নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজেপি নহয়, বিপিএফক ভোট দিব চিৰাং কোকৰাঝাৰৰ অগপই

নিয়মীয়া বাৰ্তা, ৫ ডিচেম্বৰঃ বিটিচি নির্বাচনক কেন্দ্র কৰি শাসকীয় মিত্রজোঁটৰ মাজত বাৰুকৈয়ে আউল লাগিছে৷ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিপিএফ ৰাজ্য চৰকাৰৰ অংশীদাৰ হৈ থাকিলেও বিটিচিৰ নির্বাচনত এতিয়া সমুখসমৰত অৱতীর্ণ হৈছে বিজেপি আৰু বিপিএফ৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু হাগ্রামা মহিলাৰীৰ মাজৰ বাক্যুদ্ধই উত্তপ্ত কৰি তুলিছে বিটিএডিৰ ৰাজনীতি৷ পৰিষদীয় নির্বাচনটোত আঞ্চলিক দল অসম গণ পৰিষদৰ বিশেষ ভূমিকা নাথাকিলেও দলটোৰ শেহতীয়া স্থিতি ৰহস্যজনক বিবেচিত হৈছে৷ এহাতে, দলটোৰ তিনিগৰাকী নেতাই বিজেপি নেতৃত্বাধীন চৰকাৰত মন্ত্রিত্ব উপভোগ কৰি আছে, আনহাতে বিটিএডিৰ দুখন জিলাত অগপই হাগ্রামা মহিলাৰীৰ প্রতি মুকলি সমর্থন ব্যক্ত কৰিছে৷

অগপৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি জাকিৰ হুছেইনে  এক বিবৃতিৰ জৰিয়তে বি পি এফলৈ সমর্থন আগবঢ়াই কয়, ‘অসম গণ পৰিষদৰ কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ তৰফৰ পৰা স্পষ্ট কৰিব বিচাৰোঁ যে অহা ৭ আৰু ১০ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া বড়োলেণ্ড পৰিষদীয় নির্বাচনত অগপ দলে মিত্রতাসাপেক্ষে বিপিএফৰ পক্ষত ভোটদান কৰিব৷ মিত্রজোঁটৰ সদস্য হ’লেও পৰিষদীয় নির্বাচনত অগপই বিজেপিৰ পক্ষে ভোটদান নকৰে৷ লগতে অগপৰ সকলো স্তৰৰ কর্মী আৰু সমর্থক ৰাইজক বিপিএফৰ নাঙলৰ চিনত ভোটদান সাব্যস্ত কৰিবলৈ কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনোৱা হ’ল৷’

বিবৃতিটোত লগতে কোৱা হয় যে সাম্প্রতিক ৰাজনৈতিক পৰিৱেশৰ প্রতি লক্ষ্য ৰাখি অজনজাতীয় লোকক চৰকাৰী ভূমিৰ পৰা বিতাড়িত কৰিব খোজা বিটিআৰ চুক্তিত স্বাক্ষৰকাৰী বিজেপি আৰু ইউ পি পি এল দলৰ হাতত ক্ষমতা তুলি নিদিবলৈ অগপই বিটিএডিৰ ৰাইজক আহ্বান জনাইছে৷ উল্লেখ্য যে দিছপুৰত বিজেপি নেতৃত্বাধীন মিত্রজোঁট চৰকাৰত অগপ আৰু বিপিএফৰ তিনিগৰাকীকৈ মন্ত্রী আছে৷ কিন্তু তাৰ পিছতো পৰিষদীয় নির্বাচনত বিপিএফৰ মূল প্রতিদ্বন্দ্বী হৈ পৰিছে বিজেপি৷ আনকি ২০২৬ৰ বিধানসভা নির্বাচনত বিপিএফৰে মিত্রতা নাথাকে বুলিও বিজেপিয়ে মুকলিকৈ ঘোষণা কৰিছে৷

তাৰ মাজতে আন এটা মিত্রদল অগপৰ কোকৰাঝাৰ আৰু চিৰাং জিলা সমিতিয়ে বিপিএফৰ প্রতি মুকলি সমর্থন ব্যক্ত কৰা ঘটনাই মিত্রজোঁটৰ মাজত সৃষ্টি হোৱা বেমেজালি স্পষ্ট ৰূপত উদঙাই দিছে৷ অৱশ্যে অগপৰ কেন্দ্রীয় নেতৃত্বই নির্বাচনী মিত্রতাৰ অধিকাৰ জিলা সমিতিৰ নাই বুলি এক বিবৃতি দি বিষয়টোৰ পৰা গা এৰা দিয়ে৷

You might also like