নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্তৰ দাবীত কংগ্রেছৰ উত্তাল প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৪ নবেম্বৰঃ কাকপথাৰৰ জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ চি বি আই তদন্ত আৰু দোষীক উপযুক্ত শাস্তি প্রদানৰ দাবীত অসম প্রদেশ কংগ্রেছ কমিটীয়ে  মহানগৰীৰ উলুবাৰীত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷  দিনৰ ১১ বজাৰ পৰা প্রদেশ কংগ্রেছ কমিটীয়ে দলৰ গুৱাহাটী মহানগৰ জিলা কংগ্রেছ কমিটী, যুৱ কংগ্রেছ, মহিলা কংগ্রেছ, এন এছ ইউ আই, সেৱা দল আৰু ইয়ং ব্রিগেডৰ সহযোগত উলুবাৰীৰ উৰণীয়া সেতুৰ তলৰ পৰা সমদল কৰি অসম আৰক্ষীৰ মুখ্য কার্যালয় ঘেৰাও কার্যসূচী ৰূপায়ণৰ বাবে অগ্রসৰ হয়৷ প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাৰ নেতৃত্বত প্রতিবাদকাৰীসকলে আৰক্ষীৰ মুখ্য কার্যালয় অভিমুখে যাত্রা কৰিবলৈ লওঁতে আৰক্ষীয়ে বাধা প্রদান কৰে৷

প্রতিবাদকাৰীসকলে সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ বিচাৰ লাগে, বিজেপি গ’ বেক, সাংবদিকৰ ওপৰত অত্যাচাৰ বন্ধ কৰক, সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক, দোষীক শীঘ্রেই গ্রেপ্তাৰ কৰক, সাংবাদিকক নিৰাপত্তা প্রদানত চৰকাৰ ব্যর্থ হৈছে শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে৷ প্রতিবাদস্থলীত প্রদেশ কংগ্রেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাই কয়– ‘বিজেপি চৰকাৰৰ দিনত সাংবাদিকৰ ওপৰত অত্যাচাৰ চলিছে৷ এই চৰকাৰ ফেচীবাদী চৰকাৰ৷ সাংবাদিকৰ ওপৰত চৰকাৰে নির্যাতন বন্ধ কৰক৷ নির্ভীক সাংবাদিক পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ ঘটনাৰ এক উচ্চ পর্যায়ৰ তদন্ত হ’ব লাগে৷’ প্রতিবাদস্থলীত প্রদেশ কংগ্রেছৰ নেতা মানস বৰাই সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰে৷ বিজেপি চৰকাৰৰ দিনত সাংবাদিক হত্যাৰ ঘটনা বৃদ্ধি পোৱা বুলি উল্লেখ কৰি মানস বৰাই কয়– পৰাগ ভূঞাৰ ওপৰত হোৱা আক্রমণ গণতন্ত্রৰ চতুর্থ স্তম্ভৰ ওপৰত আক্রমণ৷ বিজেপি চৰকাৰে সাংবাদিকৰ মুক্ত কণ্ঠক দমন কৰিব বিচাৰিছে৷ আমি ইয়াৰ তীব্র গৰিহণা দিছোঁ৷ এইটো এটা পৰিকল্পিত হত্যাকাণ্ড৷

মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ ঘনিষ্ঠ ব্যক্তিৰ বিৰুদ্ধে বাতৰি প্রচাৰ কৰা বাবেই সাংবাদিক ভূঞাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছে৷ এই ঘটনাৰ আঁৰত মুখ্যমন্ত্রীৰ হাত আছে৷ চৰকাৰ যেতিয়া দুর্নীতিগ্রস্ত হয় আৰু সেই দুর্নীতি সাংবাদিকে উদঙাই দিলে, চৰকাৰ পৰিচালনাৰ দায়িত্বত থকাসকলে ভয় কৰে৷ সেয়ে চৰকাৰে দমন নীতি লৈছে৷ এই ঘটনাৰ উচ্চ পর্যায়ৰ তদন্ত হ’ব লাগে৷ চৰকাৰে পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ ঘটনা ভেদ কৰিবলৈ চি বি আই তদন্ত দিব লাগে৷ আমি পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ ঘটনাৰ চি বি আই তদন্ত দাবী কৰিছোঁ৷ প্রদেশ কংগ্রেছৰ প্রতিবাদকাৰীসকলে চৰকাৰবিৰোধী শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলাত আৰক্ষীয়ে আটক কৰি বাছত উঠাই নিয়ে৷

ইফালে, জ্যেষ্ঠ সাংবাদিক পৰাগ ভূঞাৰ ৰহস্যজনক দুর্ঘটনাৰ (সন্দেহজনক হত্যা) নিৰপেক্ষ তদন্ত আৰু ক্ষিপ্র তদন্তৰ লগতে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীত আজি প্রতিদিন টাইমৰ সাংবাদিকসকলে উলুবাৰীস্থিত মুখ্য কার্যালয়ৰ সন্মুখত অৱস্থান ধর্মঘট কার্যসূচী পালন কৰে৷ প্রতিবাদকাৰী সাংবাদিকসকলে পৰাগ ভূঞাৰ ৰহস্যজনক মৃত্যুৰ আমাক ন্যায় লাগিবই, সাংবাদিকৰ নিৰাপত্তা সুনিশ্চিত কৰক আদি শ্লোগান দিয়ে৷ সাংবাদিকসকলে ক’লা বেজ পৰিধান কৰি পৰাগ ভূঞাৰ সন্দেহজনক মৃত্যুৰ ঘটনাৰ দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ দাবীত প্রতিবাদ সাব্যস্ত কৰে৷

You might also like