৰেৰণ কৰা হয়।

You might also like