নিয়মীয়া বাৰ্তা ১ ফেব্ৰুৱাৰী- মাৰ্ঘেৰিটাত আজি সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। ফলত থিতাতে নিহত হয় এগৰাকী বাইক আৰোহী। আজি সন্ধিয়া তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত ডিহিং চাহ বাগিচাৰ সমিপৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন লোকৰ থিতাতে মৃত্যু হয়।
ডিগবৈ ২নং বৰবিল নিৱাসী চন্দন দত্তৰ পুত্ৰ সুমন দত্তৰ পথ দুৰ্ঘটনাটোত মৃত্যু হয়। মাৰ্ঘেৰিটাৰ দিশৰ পৰা ডিগবৈ অভিমুখে এ এছ-২৩এন-০৫১৬ নম্বৰ এখন মটৰচাইকেলেৰে গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ বেগত আহি থকা এখন ৰঙা ৰঙৰ সৰু গাড়ীয়ে প্ৰচণ্ড জোৰে খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনা সংঘটিত কৰিয়ে বাহনখনে পলায়ন কৰে।
স্থানীয় ৰাইজ আৰু মাৰ্ঘেৰিটা আৰক্ষীয়ে সুমনক ততাতৈয়াকে মাৰ্ঘেৰিটা অসামৰিক চিকিৎসালয়লৈ লৈ যায় যদিও মৃত ঘোষণা কৰে চিকিৎসকে। ইতিমধ্যে মাৰ্ঘেৰিটা আৰক্ষীয়ে এই দুৰ্ঘটনাৰ তদন্ত আৰম্ভ কৰিছে। পুৱাৰে পৰা মাৰ্ঘেৰিটাত বৰষুণ দি থকাৰ লগতে দুৰ্ঘটনা সংঘটিত হোৱা অঞ্চলত কুঁৱলী থকাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’ল বুলি ধাৰণা কৰিছে প্ৰত্যক্ষদৰ্শীসকলে।
আনহাতে দুৰ্ঘটনা সংঘটিত কৰা ৰঙা ৰং গাড়ীখনৰ সন্মুখৰ ভাগৰ এটা অংশ ভাঙি পৰি যায়। স্থানীয় ৰাইজে কয় এনে গাড়ীৰ সন্ধানত অভিযান আৰম্ভ কৰিলে আৰক্ষীয়ে নিশ্চিতভাৱে দুৰ্ঘটনা সংঘটিত কৰা গাড়ী আৰু চালক আটক কৰিবলৈ সক্ষম হ’ব।