নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আৰু চাৰি কার্যবাহীৰ শপতগ্রহণ

সন্ত্রাসবাদতকৈ অধিক ভয়ংকৰ দুর্নীতিঃ প্রমোদ বড়ো

নিয়মীয়া বাৰ্তা ১৯ ডিচেম্বৰঃ পৃথিৱীত এতিয়া ডাঙৰ সমস্যা সন্ত্রাসবাদ বা গুলী–বাৰুদ নহয়, ডাঙৰ সমস্যা হ’ল দুর্নীতি৷ বহু বছৰ ধৰি বিটিচিত দুর্নীতি সংঘটিত হৈ আহিছে, আমি সকলোৱে মিলি দুর্নীতিমুক্ত বিটিআৰ গঠন কৰিব লাগিব৷ শেষ পর্যায়লৈকে যাতে হিতাধিকাৰীয়ে চৰকাৰৰ সা–সুবিধা লাভ কৰে, তাৰ ওপৰত গুৰুত্ব দিব লাগিব৷ –এই মন্তব্য বিটিচিৰ মুখ্য কার্যবাহী প্রমোদ বডোৰ৷ আজি বিটিচি বিধান পৰিষদত চাৰি কার্যবাহী সদস্যৰ শপত গ্রহণ অনুষ্ঠানত উপস্থিত থাকি উক্ত মন্তব্য দিয়ে প্রমোদ বডোৱে৷ নামনি অসমৰ আয়ুক্ত সচিব ৰাজেশ প্রসাদে বিটিচিৰ প্রটেম অধ্যক্ষ হিচাপে নির্বাচিত হোৱা তথা বাগানপাৰা সমষ্টিৰ পৰা জয়লাভ কৰা কাতিৰাম বডো, ৭নং ফকিৰাগ্রাম সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ অৰূপ কুমাৰ দে’, ২৯নং শুক্লাই ছেৰফাং সমষ্টিৰ পৰা জয়লাভ কৰা বিজেপিৰ ৰণেন্দ্র নার্জাৰী, ১৪নং চিৰাংদুৱাৰ সমষ্টিৰ পৰা জয়লাভ কৰা ইউপিপিএলৰ ৰঞ্জিত কুমাৰ বসুমতাৰী ওৰফে বি আৰ ফেৰেংগা আৰু ৬নং কচুগাঁও সমষ্টিৰ পৰা জয়লাভ কৰা ইউপিপিএলৰ উকিল মুছাহাৰীক আজি কার্যবাহী সদস্য হিচাপে গোপনীয়তাৰ শপতবাক্য পাঠ কৰায়৷ বিটিচি বিধান পৰিষদীয় ভৱনৰ প্রেক্ষাগৃহত অনুষ্ঠিত শপত গ্রহণ অনুষ্ঠানত বিটিচিৰ উপ–মুখ্য কার্যবাহী গোবিন্দ বসুমতাৰী, বিটিচিৰ নৱনির্বাচিত কার্যবাহী সদস্যসকল, কোকৰাঝাৰ লোকসভাৰ সাংসদ নৱ কুমাৰ শৰণীয়া, ৰাজ্যসভাৰ প্রাক্তন সাংসদ উর্খাও গৌৰা ব্রহ্ম, এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইছলাৰী আদিকে ধৰি আন বহু বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ লগতে বিজেপি–ইউপিপিএল–জিএ কর্মী–সমর্থক উপস্থিত থাকে৷

You might also like