নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভয়ংকৰ দুৰ্ঘটনাৰ পৰা ৰক্ষা এয়াৰ ইণ্ডিয়াৰ বিমান

নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰ : শিলচৰৰ পৰা এয়াৰ ইণ্ডিয়াৰ এখন বিমানৰে কলকাতালৈ যাত্ৰা কৰা শতাধিক যাত্ৰী কোনোপধ্যে প্ৰাণ ৰক্ষা পৰিল। বিমানখন  ভয়ংকৰ দুৰ্ঘটনাটোৰ পৰা কথমপি ৰক্ষা পৰিছে। বুধবাৰৰ দিনা পুৱা ৭:৪০ বজাত এয়াৰ ইণ্ডিয়াৰ এআই ৭৫৪ নম্বৰৰ বিমান খন শিলচৰৰ কুম্বিৰগ্ৰাম বিমানকোঠৰ পৰা কলকাতালৈ উৰা মাৰিছিল। কিন্তু মিনিটৰ ভিতৰতে বিমানখনত যান্ত্ৰিক সমস্যা দেখা দিয়ে । যান্ত্ৰিক গোলযোগ অনুভৱ কৰি পাইলটজনে কলিকতালৈ নোযোৱাকৈ বিমানখন শিলচৰলৈ ঘূৰাই লৈ আহে। বিমানখন জৰুৰীকালীন অৱস্থাত শিলচৰত অৱতৰণ কৰিছিল। সেই সময়ত বিমানখনৰ এটা চকাৰ পৰা এটা প্ৰচণ্ড ধোঁৱা ওলোৱা আৰম্ভ হৈছিল। ইয়াৰ আগতে, অগ্নি নিৰ্বাপক বাহিনী আৰু এম্বুলেন্স সতৰ্ক হৈ আছিল।

জানিব পৰা মতে, পাইলটজনৰ বুদ্ধিমত্তাৰ বাবে আৰু অগ্নি নিৰ্বাপক প্ৰচেষ্টাৰ বাবে কোনো ধৰণৰ ডাঙৰ দুৰ্ঘটনা সংঘটিত হোৱা নাই। কোনো যাত্ৰীও আঘাতপ্ৰাপ্ত হোৱা নাই। বিমানখন বৰ্তমান বিমানকোঠৰ ৰানৱেত অৱস্থান কৰিছে। ফলস্বৰূপে, শিলচৰ বিমানবন্দৰৰ অইন বিমান সমূহ আজি বাতিল কৰা হ’ব পাৰে বুলি বিমানকোঠৰ সূত্ৰটোৱে কয়। দুৰ্ঘটনাটোৰ পৰা উদ্ধাৰ হোৱা বিমানখন ইতিমধ্যে বাতিল কৰা হৈছে। এই বিমানখনৰ যাত্ৰীসকল ইতিমধ্যে শিলচৰ বিমানকোঠৰ পৰা উভতি আহিছে।

You might also like