বিশ্বনাথত প্ৰশাসনে বন্ধ কৰিলে দৈনিক বজাৰ
নিয়মীয়া বাৰ্তা, ২১ জুনঃ বিশ্বনাথ জিলাৰ উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ অধ্যক্ষ প্ৰণৱ কুমাৰ শৰ্মাই জিলাখনত দিনকদিনে ক’ভিড পৰিস্থিতিৰ অৱনতি ঘটাৰ পৰিপ্ৰেক্ষিতত আৰু জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি অহা ২২ জুনৰ পৰা বলবৎ হোৱাকৈ নিৰ্দেশ নং বি ডি এম ( ডি ডি এম এ ) 05/2020/Pt/51 যোগেদি বিশ্বনাথ চাৰিআলি দৈনিক বজাৰ আৰু কমাৰগাঁওস্থিত বৌ বজাৰৰ বন্ধ ঘোষণা কৰিছে।
পুণৰ নিৰ্দেশ জাৰি নকৰালৈকে এই ব্যৱস্থা বাহাল থাকিব। আনহাতে, এই নিৰ্দেশ ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলিও তেওঁ সদৰী কৰিছে।