বিজেপিৰ দখলত থকা বিশ্বনাথো লাগে অগপক
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত অগপই বিচৰা ধৰণে ৪০টা সমষ্টি বিজেপিয়ে এৰি নিদিয়ে বুলি নেডাৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্পষ্ট কৰি দিয়াৰ পাছতো অগপই বর্তমানৰ দখলত থকা সমষ্টিৰ লগতে বিজেপিৰ দখলত থকা সমষ্টি বিচৰাৰ দাবী অব্যাহত আছে৷ এইবাৰ বিজেপিৰ দখলত থকা বিশ্বনাথ সমষ্টি বিচাৰিছে অগপৰ সাধাৰণ সম্পাদক তথা প্রাক্তন মন্ত্রী প্রবীণ হাজৰিকাই৷
এই সম্পর্কত হাজৰিকাই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে অগপক গিলি পেলোৱা বুলি ভাবিছিল৷ তেওঁলোকে ভাবিছিল অগপত কোনো মানুহ নাই৷ কিন্তু তিনি–চাৰি দিনৰ ভিতৰতে বিশ্বনাথত ১০–১২ হাজাৰ মানুহ গোট খুৱাই জাতীয় ঐক্য সন্মিলন পাতি দেখুৱাই দিলোঁ– আমিও শক্তিশালী৷ সমষ্টিটোৰ বর্তমানৰ বিজেপি বিধায়কগৰাকীক যিদৰে দলে গ্রীন ছিগনেল দিছে, সেইদৰে অগপয়ো তেওঁক গ্রীন ছিগনেল দিছে৷ তেওঁ আৰু কয় যে যোৱাবাৰ তেওঁ মিত্রতাৰ স্বার্থত ত্যাগ কৰছিল, এইবাৰ সেই ত্যাগৰ বিনিময়ত তেওঁক বিশ্বনাথত টিকট লাগিবই৷ অগপ নেতা হাজৰিকাৰ এই ভাষ্যই তেওঁ যে আসন্ন বিধানসভা নির্বাচনত বিশ্বনাথত হাতীৰ প্রতীকত অৱতীর্ণ হ’ব, সেয়া স্পষ্ট হৈ পৰিছে৷
অৱশ্যে সমষ্টিটোত যদি বিজেপিয়ে প্রার্থিত্ব দিয়ে, তেতিয়াহ’লে মন্ত্রী ড০ শর্মাই কালি কোৱাৰ দৰে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতা হ’ব৷ এনে বন্ধুত্বমূলক প্রতিদ্বন্দ্বিতাই শেষ মুহূর্তত কাক উপকৃত কৰে, সেয়া সময়তহে ক’ব পৰা যাব৷ অৱশ্যে অকল বিশ্বনাথেই নহয়, বর্তমান বিজেপিৰ দখলত থকা বিলাসীপাৰা পূব, পলাশবাৰী, হাজো, ঢ়কুৱাখনা, খুমটাই, চাবুৱা, শদিয়া, টিংখং আদিকে ধৰি বহু সমষ্টিত অগপই প্রার্থিত্ব দিয়াৰ চিন্তা–চর্চা কৰি আছে৷
বিজেপিৰে আসন বুজাবুজিৰ সময়ত এই বিষয়টো কেনেদৰে নিষ্পত্তি কৰে, সেয়া সময়তহে ক’ব পৰা যাব৷ অগপৰ এনে তৎপৰতা সম্পর্কত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে কয় যে অগপই ৪০টা সমষ্টিত প্রার্থিত্ব দিব বুলি সংবাদ মাধ্যমত প্রকাশ পাই আহিছে যদিও আনুষ্ঠানিকভাৱে এই মুহূর্তলৈ অগপই একো জনোৱা নাই৷ ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে তেওঁৰ সৈতে অগপৰ সভাপতি অতুল বৰাৰ কোনো আলোচনা হোৱা নাই৷ দলৰ ৰাষ্ট্রীয় নেতৃত্বৰেও এই মুহূর্তলৈ বিষয়টোক লৈ আলোচনা হোৱা নাই৷