পশ্চিম যোৰহাটত ‘বাকৰিত সংস্হাপন’ৰ আদৰ্শৰে সম্ভাৱনাৰ পথাৰ-বজাৰ সৃষ্টি দীপক গগৈৰ
নিয়মীয়া বাৰ্তা, ১০ জানুৱাৰীঃ যোৰহাট নগৰৰ পৰা নিলগত মেলেঙীয়াল গাঁও প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপুৰ স্হান । সেউজীয়া বাগানৰ মাজত যেন এক অপূৰ্ব ৰূপ প্ৰকৃতিৰ ।ঠাইডোখৰৰ এক উজ্জ্বল সম্ভাৱনাৰ ৰূপ দিছে স্হানীয় প্ৰকৃতিপ্ৰেমী তথা উদ্যোগী ব্যক্তি দীপক গগৈয়ে।
এয়া দুই এদিনতে সম্ভৱপৰ হোৱা নাছিল। পশ্চিম যোৰহাটৰ মেলেঙীয়াল গাঁৱৰে কনকেশ্বৰ গগৈ আৰু মিনু গগৈৰ সুপুত্ৰ দীপক গগৈৰ ঠাইডোখৰৰ প্ৰতি কিবা এটা কৰাৰ আকৰ্ষণে বাৰুকৈয়ে আমনি কৰিছিল মনত। বহুদিনৰ প্ৰচেষ্টাৰ অন্ততঃ প্ৰায় ১৫০ বিঘা মাটি এলেকা সামৰি কৰা বিভিন্ন প্ৰজাতিৰ ধান খেতিৰে জীপাল কৰে বৃহত্তৰ কৃষিভৃত্তিক সম্ভাবনাপূৰ্ণ ঠাইডোখৰ।
আধুনিক প্ৰযুক্তিবিদ্যাৰ প্ৰয়োগেৰে গুণগত মানৰ খেতি কৰে দীপক গগৈয়ে । কেইবাখনো পাৱাৰটিলাৰ, কৃষি সজুলি আৰু সৰ্বোপৰি দীপকৰ নিজ শ্ৰমেৰে উৎপাদনমুখী এক কৃষি বিপ্লৱৰ সূচনা কৰাত অঞ্চলটোৰ মহিলা বিশেষকৈ ৰোৱনী -দাৱনী আৰু যুৱকসকলৰ অৱদান উল্লেখনীয়।
শতাধিক যুৱকক আত্মনিৰ্ভৰশীলতাৰে সংস্হাপনৰ বাট দেখুৱাইছে উদ্যমী দীপক গগৈয়ে। উন্নত মানৰ শালি, লাহী, কনজহা,ৰঞ্জিতেৰে এক সুকীয়া কৃষিজীৱীৰ মাদকতা লাভ কৰি সৃষ্টি কৰিছে সম্ভাৱনাৰ এক কৃষিৰ বিশাল পথাৰ।
তদুপৰি দীপক গগৈৰ ৭০ বিঘা মাটি সামৰি কৰা বৃহৎ ফিচাৰীৰে এক মীন উদ্যোগৰো সূচনা কৰিছে। ৰৌ ,বাহু,বৰালি ,আৰি ,চিতলকে আদি শ’ল-শাল-কাৱৈৰ দৰে বনৰীয়া মাছেৰে ভৰপূৰ ফিচাৰিকেইটা।
আনহাতে ৬ বিঘা মাটিত গাহৰিৰ ফাৰ্মত পোৱা যায় উন্নত প্ৰজাতিৰ পোৱালি । গৰু গাই ,হাঁহ,কুকুৰা চিনাহাঁহ,তাৰ্কীহাঁহ,ৰাজহাঁহ পালনেৰ আদৰ্শৰে থলুৱা যুৱকক জীৱন আৰু জীৱিকাৰ সন্ধান দিবলৈ সক্ষম হৈছে দীপক গগৈয়ে।উৎপাদন আৰু উপাৰ্জনৰে আজিৰ সফল উদ্যোগীৰ সমানেই দীপক গগৈ এগৰাকী ক্ৰীড়াবিদো